কংগ্ৰেছ ভাৰতত নাই পাকিস্তান-বাংলাদেশতহে আছেঃমুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- বিটিআৰ ভ্ৰমণ কাৰ্যসূচীৰ অংশ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰৰ চহৰৰ গ্রীন ফিল্ডত এখন বিশাল দলীয় কাৰ্যকৰ্তাৰ সন্মিলন সম্বোধন কৰে। আগন্তুক বিটিচি নির্বাচনলৈ দলীয় কার্যকর্তাসকলক সাজু হ’বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- আমি কাৰো বিৰুদ্ধে নির্বাচন নেখেলোঁ। আমি নির্বাচন খেলিম বিটিআৰৰ বাবে। বিটিআৰৰ উন্নতি, বিকাশ আৰু প্ৰগতিৰ বাবে আমি নির্বাচন খেলিম। ছেপ্টেম্বৰত বিটিচি নির্বাচন অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে দুর্গাপূজাৰ আগতেই আমি বিটিচি নিৰ্বাচনৰ সামৰণি মাৰিম। আগষ্ট মাহত নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হ’ব আৰু ছেপ্টেম্বৰত শেষ হ’ব। কিন্তু ছেপ্টেম্বৰত বিটিচি নির্বাচন শেষ কৰি আপোনালোক বহি থাকিব নোৱাৰিব। কাৰণ আমাৰ লক্ষ্য আমি বিটিআৰতো জিকিব লাগিব আৰু তৃতীয়বাৰৰ বাবে দিছপুৰত বিজেপিৰ চৰকাৰ গঠন কৰিব লাগিব। ছেপ্টেম্বৰলৈকে বিটিচি নির্বাচনত ব্যস্ত থাকিম। পূজা বুলি দুটামান দিন জিৰণি লোৱাৰ পাছত আমি বিধানসভা নিৰ্বাচনৰ বাবে সাজু হ’ম। মোক বহুতে সোধে যে আমি কেইটা সমষ্টিত নির্বাচন খেলিম। সেই বিষয়ে আমি সিদ্ধান্ত নলওঁ। আপোনালোকে সিদ্ধান্ত ল’ব কেইটা সমষ্টিত আমি নির্বাচন খেলিম। কিন্তু এই নির্বাচন আমি হাৰিবৰ বাবে নেখেলোঁ। আমি নির্বাচন জিকিবৰ বাবে খেলিম। আনহাতে, কংগ্ৰেছৰ দিনত বিটিআৰত অশান্তিৰ পৰিৱেশে বিৰাজ কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- ২০১৪ বর্ষত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰিলে। তাৰ আগলৈ কংগ্ৰেছৰ দিনত বিটিআৰৰ পৰিৱেশ কি আছিল? এটা দিনো পাৰ হৈ নগৈছিল, যিটো দিনত কোকৰাঝাৰত ৰাইজে বন্দুকৰ শব্দ শুনা নাছিল। এটা দিন নাছিল, যিদিনা কোকৰাঝাৰৰ ৰাইজে বোমাৰ ধামাকা শুনা নাছিল। এটা দিন নাছিল, যিদিনা কোকৰাঝাৰৰ ৰাইজে ভয়ত দিন কটাবলগীয়া হোৱা নাছিল। দীঘলীয়া সময়ত কংগ্ৰেছৰ শাসনকালত কিমান মাতৃৰ বুকু শুদা হ’ল। ২০১৪ চনত নৰেন্দ্ৰ মোদী প্রধানমন্ত্রী হোৱাৰ পাছত লাহে লাহে বিটিআৰত শান্তিৰ কাম চৰকাৰে আৰম্ভ কৰিলে। ২০২০ চনত বিটিআৰ চুক্তি স্বাক্ষৰিত হ’ল। ২০২১ চনত মই অসমত মুখ্যমন্ত্রী হ’লোঁ। মুখ্যমন্ত্রী হোৱাৰ পাছত মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ গৈছিলোঁ। দুয়োগৰাকীয়ে মোক কৈছিল যে বড়োলেণ্ডত শান্তি হ’ব লাগে। বড়োলেণ্ডত বন্দুকৰ শব্দ আৰু শুনিব নালাগে। আজি মই চাৰি বছৰ চাৰি মাহ অসমৰ মুখ্যমন্ত্ৰী হিচাপে পাৰ কৰিলোঁ। এই চাৰি বছৰত আমি এবাৰৰ বাবেও বন্দুকৰ শব্দ অথবা বোমাৰ ধামাকা শুনা নাই। বড়োলেও শান্তিৰ নতুন স্বৰ্ণভূমিলৈ ৰূপান্তৰিত হৈছে। বড়োলেণ্ডৰ মানুহে বিচাৰিছিল যে দিল্লী-দিছপুৰত এখন চৰকাৰ হওক, যিখন চৰকাৰে আমাৰ জীৱনৰ নিৰাপত্তা দিব পাৰে। যিখন চৰকাৰে বড়োলেণ্ডবাসীক একতাৰ মহামন্ত্ৰৰে সমন্বয়ৰ সাঁকো নিৰ্মাণ কৰিব পাৰে। আনহাতে, মুখ্যমন্ত্রী হিচাপে ২০০ বাৰতকৈও অধিক বড়োলেণ্ড ভ্ৰমণ কৰিছে বুলি উল্লেখ কৰি ড° শৰ্মাই এইবুলিও কয়- মোৰ আগত যিমান মুখ্যমন্ত্ৰী আছিল, তেওঁলোকে কিমানবাৰ বড়োলেগুলৈ আহিছিল মই নাজানো। কিন্তু যোৱা চাৰে চাৰি বছৰত মই ২০০ বাৰতকৈও অধিক বড়োলেগুলৈ আহিছোঁ, যাতে বড়োলেণ্ডৰ সুৰক্ষা আৰু প্ৰগতি নিশ্চিত কৰিব পাৰোঁ। আজি আমি সকলোৰে লগত কথা পাতিছোঁ। এনডিএফবিৰ ল’ৰাই বন্দুক জমা দিছে। এবছুৱে চৰকাৰৰ লগত সহযোগিতা কৰিছে। প্ৰতিটো জনগোষ্ঠীৰ ৰাইজে বড়োলেণ্ডত শান্তি প্রতিষ্ঠাৰ বাবে কাম কৰিছে। যোৱা চাৰে চাৰি বছৰত আমি বড়োলেণ্ডলৈ শান্তিৰ পৰিৱেশ ওভতাই আনিলোঁ। শান্তি আমাক এই কাৰণে লাগে, যাতে আমাৰ অঞ্চলটোৰ প্ৰগতি হয়। সকলোৱে যাতে সমান অধিকাৰ পায়, নিবনুৱাই কর্মসংস্থাপন লাভ কৰে। সেইবাবে যোৱা ৫ বছৰ আমাৰ লক্ষ্য আছিল শান্তি আৰু অহা পাঁচ বছৰত লক্ষ্য হ’ব বিটিআৰৰ প্ৰগতি। বড়োলেণ্ডৰ চাৰিওফালে এক নতুন উন্নয়নৰ পৰিৱেশ গঢ় লৈ উঠিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগতে উল্লেখ কৰে। তেওঁ উদাহৰণস্বৰূপে বড়োলেণ্ড বিশ্ববিদ্যালয়, কোকৰাঝাৰ মেডিকেল কলেজ, তামুলপুৰ মেডিকেল কলেজ, ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ দ্বিতীয়টো চৌহদৰ বিষয়েও উল্লেখ কৰে। বিটিআৰত বিজেপিয়ে অসমৰ আটাইতকৈ প্রগতিশীল অঞ্চল হিচাপে প্রতিষ্ঠা কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই এই বুলিও কয়- মই অত্যন্ত আনন্দিত যে যোৱা ৫ বছৰত বড়োলেণ্ডত আমি শান্তি প্রতিষ্ঠাৰ বাবে যি কাম কৰিলোঁ তাৰ বাবে বড়োলেণ্ডবাসীয়ে বিজেপিক আশীর্বাদ দিছে। ৫খন জিলাতেই নির্বাচন খেলিবলৈ কার্যকর্তাসকল সাজু হৈছে। ২১ জুলাইৰ পৰা মই দিনে দুটাকৈ এমচিএলএ সমষ্টিলৈ যাম। যিকেইটা সমষ্টিতে আমাৰ কাৰ্যকর্তাসকলে ক’ব যে আমি জিকিবৰ কাৰণে নির্বাচন খেলিম, তাতেই আমি প্রতিদ্বন্দ্বিতা কৰিম। দিল্লীত বিজেপি, দিছপুৰত বিজেপি আৰু কোকৰাঝাৰতো যদি আমি বিজেপিক জিকাব পাৰোঁ, তেনেহ’লে অসমখনক-বিটিআৰক বহু দূৰ আগুৱাই লৈ যাব পাৰিম। ইফালে, সভাখনত কংগ্রেছক কঠোৰ সমালোচনা কৰি তেওঁ কয় যে কংগ্রেছ এতিয়া ক’ত আছে। পাকিস্তানতহে আছে। ভাৰতত আছে জানো। কংগ্রেছ পাকিস্তানত আছে, বাংলাদেশত আছে, ভাৰতত নাই। কংগ্ৰেছৰ সভাপতিয়ে আহি কয় যে আমাৰ দিনত মুখ্যমন্ত্রী বিটিআৰলৈ নাহিছিল। বিটিআৰ বিটিআৰৰ ভাগত আছিল আৰু আমি দিছপুৰত আছিলোঁ। আমিও নাহো, তেওঁলোকেও নাযায়। মই আপোনালোকক ক’ব খোজোঁ যে মই অসমৰ মুখ্যমন্ত্রী। কোকৰাঝাৰৰ ৰাইজেও মোক ভোট দিছে। বাক্সা, তামুলপুৰ, ওদালগুৰিৰ ৰাইজেও ভোট দিছে। আমি বিচাৰোঁ বড়োলেণ্ডৰ বিধায়কেও গৈ দিছপুৰ দখল কৰক। আমাৰ কোনো আপত্তি নাই। কিন্তু আমি এনেকুৱা ৰাস্তা নকৰোঁ যে বিটিচিত বহি তোমালোকে খাই থাকা, দিছপুৰত আমি খাম। আপোনালোকেও আমাৰ ফালে নাচাব, আমিও তোমাৰ ফালে নাচাওঁ। এই ৰাজনীতিক আমি বিশ্বাস নকৰোঁ। আমাৰ কথা হ’ল বিটিআৰতো নাখাবা, দিছপুৰতো নাখাবা। বিটিচিৰ ৰাইজেও আঁচনিৰ লাভ পাব লাগিব, অসমৰ ৰাইজেও আঁচনিৰ লাভ পাব লাগিব। সেয়েহে আজি চৰকাৰী চাকৰিত দুর্নীতি নাই, আঁচনিত দুর্নীতি নাই। এখন নতুন অসম নির্মাণ হৈছে। কংগ্ৰেছৰ দিনত বিটিআৰত কি নহৈছিল? গোষ্ঠীগত সংঘর্ষ, সাম্প্রদায়িক সংঘর্ষ হৈছিল। বিজেপিৰ দিনত তেনে একো ঘটনা সংঘটিত হোৱা নাই। কাৰণ বিজেপিয়ে সকলো জাতিক নিজৰ অধিকাৰ দিছিল। বিজেপিয়ে সকলোকে লগত লৈ আৰু বিটিআৰৰ উন্নয়নৰ বাবে কাম কৰিছিল। বৰ্তমান চৰকাৰৰ কাৰ্যকালত ডেৰ লাখ ল’ৰা-ছোৱালীক চৰকাৰী চাকৰি প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে এই চৰকাৰী চাকৰিৰ বাবে কোনেও এটকা কাকো দিবলগীয়া হোৱা নাই। ১০ অক্টোবৰত পুনৰ ৬০ হাজাৰ ল’ৰা-ছোৱালীক চৰকাৰী চাকৰি দিয়া হ’ব। আজিৰ সভাত ভাষণ প্রদান কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কোকৰাঝাৰ জিলাৰ ১২টা পৰিষদীয় সমষ্টিতে বিজেপিক জয়ী কৰাবলৈ সংকল্প লোৱাৰ বাবে কাৰ্যকৰ্তাসকলক আহ্বান জনায়। ভাষণ প্রসংগত তেওঁ কয় যে প্রগতিশীল বিটিআৰ-বিকশিত বিটিআৰ কেৱল বিজেপি চৰকাৰেহে কৰিব পাৰে। আমাৰ লক্ষ্য হৈছে ভাৰতবৰ্ষৰ পৰা সন্ত্রাসবাদ সমুলঞ্চে শেষ কৰা। যোৱা চাৰে চাৰি বছৰত বিজেপিয়ে যথেষ্ট উন্নয়নমূলক কাম কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা আঁচনি ৰাইজে ভোগ কৰি আছে। বিটিআৰলৈ গুড উইল আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে ধন প্ৰদান কৰিছে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে জিলাই জিলাই মুখ্যমন্ত্ৰীগৰাকীয়ে পর্যালোচনা বৈঠক অনুষ্ঠিত কৰিছে। তদুপৰি বিটিআৰ শান্তি চুক্তিৰ দফা ৰূপায়ণৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ’ব বুলিও তেওঁ ঘোষণা কৰে। ৰাজ্যিক সভাপতিগৰাকীয়ে বিটিআৰক ভেঙুচালি কৰা ৰাজনৈতিক দলক বিদায় দিবলৈও আহ্বান জনাইছে। এই সভাখনত মন্ত্ৰী অশোক সিংহল, বিধায়ক দিপ্লুৰঞ্জন শৰ্মা, ইএম অৰূপ কুমাৰ দে’ উপস্থিত থাকে।