কঙালী
যমুনা দুলু বৈশ্য,শুৱালকুছি
আগচোতালত ৰুইছোঁ
তুলসী জোপা
থাপনাতে জ্বলাইছো সন্ধিয়া ,
আশাৰ চাকিটি ।
কাতিৰ কঙালীৰ পথাৰত
উজ্বলিছে শলিতা ,
শইচৰ হেঁপাহৰ সোণোৱালী
লখিমীৰ এচেৰেঙা
কাঁচিয়লি ৰ’দ বিচাৰি ।
কাতিৰ তুলসীৰ স্পৰ্শে
গৃহত দিবহি শুদ্ধতা ,
অপশক্তি বোৰ নাশ হ’ব
নেদেখাজনে ধৰি ৰাখিব
সু-দৃষ্টিৰে আমাৰ ঘৰখনি ।
কঙালীৰ বিষাদৰ ছাঁ যাব আঁতৰি
প্ৰণয়ৰে গাঁথা
হিয়াবোৰতো সপ্তৰঙীণ হৈ
পৰিব জোনাকৰ বৰষুণ,
জ্যোতিৰে জিলিকিব আশাৰে ৰেঙনি ।