ককাঁলৰ বিষ – লুকুমা আইজনী

ককাঁলৰ বিষ 

লুকুমা আইজনী

” আপীটু অকালতে বুঢ়ী হ’ল এ ! ”

সৌ সিদিনা মা আৰু মাহীৰ লগত এনেই ফুৰিবলৈ ওলাই যোৱাৰ ছলেৰে মিক্স চাট্ খালো । পৰীক্ষাত উত্তৰ নজনা দহ বা পাঁচ নম্বৰীয়া প্ৰশ্নটোৰ উত্তৰ যেনেকৈ “চব্জী ” বনাই লিখা হয় , তেনেকৈয়ে বনোৱা মিক্স চাট খাই আহি অনুভৱ কৰিছো যে মই অকণমান অসুস্থ হ’ম ( সৰুৰ পৰা সৰু সুৰাকৈ বেমাৰত পৰি বেমাৰী উপাধি অৰ্জন কৰি থৈছো বাবে মই অকণমান অসুস্থ হোৱাৰ আগতেই গম পাই যাঁও যে মই অকণমান অসুস্থ হ’ম ।) অসুস্থ হ’ম বুলি গম পাই অলপ সাৱধানতা অৱলম্বন কৰি সবল হৈ থকাৰ বাবে ৰাতি ভাত নাখাঁও বুলি কৈয়ো ভাত খাবলৈ বহিলো । সময়ত খাই লৈ শুলো । এতিয়াহে লাগিল লেঠা । গধূলি যি খিনি খাইছো, সেইখিনিয়ে মোক শপত খোৱালে যে মই আৰু মিক্স চাট নাখাঁও । আনকি পিছদিনা মই দোকানখনক উদ্দেশ্যি এইবুলিও শপিছো যে যিখন দোকানৰ মিক্স চাট খাই মই কষ্টহে পালো সেইখন দোকানত দুদিন গ্ৰাহক কমকৈ যাব । অৰ্থাৎ দুদিন দোকানখনে লোকচান ভৰিব লাগিব । মোৰ শাও ফলিল নে নফলিল নাজানো । কিন্তু পিছদিনালৈকে মোৰ কঁকালৰ বিষটোহে বাঢ়িল । বাঢ়িল মানে এনেকৈ বাঢ়িল যে বিষতে মই কান্দিয়ে দিলো । কঁকালৰ বিষত মোৰ অৱস্থা দেখি মাহীয়ে মোক জোকালে —

 

” আপীটু অকালতে বুঢ়ী হ’ল এ ! ”

 

কঁকালৰ বিষ ! বৰ গম্ভীৰ প্ৰকৃতিৰ এই বিষটোক বেছ কিছু দিন বা বেছ কিছু বছৰ সহ্য কৰিবলগীয়া নোহোৱা সকলে নুবুজিব কঁকালৰ বিষৰ লগত আমাৰ সম্পৰ্ক কিমান গভীৰ ।

 

কঁকালৰ বিষে আমাক নিঃস্বাৰ্থভাৱে আপোন কৰি লোৱাৰ পাছত , এই বিষটোৰ লগত সহজে বিচ্ছেদ হোৱাৰ কোনো উপায় নাই ।

 

কঁকালৰ বিষৰ লগত বিচ্ছেদ কৰাটো কিছু কঠিন হ’ব বুলি অনুমান কৰিব পাৰি অৱশেষত ইয়াৰ লগত বন্ধুত্বই কৰিলো ।

 

মোৰ বাৰ্থ চাৰ্টিফিকেটৰ মতে মোৰ ওঠৰ বছৰ বয়স হ’লেও কঁকালৰ বিষৰ মতে মই সত্তৰৰ উৰ্ধৰ এগৰাকী বৃদ্ধা । পিছে যোৱা কিছু বছৰধৰি কঁকালৰ বিষৰ লগত চা- চিনাকি হৈ ভাল বন্ধুত্ব গঢ়ি উঠাৰ পিছত ভাৱিছো , কঁকালৰ বিষ — ভালবন্ধু ! সহজে এৰি নাযায় । আপোনালোকে ভাৱিছে চাগে যে মই কঁকালৰ বিষৰ আমেজ লৈ আছো ! হয় , কঁকালৰ বিষ সহ্য কৰাত এক সুকীয়া আমেজ আছে । আমি শাৰিৰীকভাৱে সহ্য কৰিব লগীয়া হোৱা আন বিষবোৰতকৈ কঁকালৰ বিষটো কিছু সুকীয়া । ই গম্ভীৰ প্ৰকৃতিৰ । বেছি হাই হুলস্থুল বেয়া পায় । সিদিনা মই অনুভৱ কৰিলো আচলতে কঁকালৰ বিষটো ফাগুনৰ মৃদু বতাহজাকৰ দৰে ; দেহ মনক এক্কেবাৰে শুবলৈ নিদিয়ে । তথাপি মাজে মাজে বৰদৈচিলাৰ দৰে উৎপাত নকৰা নহয় , কিন্তু সেয়া মাজে মাজেহে ।

