কংগ্ৰেছ দলে বিটিচিত পৰিষদীয় নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ

কংগ্ৰেছ দলে বিটিচিত পৰিষদীয় নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছ দলে বিটিচি পৰিষদীয় নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ কৰে। ৩৭নং ধনশ্ৰী পৰিষদীয় সমষ্টিৰ এখন সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে বিটিচি নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰতিশ্ৰুতিসমূহ কি হ’ব সেই সন্দৰ্ভত ইস্তাহাৰ মুকলি কৰে। ইস্তাহাৰখন যুগুত কৰি উলিয়াইছে ইস্তাহাৰ কমিটিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈয়ে। সভাত প্ৰদ্যুৎ বৰদলৈৰ লগতে অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথ্বিৰাজ সাথে, বিধায়ক নুৰুল হুদা প্ৰমুখ্যে কংগ্ৰেছ দলৰ কেবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে। ইয়াৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে সমষ্টিটোৰ প্ৰাৰ্থী ইলন মুছাহাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। ৮ সহস্ৰাধিক লোক উপস্থিত থকা এই সভাত গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি হিমন্ত বিশ্ব শৰ্মাই কাৰো শান্তি নিবিচাৰে আৰু ২০২৬ত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰি অসমত শান্তি প্ৰতিষ্ঠা কৰিব বুলি কয়। একেদৰে প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ উদাত্ত ভাষণত বিটিচি চুক্তি অনুযায়ী কংগ্ৰেছ দলে বিটিচিৰ উন্নয়নৰ বাবে হাগ্ৰামা মহিলাৰীক এৰি দিছিল যদিও তেওঁলোকে সামগ্ৰিক বিকাশ কৰাত ব্যৰ্থ হৈছে বাবে কংগ্ৰেছ দলে পুনৰ বিটিচিত সাংগঠনিক কাম-কাজ কৰিবলগীয়া হৈছে বুলি মন্তব্য কৰে।