কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী আৰু নাই

কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী আৰু নাই

ৰঙিলী বাৰ্ত্তাসেৱা-  কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী দেহাৱসান ।  ৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। নিশা প্ৰায় ১.৩০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বৰকটকীয়ে। ১৬ অক্টোবৰৰ পৰা বৰকটকী চিকিৎসাধীন হৈ আছিল GMCHত।কেইদিনমান পূৰ্বে মন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লবলৈ হাস্পাতালত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।মৃত্যুৰ পূৰ্বে চকু কেইটা দান দি থৈ গৈছে  শৰৎ বৰকটকীয়ে । উল্লেখ্য যে,  একেৰাহে ৫ বাৰৰ বাবে কংগ্ৰেছৰ বিধায়ক আছিল শৰৎ বৰকটকী। প্ৰয়াত তৰুণ গগৈৰ কাৰ্যকালত তেওঁ গড়কপ্টানী মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল । ২০১৫ চনত ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল তেওঁ। একেৰাহে ৬বাৰ বিধানসভাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰি ২০১৬ চনত তপন গগৈৰ হাতত পৰাস্ত হৈছিল তেওঁ। ১৯৯১ চনৰ পৰা ২০১৬ চনলৈ একেৰাহে ৫ বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল শৰৎ বৰকটকী। ১৯৩৫ চনত চৰাইদেউৰ মথুৰাপুৰত জন্মগ্ৰহণ কৰিছিল শৰৎ বৰকটকীয়ে। দৌলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আছিল তেওঁ। শৰৎ বৰকটকীৰ কাৰ্যকালত চৰাইদেউ মহকুমা, চৰাইদেউ জিলা ঘোষণা হৈছিল।