 

পিছে কঁকালৰ বিষ সহ্য কৰি মোৰ বৃদ্ধা বয়সত কেনেকৈ চলিম তাকেই লৈ মই এতিয়াৰ পৰাই মহা চিন্তাত পৰিছো । প্ৰথমতে ইতো কৰিছিলো , সিটো কৰিছিলো , এই মৰবিষটো দেখোন নকমেহে নকমে । মই কি নিৰ্জীৱ নেকি ইমান যে সহ্য কৰি মৰম কৰি কৰি কঁকালৰ বিষটোক যাবলৈ কৈ থাকিম ! গতিকে ‘যাহ বাপেক্কে নিদিঁও তোক পাত্তা !’ বুলি পাত্তা নিদিয়া হ’লো ; পিছে সেইদেখি কঁকালৰ বিষে ৰৌঘৰত পৰি মোৰ ওপৰত যিহে অত্যাচাৰ চলালে সেই অত্যাচাৰত এতিয়া মই অলপ সোনকালেই আইতা হ’লো । অ’ আই ! কঁকালৰ এই বিষটোক পাত্তা দিলেও মৰণ নিদিলেও মৰণ । পাত্তা দিলে আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখনৰ বয়সটোৰ সৈতে আপোনাৰ বয়সৰ যে কোনো মিল নাই সেয়াও আপুনি বিশ্বাস কৰি ল’বলৈ বাধ্য হ’ব । আৰু পাত্তা নিদিলে এটি শিশুৱে কন্দাৰ দৰে আপুনি হয়টো কান্দিবও লাগিবও পাৰে । কিন্তু সকলো বেয়া দিশৰ ভাল দিশ এটাও থাকে হেনো ! তাকেই মই কিছুদিনৰ পৰা বিচাৰি বিচাৰি চলাথ কৰিলো ।

 

ভাল কিছু নোপোৱা নহয় পিছে । এই ধৰক আপুনি সাউৎকৰে মানুহটো পিছফাললৈ বা আগফালে হাউলিব নোৱাৰে তাৰমানে আপুনি এয়া নিশ্চিত থাকক যে আপুনি আনৰ তলতীয়া হৈ থাকিবলৈ যিখিনি শাৰীৰিক ভাৱভংগী প্ৰকাশৰ আৱশ্যক হয় সেয়া আপোনাক কাহানিও প্ৰকাশ কৰিবলৈ নিদিয়ে । কঁকালৰ বিষে একেকোবে আপোনাক চিধা কৰি দিব ।

 

ধৰি লঁওক আপুনি কৰবালৈ গৈছে , তাত চিনাকি অচিনাকি ঢেৰ মানুহ আছে । সেই মানুহবোৰক এনেই এষাৰ মাত দিবলৈ যাঁওতে আপুনি অনুভৱ কৰিছে যে আপোনাৰ কঁকালখন অলপ বেছিকৈ বিষাইছে । সেইসময়খিনিত আপোনাৰ পণ্ডচ্ পাউদাৰ হেন বগা মুখখন অলপ কলা পৰাটো একেবাৰেই স্বাভাৱিক । কঁকালখনে দেহাটোক দিয়া বেদনাত সেই মুহূৰ্তত আপোনাৰ কান্দিব মন গ’লেও মুখত কৃত্ৰিম হাঁহি এটা ওলোমাই ল’ব লাগিব । কলা পৰা বগা মুখখন আকৌ বগা পৰা কলা মুখখন কৰা ; কন্দামুৱা মুখখন হাঁহিমুখীয়া কৰা ইত্যাদি আপুনি যিমানখিনি পাৰে কৰিলে ঠিকেই , কিন্তু তাৰপিছতো আপোনাক এটা উপাধি দিয়া হ’ব । সেই উপাধিটো হ’ল — ” আপুনি অহংকাৰী । ” কিন্তু কঁকালৰ বিষতকৈ অহংকাৰী ? নাই , নাই ! কঁকালৰ বিষ ঠাকোতেই মই( আমি ) অহংকাৰী হ’ব নোৱাৰো !

