কংগ্ৰেছৰে মিত্ৰতা ভংগৰ ঘোষণা অখিল গগৈৰ

কংগ্ৰেছৰে মিত্ৰতা ভংগৰ ঘোষণা অখিল গগৈৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অৱশেষত কংগ্ৰেছৰ সৈতে মধুচন্দ্ৰিকাৰ অন্ত পেলালে ৰাইজৰ দলে। কাজিৰঙাত কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ দীর্ঘপ্রতীক্ষিত মিত্রতা ভংগৰ কথা ঘোষণা কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মিত্রতা ভংগ সন্দৰ্ভত কংগ্ৰেছৰ বিৰুদ্ধে আনে কেতবোৰ চাঞ্চল্যকৰ অভিযোগ। ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মুখৰ ভাষা আৰু শাৰীৰিক ভাষা কোনোটোৱে সপক্ষে নহয় বুলি মন্তব্য কৰি সভাপতি গগৈয়ে কংগ্ৰেছৰ সৈতে মিত্ৰতা কিয় সম্ভৱপৰ নহ’ল তাৰ কেতবোৰ স্পষ্ট ব্যাখ্যা আগবঢ়ায়। সংবাদ মেলত অখিল গগৈয়ে কয় যে সংখ্যাৰ দিশেৰে চালে এটা সমষ্টিৰ বাবেই এই মিত্রতা ভংগ হ’ল। ৰাইজৰ দলে প্রথমে কংগ্ৰেছৰ ওচৰত ২৭খন আসনৰ বাবে অনুৰোধ জনাইছিল। সেই সংখ্যা কংগ্ৰেছে বহুত বেছি হ’ব বুলি কোৱাত কমাই ২০খনলৈ হ্রাস কৰা হ’ল। তাৰ পাছতো কংগ্ৰেছ নাচোৰবান্দা আছিল আৰু গৌৰৱ গগৈয়ে ১০০ খনতকৈ অধিক আসনত কংগ্রেছে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব বুলি অতি দাম্ভিকতাৰে ৰাজহুৱাকৈ সীমাৰেখা এটা টানি দিছিল। সেই সীমাৰেখাৰ ভিত্তিত কংগ্ৰেছৰ তৰফৰ পৰা আসনৰ সংখ্যা হ্ৰাস কৰাৰ বাবেই অনুৰোধ জনোৱাত সেই সংখ্যা ১৫লৈ হ্রাস কৰা হ’ল। তাৰ পিছত কংগ্ৰেছৰ চাৰিজনীয়া আলোচনাকাৰী গোটে ৰাইজৰ দলৰ সৈতে ১৩খন আসনত সন্মতি প্রকাশ কৰে। যাৰ মাত্ৰ চাৰিখন আসন পোনপটীয়াকৈ ৰাইজৰ দলৰ পছন্দৰ। কংগ্ৰেছ দলৰ চাৰিখন আসন বন্ধুত্বমূলকৰূপে এৰি দিব খোজে আৰু ৫খন কংগ্ৰেছৰ দ্বাৰা বিভিন্ন সময়ত ৰাইজৰ দলৰ ওপৰত জাপি দিয়া আসন। অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়- আমি বাস্তৱিকতে ২৭খন আসনৰ পৰা চাৰিখনলৈ অৱনমিত হ’লোঁ। এইটো সংখ্যাতেই কংগ্ৰেছে নাচোৰবান্দা হৈ ৰ’ল। সর্বশেষত উপায়হীন হৈ আমি প্রস্তাৱ দিলোঁ যে আমি কংগ্ৰেছৰ সকলো চর্ত মানি ল’ম। কিন্তু আমাৰ সাংগঠনিক ভিত্তি থকা ধিং সমষ্টি পোনপটীয়াকৈ ৰাইজৰ দলক প্ৰতিদ্বন্দ্বিতাৰ বাবে এৰি দিব লাগে। আমি উপায়হীন এইবাবেই হ’লোঁ যে আমি বিজেপিক আন্তৰিকতাৰে পৰাস্ত কৰিব বিচাৰোঁ। কিন্তু কংগ্ৰেছৰ বাবে নিজৰ দলৰ স্বাৰ্থতে সিদ্ধান্ত গ্ৰহণৰ একমাত্র মাপকাঠী। তেওঁলোকে পোনপটীয়া আসন হিচাপে আমাক দলগাঁও সমষ্টিটো এৰি দিব খোজে। সেই দলগাঁও সমষ্টিটো এৰি দিয়াৰ প্ৰস্তাৱৰ পাছতো সমষ্টিটোত কংগ্রেছ নেতা-কর্মীৰ উত্তাল প্রতিবাদ, ধৰ্ণা, অপপ্ৰচাৰ আৰম্ভ হয়। আনকি ৰাইজৰ দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে অসৌজন্যমূলক আচৰণ ৰাজহুৱাকৈ প্ৰকাশ কৰা হয়। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ পৰা তাক নিয়ন্ত্ৰণ কৰাৰ কোনো নির্দেশ আমি দিয়া দেখা নাপালোঁ। আমি নিশ্চিত, প্রদেশ কংগ্ৰেছৰ প্ৰত্যক্ষ নির্দেশতে আমাৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ এই কাম কৰোৱা হৈছে। আনহাতে আমি নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিটো কংগ্ৰেছৰ পৰা বিচাৰোঁ। পূর্বে বহুবাৰ সন্মতি দিয়াৰ পাছতো এই সমষ্টিটো এৰি দিবলৈ কংগ্রেছ দলে অস্বীকাৰ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে দাম্ভিকতাৰে আমাৰ সকলো অনুৰোধ নস্যাৎ কৰে। গতিকে ক’ব পাৰি ধিং বিধানসভা সমষ্টি ৰাইজৰ দলক এৰি নিদি কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰি যোৱা ৬ মাৰ্চত আন তিনিটা দলৰ সৈতে মিত্ৰতাৰ আনুষ্ঠানিকতা সম্পন্ন কৰে। তাৰ পূর্বে আলোচনাৰ প্ৰক্ৰিয়া চলি থকা অৱস্থাতে ৰাইজৰ দলৰ চূড়ান্ত তালিকাৰ পৰা ডিমৌ, বৰছলা, মাৰ্ঘেৰিটা, দিছপুৰ, দুলীয়াজান আদি সমষ্টিৰ নাম অন্তর্ভুক্ত কৰি একপক্ষীয়ভাৱে কংগ্ৰেছৰ প্রার্থী তালিকা প্রকাশ কৰে। তাৰ পাছতো আমি সংযম ৰক্ষা কৰি মিত্ৰতাত যাতে কোনো আউল নালাগে, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিবদমান সমষ্টিবোৰ বাদ দি প্রার্থী তালিকা ঘোষণা কৰোঁ। অখিল গগৈয়ে অভিযোগ কৰি কয়- যোৱা ৬ মার্চত চাৰিটা বিৰোধী দলৰ গুৱাহাটীত অনুষ্ঠিত মিত্ৰতাৰ বৈঠক আৰু সংবাদ মেলেৰে প্ৰদেশ কংগ্ৰেছে ৰাইজৰ দলক মিত্ৰতাৰ পৰা আনুষ্ঠানিকভাৱে আঁতৰ কৰিলে। ৰাইজৰ দলক মিত্ৰতাৰ পৰা আঁতৰাই পতা এই বৈঠকখন আমাৰ বাবে আছিল অত্যন্ত অসন্মানজনক। আমি লক্ষ্য কৰিছোঁ যে প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মুখৰ ভাষা আৰু শাৰীৰিক ভাষা কোনোটোৱে মিত্ৰতাৰ সপক্ষে নহয় আৰু তেওঁৰ আচৰণ মিত্ৰদলবোৰৰ কাৰোৰে বাবে মুঠেই সন্মানজনক নহয়। ৬ মাৰ্চত বেলতলাৰ গ্ৰীনউড ৰিজ’ৰ্টত অনুষ্ঠিত সংবাদ মেলত গৌৰৱ গগৈৰ বক্তব্যক আৰু ২০২৫ চনৰ ৬ জুলাইৰ অসম নাগৰিক সমাজৰ বিৰোধী দলবোৰৰ মিত্ৰতা