কংগ্ৰেছ দলৰ সৈতে আনুষ্ঠানিক ভাৱে চামিল ‘লিবাৰেল ডেম’ক্রেটিক পার্টি’ 

কংগ্ৰেছ দলৰ সৈতে আনুষ্ঠানিক ভাৱে চামিল ‘লিবাৰেল ডেম’ক্রেটিক পার্টি’ 

ৰঙিলী বাৰ্ত্তাসেৱা-  কংগ্ৰেছ দলৰ নীতি, আদৰ্শৰ প্ৰতি সহমত প্ৰকাশ কৰি ‘লিবাৰেল ডেম’ক্রেটিক পার্টি’ (LDP) নামৰ দলটো  কংগ্ৰেছ দলৰ সৈতে আনুষ্ঠানিক ভাৱে চামিল হয়। লিবাৰেল ডেম’ক্রেটিক পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি প্ৰদুৎ বৰাৰ নেতৃত্বত প্ৰায় শতাধিক কর্মকর্তাই কংগ্ৰেছ দলত যোগদান কৰি দলৰ সদস্য পদ গ্ৰহণ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই উচ্ছাসিত এক ভাষণ প্রদানেৰে প্ৰদুৎ বৰা আৰু তেখেতৰ অনুগামী বর্গক স্বাগতম জনায়। তেখেতে ভাষণ প্রসঙ্গত কয় যে আজিৰে পৰা অসমত কংগ্ৰেছ দলে এটা নতুন মাত্ৰা লাভ কৰিলে আৰু আগন্তুক দিনত বহুত নতুন ব্যক্তি তথা সংগঠনৰ আগমণ কংগ্ৰেছ দললৈ হ’ব বুলি আমি আশা কৰিলো | কংগ্ৰেছ দলে নতুন অনুপ্ৰেৰণা লৈ দলটোক অধিক শক্তিশালী কৰি গঢ় তুলিব বুলি সভাপতি ভূপেন বৰাই দৃঢ়তাৰে মত পোষণ কৰে। কংগ্ৰেছ দলৰ সদস্য পদ গ্ৰহণ কৰি প্ৰস্থ বৰাই কয় যে ভাৰতবৰ্ষ এখন বহু জাতিক ৰাষ্ট্ৰ আৰু ভাৰতীয় সংবিধানে ইয়াৰ ভিন্ন ভাষা, ভিন্ন ধৰ্ম আৰু ভিন্ন সংস্কৃতিৰ সমন্বয়ৰ মাজেদি গঢ়ি উঠা সৰ্বভাৰতীয় সত্বাক স্বীকৃতি দিছে। বিজেপি দলে দেশৰ সামগ্ৰিক পৰম্পৰাৰ বিপৰীতে গৈ এক ধৰ্ম, এক ভাষা আৰু এক জাতি প্ৰতিষ্ঠাৰ বাবে যি উগ্ৰপন্থা লৈছে সি ভাৰতবৰ্ষৰ সকলো ঐতিহাসিক আৰু জাতীয় পৰম্পৰাক বিনষ্ট কৰি গোটেই দেশখনকেই থানবান কৰি পেলাবলৈ আৰম্ভ কৰিছে, গতিকে আমি ঐক্যবদ্ধ হৈ বিজেপিক ভাৰতবৰ্ষৰ ৰাজনীতিৰ পৰা উচ্ছেদ কৰি ভাৰতৰ সংবিধানক ৰক্ষা কৰিব লাগিব। আজি সেই কাম কেৱল কংগ্ৰেছ দলৰ মঞ্চৰ পৰাহে সম্ভৱ আৰু ময়ো সেই বাবেই কংগ্ৰেছ দলত যোগদান কৰিছো । সভাত বিধায়িনী দলৰ দলপতি দেৱব্ৰত শ‍ইকীয়াই কয় যে কংগ্ৰেছ দলৰ ভৱিষ্যত উজ্জ্বল আৰু ভাৰতবৰ্ষৰ মৌলিক সমস্যা সমূহৰ সমাধান কৰিব পৰা দলটোৱেই হল আমাৰ কংগ্ৰেছ দল গতিকে ভাৰতবৰ্ষৰ সামাজিক স্থিৰতা কংগ্ৰেছ দলেহে প্ৰদান কৰিব পাৰিব । বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে কয় যে এসময়ত কংগ্ৰেছ দলক নিজৰ স্বাৰ্থ পূৰণৰ অস্ত্ৰ হিচাপে যি সকল সুবিধবাদী ৰাজনীতিকে ব্যৱহাৰ কৰিছিল অসমত তেওঁলোকেই আজি বিজেপি দলৰ হৰ্তা-কৰ্তা-বিধাতা। উক্ত যোগদান অনুষ্ঠানত দলৰ জ্যেষ্ঠ নেতা সকলৰ উপৰিও বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্য্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ আৰু বিধায়িকা নন্দিতা দাসো উপস্হিত থাকে। লগতে প্রাক্তন সাংসদদ্বয় বলিন কুলি আৰু দ্বীজেন শৰ্মাৰ লগতে নৃপেন্দ্ৰ ঠাকুৰীয়া, ৰ’জলীনা তিৰ্কী, মীৰা বৰঠাকুৰ গোস্বামীকে আদি কৰি কেইবাজনো জ্যেষ্ঠ নেতা-নেত্ৰীৰ লগতে কেইবাশ দলীয় কর্মী সভাত উপস্হিত থাকে।