 

কিন্তু কোনে বুজে !

 

গতিকে আনৰ কটু কথাবোৰ এখন কাণেৰে শুনি আনখন কাণেৰে সহজ ভাৱে উলিয়াই দিবলৈ কঁকালৰ বিষে শিকাই দিছে ।

 

দুৰ্ভাগ্যবশতঃ ( মোৰ দুৰ্ভাগ্যৰ কথা কোৱা নাই কঁকালৰ বিষৰ দুৰ্ভাগ্যৰ কথা কৈছো ) দুদিন কঁকালৰ বিষ অকণমান কমিলে আজিকালি কিবা আচহুৱা যেন লাগে । এনে লাগে যেন উশাহ নোলোৱাকৈ চলি আছো । দেহাটো এনেভাৱে পাতল অনুভৱ হয় যে এনেলাগে যেন এজাক সৰু বতাহেই একমুহূৰ্ততে উৰুৱাই নিব পাৰিব । ধৰি লঁওক মোৰ ওজন যদি পঞ্চলিচ কেজি তেন্তে সেই পঞ্চলিচ কেজি ওজনৰ পাঁচ কেজি ওজন কঁকালৰ বিষৰহে । তেন্তে এইখিনি ওজন কমিলেও কিমান যে সকাহ ! কিন্তু এই সকাহখিনিক লৈ আমি যে অভ্যস্ত নহয় । সেয়ে দুদিনৰ কাৰণে কঁকালৰ বিষটো যদি অকণমান কমেও তেতিয়াও এই বিষটোলৈ মাজে সময়ে মনত পৰে ।

 

আমাক বেছি দিনলৈ দুখ নিদিয়াৰ উদ্দেশ্যে অৱশ্যে তাৰ পিছত আকৌ আহে । ঘৰৰ প্ৰাণী ঘৰলৈ উভতি অহাৰ দৰে । দুদিনমানৰ কাৰণে খবৰ পাতি নিদিয়াকৈ নোহোৱা হৈ আকৌ যেতিয়া শৰীৰত ঠিতাপি লয়হি তেতিয়া দেহাটোৰ কষ্ট হ’লেও এয়া অনুভৱ কৰিব পাৰি যে কঁকালৰ বিষৰ আমাৰ ওপৰত একপ্ৰকাৰ অধিকাৰবোধ আছে , আৰু আমাৰ আছে কঁকালৰবিষৰ প্ৰতি এক আন্তৰিকতাবোধ ।

 

( ৰ’বচোন ! আপোনালোকে মই সঁচা কোৱা বুলি ভাৱিছে ? নাই ! নাই ! মই সঁচা কোৱা নাই । মানুহৰ মনত নিঃস্বাৰ্থ আন্তৰিকতাবোধ জন্মা ইমান সহজ নহয় ) ।

 

ন’হলেনো বিনা অনুমতিত কোনো আগজাননী নিদিয়াকৈ ফুৰিবলৈও যাব পাৰে আৰু আকৌ ঘূৰি আহি ঠিতাপিও ল’ব পাৰে । আৰু মজাৰ কথাটো হৈছে কঁকালৰ বিষটো আমাৰ যেন কলিজাৰ টুকুৰা ( কঁকালৰ বিষৰ লগত আমাৰ সম্পৰ্ক বুজাবলৈ অলপ মিছাকৈ কৈছো ) । সেইবাবেই কিজানি কঁকালৰ বিষে আমাৰ ওপৰত দাবী কৰা অধিকাৰবোধৰ বিৰূদ্ধে মাত মাতিব নোৱাৰো । আজিকালি লগত নাথাকিলে কিবা স্বয়ংসম্পুৰ্ণ যেন নলগা হৈছে । অ’ আৰু এটা মজাৰ কথা ক’বলৈ পাহৰিছিলোৱেই নহয় , আপোনালোকে কিন্তু ঈৰ্ষা নকৰিব ! নকৰে ন’? ঠিক আছে তেন্তে , কঁও শুনক — আজৰি পৰত আমাৰ বিৰক্ত হ’বলগীয়া নাই কাৰণ অনুভৱ কৰিবলৈ কঁকালৰ বিষটোতো আছেই । কথাষাৰ সৰু যেন লাগিলেও । বিৰক্তিকৰ সময়বোৰ পাৰ কৰাটো কিমান অশান্তিকৰ সেয়া আমি সকলোৱে অভিজ্ঞতা আহৰণ কৰি জানিছো । সেয়ে কৈছো — আমাৰ বিৰক্তিত অশান্তি পাবলগীয়া নাই , কঁকালৰ বিষটো আছেই নহয় , সেই বিষটোক অনুভৱ কৰিবলৈ ।

 

পিছে কঁকালৰ বিষটোৱেও আমাক ভালপায় ন’হলেনো নাযাঁও বুলি এনেকৈনো ঠেহ পাতেনে ! এনেকৈ মানে কেনেকৈ এয়া কঁকালৰ বিষ থকা সকলে ভালকৈয়ে জানিব । আপুনি যিমানেই ইয়াক খেদি পঠিয়াবলৈ চেষ্টা নকৰক কিয় , নিজৰ যাবৰ মন ন’গলে নাযায় । যোৱাটো দূৰৰে কথা ইয়াক পাহৰি যাম বুলি মাজে মাজেই নিজেই মনত পেলাই দি থাকে । এই ধৰক ৰাতিপুৱা টোপনিৰ পৰা উঠি মুখখন ধুবলৈ সন্মুখলৈ হাওলি ঠিয় হোৱাৰ পৰত টিঙিচকৈ “মই আছো” বুলি চিঞৰি দিয়ে । তাৰ পিছত আৰু কি শাৰীৰিক অসুস্থতাৰ ইমান সাহ মোৰ ( আমাৰ ) ওপৰত ৰাজত্ব কৰিবলৈ । দিনটো চলা – ফুৰা কৰি ৰাতি যেতিয়া বিচনাত দীঘল দিঁও কঁকালৰ বিষে ইমান মৰমেৰে শুভৰাত্ৰি জনায় যে কিছুমুহূৰ্তৰ বাবে মোৰ উশাহ বন্ধ হৈ যায় । ৰাতিপুৱা আকৌ একেই কাৰবাৰ । দিনটো মোৰ লগত কথা পাতক বা নাপাতক কিন্তু ৰাতিপুৱা আৰু ৰাতি মোক শুপ্ৰভাত আৰু শুভৰাত্ৰি জনাবলৈ কেতিয়াও নাপাহৰে ।

 