সম্পৰ্কীয় অসম সম্মিলিত নাগৰিক অভিৱৰ্তনৰ বক্তব্য; সকলোতে তেওঁৰ অহংকাৰ স্পষ্ট আছিল। অসম সম্মিলিত নাগৰিক সমাজৰ অভিৱৰ্তনতো তেওঁ বিৰোধী দলসমূহৰ মিত্ৰতাৰ পক্ষত পোনপটীয়াকৈ একো কোৱা নাছিল আৰু যোৱা ৬ মাৰ্চত চাৰিটা ৰাজনৈতিক দলৰ সংবাদ মেলতো ৰাইজৰ দলক মিত্ৰতাত অন্তর্ভুক্তিৰ বিষয়টো পোনপটীয়াকৈ একো নকৈ আমাৰ দুৱাৰ খোলা আছে জাতীয় পালমৰা বক্তব্যৰে বুজাই দিছিল যে প্রদেশ কংগ্ৰেছৰ সকলোকে একেলগে লৈ বিৰোধী ঐক্য গঠনৰ ক্ষেত্ৰত মিত্ৰতা কৰাৰ মুঠেও আগ্রহ নাই। অখিল গগৈয়ে আৰু কয় যে আগন্তুক নিৰ্বাচনৰ বাবে কংগ্রেছ মিত্রতাক লৈ মুঠেও ছিৰিয়াছ নহয়। সঘনে সলনি কৰা তেওঁলোকৰ মিত্ৰতা আলোচনা সম্পর্কীয় সমিতিয়ে প্রমাণ কৰে তেওঁলোকৰ গুৰুত্বহীনতাৰ কথা। তেওঁলোকে আমাৰ মিত্র দলবোৰৰ সৈতে আলোচনাৰ বাবে মুঠেও সময় দিয়া নাছিল। ক’ৰবাত বিয়া খাওঁতে লগ পাইহে প্রার্থী তালিকাৰ আলোচনা কৰিছিল। আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ চাৰিজনীয়া সমিতিয়ে ৰাইজৰ দলৰ সৈতে এবাৰেই আলোচনাত বহিছিল যোৱা ১৯ ফেব্ৰুৱাৰীত। তেতিয়া আমি গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছিলোঁ যে কংগ্রেছ বুলি কোনো দল আচলতে নাই, কংগ্ৰেছ দলৰ উমৈহতীয়া প্রার্থী নাই; আছে গৌৰৱ গগৈৰ প্ৰাৰ্থী, ৰকিবুল হুছেইনৰ প্ৰাৰ্থী, প্রদ্যুৎ বৰদলৈৰ প্ৰাৰ্থী আৰু ৰিপুণ বৰা স্বয়ং নিজে প্রার্থী। ব্যক্তি স্বাৰ্থৰ সমষ্টি কংগ্ৰেছ। ৰাজ্যত বিৰোধী ঐক্যৰ মিত্ৰতা গঠনৰ বাবেই কংগ্ৰেছৰ সকলো কেৰামতালি সহ্য কৰি আছিলোঁ বুলি উল্লেখ কৰি ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয়- মিত্ৰতাৰ বাবে যি ত্যাগ কৰিব লাগে সেয়া কেৱল ৰাইজৰ দলেহে কৰিব লাগে, সেইটো গণতান্ত্রিক নহয়। ২০২১ চনৰ বিধানসভা নির্বাচনত কংগ্রেছে আমাক বিশ্বাসঘাতকতা কৰিলে। তথাপি আমি কেইখনমান আসনতহে প্রতিদ্বন্দ্বিতা কৰিলোঁ। তাৰ পৰৱৰ্তী ‘২১ চনৰ উপ-নির্বাচনত ৫খন আসনৰ ভিতৰত কেৱল ডিমৌ সমষ্টিটো  আমি বিচাৰিছিলোঁ। সেইটো কংগ্রেছে নিদিলে। তাৰ পাছতো ‘২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে গৌৰৱ গগৈয়ে ডিমৌ সমষ্টিটো এৰি দিবলৈ অনুৰোধ জনালে। আমি এৰি দিলোঁ। ২০২৪ চনত অসমৰ পঞ্চদশ বিধানসভাৰ দ্বিতীয়টো উপ-নির্বাচনত গৌৰৱ গগৈয়ে  মিত্রজোঁট ভাঙি চূৰমাৰ কৰি সম্পূৰ্ণ দাম্ভিকতাৰে এআইচিচিৰ ক্ষমতাৰে