কংগ্ৰেছে ১৫ৰ পৰা ১৭খন আসন লাভ কৰিবঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যজুৰি বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলি থকাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ভৱিষ্যদ্বাণী । বিধানসভা নির্বাচনত ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত উঠাৰ সময়তে দলৰ জয়ৰ সম্ভাৱনা তথা বিৰোধীয়ে লাভ কৰিব পৰা আসনক লৈ ভৱিষ্যদ্বাণী কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। বিৰোধীতকৈ বিজেপিয়ে যথেষ্ট আগবাঢ়ি থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা- বিজেপিয়ে এইবাৰ ৯০ খনতকৈও অধিক আসন লাভ কৰিব। ইয়াৰ বিপৰীতে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে নামমাত্র আসন লাভ কৰিয়েই সন্তুষ্ট থাকিব লাগিব। বিশেষকৈ বিৰোধী কংগ্ৰেছ দলৰ আসন লাভৰ ভৱিষ্যদ্বাণী কৰি আজি মুখ্যমন্ত্ৰীৰ মন্তব্য-কংগ্রেছে ২০খনতকৈও কম আসন লাভ কৰিব। শদিয়াত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শর্মাই কয়- কংগ্ৰেছে ১৫ৰ পৰা ১৭খন আসন লাভ কৰিব। আনহাতে, এআইইউডিএফে ৫-৬খন আসন, ৰাইজৰ দলে লাভ কৰিব মাত্র এখন আসন। ধিং সমষ্টিৰ আসনখন ৰাইজৰ দলে লাভ কৰিব। ইয়াৰ বিপৰীতে অসম জাতীয় পৰিষদে এখন আসনতো জয় লাভ কৰিবলৈ সক্ষম নহয়। মুখ্যমন্ত্ৰীৰ কটাক্ষ-কংগ্ৰেছে সর্বকালৰ অভিলেখ এই নির্বাচনত ভংগ কৰিব। দলটোৱে এইবাৰ ২০খনতকৈও কম আসন লাভকৰিব। মুখ্যমন্ত্ৰীয়ে কয়- মোৰ এই কথা লিখি ৰাখক, কংগ্ৰেছ এই নির্বাচনত ধূলিসাৎ হ’ব। উজনি অসমত কংগ্ৰেছ এইবাৰ শূন্য হ’ব বুলিও ভৱিষ্যদ্বাণী কৰে। আনহাতে, নির্বাচনত বিজেপিয়ে ৯০-১০০ আসন লাভকৰিব বুলি দৃঢ়তাৰে দাবী কৰি মুখ্যমন্ত্ৰীয়ে কয়- বিজেপিয়ে এইবাৰ ১০০ৰ ওচৰ চপাটো নিশ্চিত। ইতিমধ্যে অসমৰ ৰাইজে সিদ্ধান্ত লৈছে যে বিজেপিৰ চৰকাৰ আমি ওভতাই আনিম।
