কংগ্ৰেছৰ অভিযোগ অবাস্তৱঃ মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ যুদ্ধকালীন প্ৰস্তুতিৰে পথাৰত নামিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । বিৰোধী দলসমূহৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ জৰিয়তে শাসকীয় বিজেপিয়ে বহিঃৰাজ্যৰ পৰা লাখ লাখ লোকক অসমলৈ আনি নির্বাচন জিকাৰ পৰিকল্পনা কৰা বুলি বিৰোধীয়ে উত্থাপন কৰি অহা অভিযোগক উভতি ধৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। অভয়াপুৰীত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ সভাৰ পাছতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্রী ড° শর্মাই কয়- ভোটাৰ তালিকাৰ বিশেষ সংশোধন (এছআৰ)ত একো নাই। বিৰোধীয়ে অভিযোগ কৰাৰ দৰে যদি মানুহ জধে-মধে সোমায় তেন্তে থাকিব ক’ত? এজন লোক বাহিৰৰ পৰা আহি ভোটাৰ তালিকাত নাম সোমোৱাৰ পিছত তেওঁ থাকিব ক’ত, খুৱাব কোনে, ঘৰ কোনে দিব। ইমান খৰচ কৰিবলৈ কোনোবা লোক আছে নেকি? ৩০ লাখ লোকক মাতি আনি খুৱাই-বুৱাই কোনে ৰাখিব? গতিকে কংগ্ৰেছৰ কোনো যুক্তি নাই। কংগ্ৰেছে বিহাৰ, পশ্চিমবংগৰ পৰা মানুহ আহি যাব। পশ্চিমবংগতো নির্বাচন আছে, বিহাৰৰ পৰা লোক আহিলে তেওঁলোকক কোনে ৰাখিব, কোনে খুৱাব? এইবোৰ বাস্তৱ কথা হ’ব পাৰে নেকি? গতিকে কংগ্ৰেছে অবাস্তৱ কথা কৈ থাকে। ‘কা’ৰ সময়তো ডেৰ কোটি লোক আহিব বুলি কৈছিল। ডেৰ কোটি মানুহ আহিলে নেকি ? গতিকে কা’ৰ কংগ্ৰেছৰ ‘টেঙা আম’ অসমৰ ৰাইজে ইতিমধ্যে দেখিলে ৷ ইয়াক ‘কা’ৰ সময়ত এবাৰ বিক্ৰী কৰিলে, পুনৰ বিক্ৰী নহ’ব।
