কংগ্ৰেছ প্ৰাক্তন সভানেত্রী ছোনিয়া গান্ধীলৈ আইনী জাননী জাৰি
ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধীলৈ জাৰি কৰা হৈছে আইনী জাননী । দিল্লীৰ ৰাউজ এভিনিউ আদালতে দীর্ঘদিন ধৰি ছোনিয়া গান্ধীৰ নাগৰিকত্ব আৰু ভোটাৰ তালিকাত নাম উঠাক লৈ বিতর্ক চলি অহাৰ পিছত নেত্ৰীগৰাকীলৈ আইনী জাননী প্ৰেৰণ কৰে। এই জাননীৰ যোগেদি ন্যায়ালয়ে নাগৰিকত্ব বিতৰ্ক সন্দর্ভত ছোনিয়া গান্ধীৰ স্থিতি জানিবলৈ বিচাৰিছে। ছোনিয়া গান্ধীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে ১৯৮০ চনৰ ভোটাৰ তালিকাত নাম উঠিছিল তেওঁৰ। অথচ তাৰ তিনি বছৰ পিছতহে তেওঁ ভাৰতৰ নাগৰিকত্ব গ্রহণ কৰিছিল। কিছুদিন পূর্বে এক্স হেণ্ডেলত ১৯৮০ চনৰ দিল্লীৰ এটা বুথৰ ভোটাৰ তালিকাৰ ছবি পোষ্ট কৰিছিল বিজেপি আইটি চেলৰ মুৰব্বী অমিত মালব্যই। এই তালিকাখনতেই দেখা গৈছে ছোনিয়া গান্ধীৰ নাম। মালব্যই দাবী কৰে যে ১৯৮০ চনৰ ভোটাৰ তালিকা সংশোধন কৰাৰ সময়ত ছোনিয়া গান্ধীৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভূক্ত কৰা হয়। তেওঁ আৰু দাবী কৰে যে জনসাধাৰণে বিৰোধিতা কৰাত সেই নাম ১৯৮২ চনত বাদ দিয়া হ’লেও ১৯৮৩ চনৰ জানুৱাৰী মাহত পুনৰ তেওঁৰ নাম ভোটাৰ তালিকাত অন্তর্ভুক্ত কৰা হয়। অথচ ১৯৮৩ চনৰ এপ্রিল মাহতহে ভাৰতৰ নাগৰিকত্ব লাভ কৰে ছোনিয়া গান্ধীয়ে। এনে এটি অভিযোগ তুলিয়েই কংগ্রেছ নেত্রী ছোনিয়া গান্ধীৰ বিৰুদ্ধে ইতিপূর্বেও গোচৰ ৰুজু কৰা হৈছিল দিল্লীৰ এখন মেজিষ্ট্ৰেটৰ আদালতত। সেই গোচৰ দাখিলৰ আবেদন খাৰিজ কৰে আদালতে। আদালতে জনাইছে যে নির্বাচন আয়োগৰ এক্তিয়াৰৰ ভিতৰত থকা বিষয়সমূহৰ ওপৰত হস্তক্ষেপ কৰিব পৰা নাযায়। পিছলৈ নিম্ন আদালতৰ এই সিদ্ধান্তকে প্রত্যাহ্বান জনাই ৰাউছ এভিনিউ ক’ৰ্টৰ দ্বাৰস্থ হয় বিকাশ ত্রিপাঠী নামৰ এগৰাকী আইনজীবী। তেওঁ দাবী কৰে যে ১৯৮২ চনত ভোটাৰ তালিকাৰ পৰা ছোনিয়া গান্ধীৰ নাম আঁতৰাই পিছত ১৯৮৩ চনত সংযোজন কৰা হয় । ১৯৮৩ চনত ছোনিয়া ভাৰতীয় নাগৰিক হৈ পৰে । আৱেদনখনত উল্লেখ আছে যে ১৯৮৩ চনৰ এপ্ৰিল মাহত ছোনিয়া গান্ধীয়ে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছিল ।তেওঁ অভিযোগ কৰে যে সেই সময়ত কিছু নহয় কিছু নথি-পত্ৰ জালিয়াতি কৰা হৈছিল। তাকে লৈ অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰ ৰুজু কৰাৰ অনুমতি বিচৰা হৈছে। এই গোচৰটোত আদালতে ছোনিয়া গান্ধী আৰু দিল্লী পুলিচলৈ জাননী প্ৰেৰণ কৰিছিল। ইয়াৰ উপৰিও আবেদনখনত ছোনিয়া গান্ধীৰ বিৰুদ্ধে দাখিল কৰা অভিযোগ খাৰিজ কৰা দণ্ডাধীশৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা হৈছে । আদালতে এই বিষয়ত ৰাজ্য চৰকাৰক জাননী জাৰি কৰি সম্পূৰ্ণ কেছ ৰেকৰ্ড (TCR) চমন কৰিছে । ৬ জানুৱাৰীত পৰৱৰ্তী শুনানিৰ নিৰ্দেশ দিয়ে বিশেষ ন্যায়াধীশ বিশাল গগনে । এই জাননীৰ প্ৰতি সঁহাৰি দিব লাগিব ছোনিয়া আৰু ৰাজ্য চৰকাৰে ।এই আৱেদন দাখিল কৰিছে অধিবক্তা বিকাশ ত্ৰিপাঠীয়ে । ইয়াৰ পূৰ্বে ১১ ছেপ্টেম্বৰত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ বৈভৱ চৌৰাছিয়াই আবেদন খাৰিজ কৰিছিল ।