ধৰক , কোনো গাম্ভীৰ্য্যপুৰ্ণ অনুষ্ঠান এটাত আপুনি উপস্থিত আছে বা সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে । অনুষ্ঠানটো সুৰুচিপুৰ্ণ । কিন্তু প্ৰথমবাৰ ঠিয় হ’বলৈ শিকা শিশুৰ দৰে এই কঁকালৰ বিষটোৱেও ঠিক তেতিয়াহে আপোনাৰ শৰীৰত ঠিয় – দঙা দিব । আপুনি লাহে লাহে অনুভৱ কৰিব যে অকস্মাত আপোনাৰ কঁকালৰ বিষটো বাঢ়িছে । মাজে মাজে গোটেই শৰীৰটোত ইফালৰ পৰা সিফলে দৌৰিবলৈও আৰম্ভ কৰিছে । এইফালে আপুনি বিষতে মুখখন কোঁচাই দিবও নোৱাৰে । আপুনি কল্পনা কৰকচোন বিষতে কোঁচখোৱা আপোনাৰ মুখখন ! তাকে দেখি কোনো ব্যক্তিয়ে সুধিব আপোনাৰ কি হৈছে ! যদি কয় যে কঁকালৰ বিষ অকণমান বাঢ়িছে ( অকণমান ? নহয় বিষটো এই মুহূৰ্তত বেছিকৈ যন্ত্ৰণাদায়ক হৈ উঠিছে । ) তেন্তে সন্মুখৰ ব্যক্তিগৰাকীয়ে আমাৰ প্ৰতি দেখুৱা সহানুভূতি আমাৰ বাবে বিৰক্তিকৰ হৈ উঠে ; আৰু লগতে নিজেই ইমান যন্ত্ৰণাক সহ্য কৰি থাকিও সেই যন্ত্ৰণাৰ আভাস যাতে নিজৰ মুখমণ্ডলত ফুটি নুঠে তাৰ বাবে আমাক বেছ কিছু আত্মসংযমৰ প্ৰয়োজন হয় । সেই আত্মসংযমখিনিয়ে কঁকালৰ বিষে দিয়া যন্ত্ৰণাক হৰুৱাব লগা হোৱাটো বেছ কিছু কষ্টৰ কাম । তেনেস্থলত যদি আপোনাক সহানুভূতি দেখুৱাৰ উদ্দেশ্যে সন্মুখৰমানুহজনে নিজৰ কঁকালৰ বিষৰ বৃত্তান্ত শুনাবলৈ আৰম্ভ কৰে তেন্তে সেইসময়খিনিত ধৈৰ্য্য ধৰি আনৰ সহানুভূতি ভৰা উপদেশ শুনি থকা অৱস্থাত নিজৰ অৱস্থা শোচনীয় হয়গৈ । গতিকে নিজৰ অৱস্থা অধিক শোচনীয় হ’বলৈ দিয়াতকৈ একো যেন হোৱাই নাই তেনেধৰণে অভিনয় কৰাতহে সময়ত অভ্যস্ত হৈ উঠা যায় । সহ্য কৰিবলৈ কষ্টকৰ যদিও আমাৰ কঁকালখনহে বিষাইছে , গতিকে অসংবেদনশীল সহানুভূতি আৰু কঁকালৰ বিষ কমোৱা এসোপা উপদেশ নিদিলেও আমি সহজভাৱে চলি যাব পাৰো । বৰং বেছি সহজভাৱেহে চলি যাব পাৰো । কাৰণ অভ্যস্ত হৈ উঠাৰ পিছত কঁকালৰ বিষটো আমাৰ বাবে ” কঁকালৰ বিষহে” হয়গৈ !

 

বেছ দীৰ্ঘসময় ধৰি কঁকালৰ বিষক সহ্য কৰিবলগীয়া হ’লে সেই ব্যক্তিগৰাকীৰ সহনক্ষমতা যে বাঢ়ি যায় এয়া ধ্ৰুৱ সত্যৰ বিভাগত থ’ব পাৰি ।

 

চিকিৎসকৰ ওচৰলৈ যাব ঠিকেই । পিছে কঁকালৰ বিষ পানীলগা জ্বৰৰ দৰেটো নহয় ; যে নকমিলে ডাক্তৰৰ পৰামৰ্শ লঁওক ঔষধ খাওক আৰু সুস্থ হৈ যাঁওক । কঁকালৰ বিষৰ চিকিৎসাৰ ফলাফল ৫০/৫০ ত থাকে হয়টো ভাল হ’ব ( অকণমান ভাল হ’ব ) ; ন’হলে বেয়া হ’ব । কিন্তু কঁকালৰ বিষ ভাল হোৱাৰ কাহিনী সাধু কথাহে নেকি !

 

কঁকালৰ বিষ ! মাজে মাজে আপুনি ঠিয় হৈ অনুভৱ কৰিব যেন লোৰ এডাল ৰড কঁকালত সোমাই থোৱা আছে । অকণমান ইফাল- সিফাল হোৱা মানেই মৰণ । কিছুমান মানুহে আন ( সংবেদনশীল ) মানুহবোৰক কঠোৰ হ’বলৈ কয় । কিন্তু আমিহে জানো কঁকালৰ বিষ সহ্য কৰি আমি কিমান কঠোৰ হৈছো । কঁকালৰ বিষ সহ্য কৰোতে কৰোতে সেই বিষটোক লৈ ইমানে অভ্যস্ত হৈ যোৱা যায় যে প্ৰতিদিনে সহ্য কৰিবলগীয়া হোৱা বিষটো যেন বিষ নহয়ে । কিন্তু কেতিয়াবা এনেভাৱে যন্ত্ৰণা দিয়ে যে বিষটোৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ থাকিব নোৱাৰি । অকণমান গুৰুত্ব দিলেই আৱিষ্কাৰ কৰো যে কেৱল কঁকালখনেই নহয় গোটেই পিঠিখনেই বিষত সাৰ পাই উঠিছে বিষটো বাঢ়ি বাঢ়ি কামিহাড় পৰ্য্যন্তক খামুচি ধৰিছে ।

 

তেতিয়া বিজ্ঞান আৰু যুক্তিক পাহৰি মনলৈ প্ৰশ্ন আহে ‘ৰাজহাড়ডাল নোহোৱাকৈ চলিব পৰা নাযাব নেকি ‘?

