কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ

কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা- জল্পনা-কল্পনাৰ ওৰ পেলাই আগন্তুক নিৰ্বাচনৰ বাবে হাইকমাণ্ডৰ অনুমোদন ক্রমে কংগ্ৰেছে দ্বিতীয়খন প্রার্থী তালিকা ঘোষণা কৰে। এই তালিকাত ২৩জন দলীয় প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট হোৱাৰ বিপৰীতে আন ১৫খন আসন মিত্ৰদলৰ নামত ৰাখিছে।ঘোষিত তালিকা অনুসৰি গোলকগঞ্জত কার্তিক চন্দ্ৰ ৰয়, বীৰছিং-জৰুৱাত ৱাজেদ আলী চৌধুৰী, বিলাসীপাৰাত অমৃত বাদশাহ, মানকাচৰত মহিবুৰ ৰহমান, গোৱালপাৰা পূবত আবুল কালাম ৰছিদ আলম, দুধনৈ (এছটি) ত কিশোৰ কুমাৰ ব্ৰহ্মা, সৃজনগ্ৰামত নুৰুল ইছলাম, মন্দিয়াত আব্দুল খালেক, চমৰীয়াত ৰেকিবুদ্দিন আহমেদ, ৰঙিয়াত প্রাণজিৎ চৌধুৰী, ডিমৰীয়া (এছটি) ত কিশোৰী কুমাৰ বৰুৱা, নিউ গুৱাহাটীত শান্তনু বৰুৱা, মঙলদৈত ৰিজুমণি তালুকদাৰ, হোজাইত ঝিলী চৌধুৰী, ঢেকীয়াজুলিত বাদশাহ ওৰাং, ৰঙাপৰাত কার্তিক চন্দ্ৰ কুৰ্মী, গহপুৰত ডাঃ শংকৰজ্যোতি কুটুম, ধেমাজি (এছটি)ত শৈলেন সোণোৱাল, তিনিচুকীয়াত ডেভিদ ফুকন, টিংখাঙত বিপুল গগৈ, দেৰগাঁৱত সাগৰিকা বড়া, ধলাই (এছচি)ত ধ্ৰুৱজ্যোতি পুৰকায়স্থ আৰু কৰিমগঞ্জ উত্তৰত আমিনুল ৰছিদ চৌধুৰীক প্রার্থিত্ব প্ৰদান কৰা হৈছে। লক্ষণীয়ভাৱে মিত্ৰদলৰ নামত ৰখা সমষ্টিকেইটা হৈছে- ভৱানীপুৰ-সৰভোগ, বজালী, পলাশবাৰী, গুৱাহাটী চেন্ট্রেল, গোৰেশ্বৰ, মৰিগাঁও, বঢ়মপুৰ, বিন্নাকান্দি, বজালী (এছচি), শদিয়া, ডিব্ৰুগড়, খোৱাং, সৰুপথাৰ, ডিফু (এছটি) আৰু আমৰী (এছটি)। উল্লেখ্য যে ইতিপূর্বে কংগ্রেছে প্রথম তালিকাত ৪২ প্রার্থিত্বপ্রত্যাশীৰ নাম ঘোষণা কৰিছিল। ইয়াকে ধৰি ৰাজ্যৰ প্রধান বিৰোধী দলটোৱে মুঠ ৬৫জন টিকট প্রত্যাশীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে।