কংগ্ৰেছে ষাঠি বছৰত কৰিব নোৱাৰা কাম নৰেন্দ্ৰ মোদীয়ে ১১ বছৰত সম্পূৰ্ণ কৰিলে। সংকল্প দৃঢ় লক্ষ্য স্থিৰ – মুখ্যমন্ত্ৰী ড ° হিমন্ত বিশ্ব শৰ্মা

কংগ্ৰেছে ষাঠি বছৰত কৰিব নোৱাৰা কাম নৰেন্দ্ৰ মোদীয়ে ১১ বছৰত সম্পূৰ্ণ কৰিলে। সংকল্প দৃঢ় লক্ষ্য স্থিৰ – মুখ্যমন্ত্ৰী ড ° হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  “সংকল্পৰ পৰা সিদ্ধিলৈ “কেন্দ্ৰৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ উপলক্ষে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ° হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন উন্নয়ন কৰ্মসূচীৰ খতিয়ান দাঙি ধৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১১ বছৰত অসমলৈ ৩৫ বাৰ অহা দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী । মোডীৰ বাহিৰে কোনো কালেই কোনো এজন প্ৰধানমন্ত্ৰী কাজিৰঙাত নিশা কটোৱা নাছিল বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত উল্লেখ কৰে যে অসমৰ পৰা দুবাৰ ৰাজ্য সভালৈ নিৰ্বাচিত হৈ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ড° মনমোহন সিঙেও আনকি ইমানবাৰ অসমলৈ আহিবলৈ আগ্ৰহ দেখুওৱা নাছিল। সাধাৰণ সম্পাদক পল্লব লোচন দাসে আঁত ধৰা সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ যোৱা ১১ বছৰত ভাৰতৰ সংস্কৃতিক সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰখনত আমূল পৰিৱৰ্তন সম্ভৱ হৈছে। আজি ভাৰত বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতি যিটো নৰেন্দ্ৰ মোদীয়ে দায়িত্বভাৰ লোৱাৰ সময়ত ভাৰত দহ নং স্থানত আছিল। বহু সংখ্যক সাংবাদিক উপস্থিত থকা সংবাদ মেলত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে দেশক ষাঠী বছৰে শাসন কৰা কংগ্ৰেছৰ দিনত সেনাৰ কৰণে বুলেত প্ৰুফ জেকেট পৰ্য্যন্ত নাছিল। আজি নৰেন্দ্ৰ মোদীৰ কাৰ্য্যকালত ভাৰত স্বদেশী উৎপাদনেৰে আত্মনিৰ্ভৰ হবলৈ সক্ষম হৈছে। ভাৰত আজি সামৰিক উপকৰণৰ ক্ষেত্ৰত ৰপ্তনিকাৰি দেশ হিচাপে প্ৰতিস্থা লাভ কৰিবলৈ সক্ষম হৈছে। স্বদেশী প্ৰযুক্তিৰে উৎপাদিত ব্রহ্মমোছ,আকাশ মিছাইল ইয়াৰ জলন্ত উদাহৰণ। নৰেন্দ্ৰ মোদীৰ ১১ বছৰীয়া কাৰ্যকালত ১৫ কৌটি লোকে বিশুদ্ধ পানীৰ সুবিধা লাভ কৰিছে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত মধ্যভগীৰ ফলত প্ৰকৃত হিতাধিকাৰীয়ে সুবিধা পোৱাৰ পৰা বঞ্চিত হৈ আছিল। কিন্তু আজি ডিবিটিৰ জৰিয়তে প্ৰকৃত হিতাধিকাৰিয়ে সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। দেশৰ কৃষক সকলক ডিবিটিৰ জৰিয়তে কিষান সন্মান নিধিৰ আধাৰত ৩.৭০ কৌটি টকা দি কৃষকৰ আয় বৃদ্ধি কৰা হৈছে। ইমানে নহয় মুদ্ৰা লোণ, উজলা আঁচনিৰ দৰে অভিলাশি আঁচনি সমূহে গৰিব লোকক বিশেষ ভাবে উপকৃত কৰিছে। বিবৃতিটোত কোৱা হয় যে দেশৰ মধ্যবিত্ত শ্ৰেণীক সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ বাজেটত ১২ লাখ ৭৫ হাজাৰ টকা আয়ৰ ব্যক্তিলৈ আয় কৰ ৰেহাই দিয়া এক ঐতিসাহিক সিদ্ধান্ত। ইয়াৰ উপৰিও জি ২০ সন্মিলনৰ আয়োজন কৰা আমাৰ দেশে নৰেন্দ্ৰ মোদীৰ জৰিয়তে বিশ্বত ভাৰতৰ ভূমিকা সাজোৰে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। দেশৰ মহিলা শক্তিক অগ্ৰাধিকাৰ দিয়াৰ উদ্দেশ্যে দেশৰ সংসদত নাৰী শক্তি অধিনিয়ম বিল পাছ কৰি নিৰ্বাচনত ৩৩ শতাংশ সংৰক্ষণ কৰা মোদী চৰকাৰৰ সিদ্ধান্তই অদূৰ ভবিষ্যতে মহিলা সকলক সম অধিকাৰ প্ৰদান কৰিব৷সংবাদ মেলত উল্লেখ কৰে যে অসম যোৱা ১১ বছৰৰ নৰেন্দ্ৰ মোদীৰ কাৰ্য্যকালত অভাৱনীয় উন্নয়ন কৰিবলৈ সক্ষম হৈছে যিটো কংগ্ৰেছৰ ৫৫ বছৰৰ শাসন কালত সম্ভৱ হোৱা নাছিল। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মান হোৱা ধোলা শদিয়া দলং, বগীবিল দলং ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰ সংযোগে উজনি অসমৰ যোগাযোগত বিশেষ অৰিহণা আগবঢ়াইছে। ইয়াৰ উপৰিও গুৱাহাটী আৰু উত্তৰ গুৱহাটীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত দলং আৰু ধুবুৰী আৰু ফুলবাৰীৰ মাজত নিৰ্মীয়মান এছিয়াৰ ভিতৰত দীৰ্ঘতম দলং নৰেন্দ্ৰ মোদীৰ কাৰ্যকালতহে সম্ভৱ । সংবাদ মেলত উল্লেখ কৰে যে ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেঙ্গী – কুৰুৱা, পলাশবাৰী – শুৱলকুছিৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত অন্য দুখন দলংৰ নিৰ্মান আৰম্ভ হৈছে। গুৱাহাটীক সৰ্বংগসুন্দৰ লক্ষ্যৰে গুৱাহাটী ৰিং ৰোড নিৰ্মাণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুমোদন দিয়া অসমৰ কাৰণে উন্নয়ন যাত্ৰাৰ অন্য এক নমুনা। নৰেন্দ্ৰ মোদীৰ ১১ বছৰীয়া শাসন কালত অসমত উদ্যোগ খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন সূচনা হৈছে। জাগীৰোডত ২৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ টাটাৰ ছেমি কণ্ডডাক্টৰ উদ্যোগ অসমৰ কাৰণে এক মাইলৰ খুঁটি। নুমলিগড় শোধনাগাৰৰ শোধন ক্ষমতা ৯ মিলিয়ন টনলৈ বৃদ্ধি আৰু নামৰূপ সাৰ কাৰখানাৰ দ্বীতিয় গোট স্থাপন কৰা অন্য এক সফলতা।কংগ্ৰেছৰ শাসনত এলগী হৈ থকা অসমীয়া ভাষাক নৰেন্দ্ৰ মোদীৰ শাসন কালত ধ্ৰুপদী ভাষাৰ মৰ্যদা দিয়াটো অসমৰ কাৰণে গৌৰৱৰ বিষয়। মুখ্য মন্ত্ৰীয়ে আৰু কয় যে নৰেন্দ্ৰ মোদীৰ জৰিয়তে চৰাইদেউ মৈদামক ইউনেস্কোই স্বীকৃতি প্ৰদান কৰাটো অসমৰ কাৰণে অনন্য সফলতা বুলি দাবী কৰিব পাৰি। ইয়াৰ উপৰিও অসমীয়া গামোচা আৰু বিহুক বিশ্ব পৰ্যয়ালৈ লৈ যোৱাটো নৰেন্দ্ৰ মোদীৰ শাসন কালত সম্ভৱ হোৱা এক সফলতা। কংগ্ৰেছৰ শাসন কালত বন্দুকৰ গুলীত ৰাতি পুৱাইছিল আৰু বন্দুকৰ গুলীত ৰাতি হৈছিল। কিন্তু নৰেন্দ্ৰ মোদীৰ ১১ বছৰীয়া শাসন কালত অসমত শান্তিৰ বাতাবৰণ সৃষ্টি হৈছে। বড়ো , কাৰ্বি, ডিমাচা, আদিবাসী আদি উগ্ৰপন্থী গোট সমূ্হৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ হৈছে । যাৰ ফলত সেই অঞ্চল সমূহত শান্তিৰ উপৰিও উন্নয়নৰ ধল বৈছে।আজিৰ সংবাদ মেলখনত মন্ত্ৰী জয়ন্ত মল্ল বৰুবা , ৰাজ্যিক মুখ্য মুখপাত্ৰ মনোজ বৰুৱা উপস্থিত থাকে।