 

তথাপি ধৈৰ্য্য ধৰিবলৈ শিকা যায় । কাৰণ ? বিভিন্ন সময়ত ব্যক্তিভেদে কাৰণবোৰ বেলেগ বেলেগ হয় । মোৰ? মোৰ কাৰণ বিৰক্তি ! আৰু এলাহ !

 

কঁকালৰ বিষকলৈ মোৰ দৃষ্টিভংগী এনেধৰণৰ —

 

এহ ! আলহী আহিছে থাকক দিয়ক । যেতিয়া যাবৰ মন যায় যাব । ন’গলে নাই । আমি একেলগে থাকিম । এনেও মই এলেহুৱা প্ৰাণী , গতিকে মই খেদিম বুলি ভয় কৰিবলগীয়া নাই ।

 

ধৰি লঁওক কিছুদিন আগত আপুনি এটা বেয়া খবৰ শুনিছিল । সেয়া অনাকাংক্ষিত । কিন্তু সকলো মানি লোৱাৰ দৰে , এই বেয়াখিনিও লাহে লাহে মানি ল’বলৈ যত্ন কৰিছিল হে ঠিক তেনেসময়তে আপুনি আকৌ এটা বেয়া খবৰ পালে । আপোনাৰ কেনেকুৱা লাগিব ? আমাৰো এনেকুৱা লাগে যেতিয়া কঁকালৰ বিষৰ লগত আঠুৰ বিষটোও বিনামূল্যে পাঁও ।

 

আৰু এটা কথা কোনো উৎসৱ – পাৰ্বন , আনন্দ- বিষাদ , ঋতুৰ মধুৰ পৰিৱৰ্তন — এইবোৰৰ প্ৰতি কঁকালৰ বিষ সম্পুৰ্ণ নিৰ্বিকাৰ । আপুনি ক’ত আছে , কি স্থিতিত আছে , কি কৰি আছে , আপোনাৰ মানসিক স্থিতি কি — এইবোৰ একোৱে যেন কঁকালৰ বিষক টলাব নোৱাৰে ।

 

সকলোৰে প্ৰতি কঁকালৰ বিষটো উদাসীন ।

 

এনে উদাসীন নিৰ্বিকাৰ যন্ত্ৰণাক সহ্য কৰিবলৈ সহনশীল ক্ষমতা নিজেই নিজেই বাঢ়ি গৈ থাকে ।

 

কঁকালৰ বিষে সিদিনা মোক কাণৰ কাষত কৈছিলে — জীৱনে তোমাৰ ওপৰত দুখ – কষ্টৰ এসোপা বোজা জাপি দিলেও , সেই সময়খিনিত ধৈৰ্য্য ধৰি দুখ কষ্টখিনিক হাঁহি মুখে সহ্য কৰিবলৈ শিকা । তোমাৰ দুখ কষ্টৰ ওজনৰ আভাস আনক পাবলৈ নিদিবা । তাৰ পিছতো তোমাৰ কৰ্তব্য কৰি যাবলৈ চেষ্টা কৰিবা ( ন’হলে জীৱন আৰু সময়ে মিলি তোমাক পিটিব ! ) কিন্তু কোনেও তোমাৰ ভাগৰ দুখ কষ্টখিনি নিজৰ কৰি ল’ব নোৱাৰে বা সকলো ঠিক কৰি দিব নোৱাৰে , সেই দুখ কষ্টৰ সময়খিনিতে সময়ৰ নিষ্ঠুৰ ৰূপ দেখিবা । আকৌ বিভিন্ন সময়ত সময়ৰ মমতাময় ৰূপ পাছত নিজেই দেখিবা । গতিকে ধৈৰ্য্য শক্তি আৰু সহ্য শক্তিৰ সাধানা কৰিবলৈ শিকি জীৱনটোক সহজভাৱে লৈ ক’বা — এহ জীৱনহে , গতিকে চলি যাব !