কংগ্ৰেছৰ ভাৰত জোৰো যাত্ৰা কাৰ্যসূচীক কমেডী আখ্যা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছৰ ভাৰত জোৰো যাত্ৰা কাৰ্যসূচীক কমেডী আখ্যা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘১৯৪৭ত দেশ বিভাজন কৰা কংগ্ৰেছে এই যাত্ৰা ভাৰতত কৰাৰ প্ৰয়োজন নাই। যদি কৰে পাকিস্তান–বাংলাদেশৰ পৰা কৰক। দেশ বিভাজনৰ সিদ্ধান্ত লোৱা কংগ্ৰেছে পূৰ্বৰ ভুলৰ বাবে ক্ষমা খোজা উচিত।’’ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ, শিলচৰৰ পৰা গুজৰাটলৈ দেশ ঐক্য, ইয়াক লৈ কাৰো দ্বিমত নাই বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।