কংগ্ৰেছ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা নকৰাৰ ঘোষণা অশোক গেহলটৰ

Pc News18

কংগ্ৰেছ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা নকৰাৰ ঘোষণা অশোক গেহলটৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছে বুলি মন্তব্য কৰিছে। কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীৰ সৈতে হোৱা বৈঠকৰ পিছতে এই কথা প্ৰকাশ পাইছে। গেহলটে উল্লেখ কৰে যে ৰাজস্থান কংগ্ৰেছৰ বিধায়কসকলৰ বিদ্ৰোহৰ বাবে তেওঁ ছোনিয়া গান্ধীৰ ওচৰত ক্ষমা বিচাৰিছিল। ৰাজস্থানৰ মুখ্যমন্ত্ৰী হৈ থাকিব নেকি বুলি সোধাত গেহলোটে কয় যে মই সেইটো সিদ্ধান্ত নকৰো, ছোনিয়া গান্ধীয়ে সেইটো সিদ্ধান্ত ল’ব।