বলীয়ান হৈ বিহালী আসনখন চিপিআই (এম এল) ৰ পৰা কাঢ়ি লৈ বিজেপিৰ সদস্য এজনক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দি বিজেপিৰ এজন অতি কেঁচা প্রতিদ্বন্দীৰ হাতত ধৰাশায়ী হ’ল। ২০২৪ চনৰ লোকসভা নির্বাচনতো ৰাইজৰ দলক এখনো আসন এৰি নিদিলে। আমি ত্যাগ কৰি দিলোঁ। ৰাইজৰ দলে সর্বোচ্চ কষ্ট কৰি যোৰহাট, নগাঁও, কৰিমগঞ্জ, ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থীক জয়ী কৰোৱাত নামি পৰিল। এখনক বাদ দি তিনিখনত কংগ্রেছ জিকিল। এতিয়া ‘২৬ৰ বিধানসভা নির্বাচনতো কংগ্ৰেছে আমাৰ বাছনিৰ চাৰিখন আসন এৰি দিছে। ১৫খন আসনৰ মাত্ৰ ১৩খন এৰি দিব খোজে। তাৰে ৯খনেই কংগ্ৰেছৰ বাছনিৰ আৰু সেই ৯খনৰো চাৰিখনেই বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাৰ বাবে। অৰ্থাৎ আমাৰ বাছনি আৰু কংগ্ৰেছৰ বাছনি ধৰি আমাক কেৱল পোনপটীয়াকৈ প্রতিদ্বন্দ্বিতাৰ বাবে দিয়ে  ৯খন আসনহে। এতিয়া চাৰিখন বন্ধুত্বমূলক আসনৰ এখন ধিং সমষ্টিটো আমাক পোনপটীয়াকৈ এৰি দিলেই আমি সকলো ত্যাগ কৰি মিত্ৰতা কৰিবলৈ প্রস্তুত বুলি কংগ্ৰেছ নেতৃত্বক স্পষ্টকৈ জানিবলৈ দিলোঁ। কিন্তু গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে ধিং আমাক এৰি নিদিলে। ধিং এৰি দিয়াৰ ক্ষেত্ৰত অন্য নেতাসকল পক্ষপাতী আছিল। আনকি এআইচিচিয়েও এইক্ষেত্রত সন্মতি দিছিল। কিন্তু ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ আঁকোৰগোজ মনোভাবৰ বাবেই এই মিত্রতা ভাঙিল। অখিল গগৈয়ে কয় যে কংগ্ৰেছে যোৱা ৬ মার্চত মিত্রতা ভাঙি দিলে। আমি উদাৰ আছিলোঁ আৰু কংগ্ৰেছৰ সকলো উদ্ভট কথা-বার্তাও আমি মিত্ৰতাৰ স্বাৰ্থত সহ্য কৰি আছিলোঁ। কংগ্রেছে আমাক আত্মসমর্পণ কৰাব বিচাৰিছিল। আমি আত্মসমর্পণ কৰিবলৈ মাস্তি নহ’লোঁ। আমি মাত্র ১৫খন আসনৰ তেনেই সামান্য লক্ষ্য এটা দিছিলোঁ আৰু ন্যূনতম উমৈহতীয়া কাৰ্যসূচী এখন বিচাৰিছিলোঁ। গৌৰৱ গগৈয়ে আমাক সন্মান দিব খোজা নাছিল আৰু দাম্ভিকতা দেখুৱাই ভাঙি দিলে। যোৱা ১৯ ফেব্ৰুৱাৰীৰ মিত্ৰতাৰ বৈঠক বিফল হোৱাৰ পাছত ২০ ফেব্ৰুৱাৰীত আমি কংগ্ৰেছ দললৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছিলোঁ যদিও আমাক অসন্মান কৰি আজিলৈকে কোনো উত্তৰ নিদি কংগ্ৰেছে আমাৰ স্বাভিমানত আঘাত হানিলে। সেয়েহে আজিৰ তাৰিখত কংগ্ৰেছৰ সৈতে মিত্ৰতা প্রসংগত আলোচনা আগবঢ়াই নিয়া সম্ভৱ নহ’ব।