কংগ্ৰেছ দল- মিত্ৰদলে অসম আৰু উত্তৰ পূৰ্বাঞ্চলক সদায় অপমান

PC - PC - anandabazar patrika

কংগ্ৰেছ দল- মিত্ৰদলে অসম আৰু উত্তৰ পূৰ্বাঞ্চলক সদায় অপমান

ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰদেশ বিজেপিৰ এক প্ৰেছ বিবৃতিত মুখপাত্ৰ পংকজ বৰবৰুৱাই কয় যে অসমৰ অৱমাননাক কংগ্ৰেছ দল আৰু তেওঁলোকৰ মিত্ৰদলে সদায় প্ৰত্যক্ষ নতুবা পৰোক্ষ ভাবে পৃষ্ঠপোষকতা কৰি আহিছে। স্বাধীনতাৰ সময়ৰে পৰা অসমক অৱজ্ঞা কৰি অহা এই দলবোৰে ৰাজ্যখনৰ স্বাভিমান আৰু গৰিমাক লৈ কেতিয়াও চিন্তিত হোৱা দেখা নাযায়। বৰঞ্চ অসম বিৰোধী শক্তিক এই দলবোৰে সাৰপানী যোগায় আহিছে।
কংগ্ৰেছৰ মিত্ৰ দল তৃণমুল কংগ্ৰেছৰ নেতাই অসম সম্পৰ্কে অপপ্ৰচাৰ চলোৱাটো আমি দেখি আহিছো।এনে ধাৰাবাহিকতা ৰক্ষা কৰিয়েই সাংসদ সৌগত ৰয়ে সংসদৰ প্ৰৱিত্ৰ সদনতো অসমৰ বিষয়ে বিৰোপ মন্তব্য কৰিবলৈ দ্বিধাবোধ নকৰিলে। সংসদত অসমক “লেণ্ড অৱ লাহে লাহে” বুলি অভিহিত কৰি তৃণমূল কংগ্ৰেছৰ সাংসদ সৌগত ৰয়ে অসমৰ গৌৰৱময় স্বাভিমানক আঘাত সনাৰ লগতে প্ৰতিজন অসমীয়াক অপমান কৰাৰ চেষ্টা কৰিছে। এয়া অসম আৰু ইয়াৰ গৌৰৱময় ইতিহাসৰ ওপৰত এক প্ৰত্যক্ষ আক্রমণ।উক্ত সময়ত সদনত উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যথাযথভাৱে এই অবিবেচক আৰু অপমানজনক মন্তব্যৰ তীব্ৰ নিন্দা কৰিছে। তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে যে সৌগত ৰয়ৰ এই মন্তব্য কেৱল অসমক অপমান কৰাৰ প্ৰয়াস নহয়, বৰঞ্চ কংগ্ৰেছ নেতৃত্বাধীন INDI জোঁটৰ বহু বছৰৰ পৰা চলি অহা অসম আৰু উত্তৰ-পূবক অপমান কৰা প্ৰথাৰ প্ৰতিফলন।তৃণমূল কংগ্ৰেছ শাসিত পশ্চিমবংগৰ কি অৱস্থা হৈছে, সকলোৱে দেখিছে। তেনে এটি দলৰ পৰা অসমৰ পৰিচয় আৰু স্বৰ্ণিল ইতিহাসক উপহাস কৰিবলৈ চেষ্টা চলোৱাটো এক হাস্যকৰ ঘটনা। সৌগত ৰয়ে হয়তো অসমবাসীৰ সুসংহত আৰু শান্তিপূৰ্ণ জীৱনধাৰাক আলস্যতা বুলি ভুলকৈ ধৰি লৈছে—ই আচলতে তেওঁলোকৰ মূঢ়তাৰ পৰিচয়।এই অপমানজনক মন্তব্য অসমবাসীয়ে কেতিয়াও সহ্য নকৰে। সৌগত ৰয় আৰু তেওঁৰ দলে অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব। অসম সাহস, সংস্কৃতি আৰু শক্তিৰ ভূমি। এনে গৌৰৱময় ভূমিক তুচ্ছ- তাছিল্য কৰাটো মাথোঁ এক অজ্ঞতা নহয়— ই এক অক্ষমণীয় অপৰাধ।তৃণমূল কংগ্ৰেছৰ সাংসদ অধ্যাপক সৌগত ৰয়ে অসমক ‘লেণ্ড অৱ লাহে লাহে’ বুলি অভিহিত কৰা ঘটনাক অসমবাসীয়ে অসম আৰু অসমীয়াৰ ওপৰত কৰা এক গভীৰ অপমানজনক মন্তব্য হিচাপে গ্ৰহণ কৰিছে। তদুপৰি এই তুলুঙা মন্তব্যৰ বিৰোধিতা কৰিবলৈ অসমৰ এজনো কংগ্ৰেছী সাংসদৰ সাহস নহ’ল।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও কৰ্ণাটকৰ বৰ্তমানৰ কংগ্ৰেছৰ মন্ত্ৰী প্ৰিয়ংক খাৰ্গেই জাগীৰোডত স্থাপন হোৱা চেমিকণ্ডাক্টৰ উদ্যোগক লৈ অপমানসূচক মন্তব্য কৰোতেও মৌনব্ৰত ধাৰণ কৰিছিল কংগ্ৰেছ দলে।ভাৰতীয় জনতা পাৰ্টিয়ে তৃণমূল কংগ্ৰেছৰ অসমবিৰোধী তথা অসমীয়াবিৰোধী ষড়যন্ত্রৰ তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে এই মন্তব্যৰ কঠোৰ নিন্দা কৰিছে। লগতে, তৃণমূল কংগ্ৰেছ দলে অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে।’