কংগ্ৰেছে উত্তৰ-পূৰ্বাঞ্চলক মাহী আইৰ চকুৰে চায়ঃ ৰাজ্যিক বিজেপি

কংগ্ৰেছে উত্তৰ-পূৰ্বাঞ্চলক মাহী আইৰ চকুৰে চায়ঃ ৰাজ্যিক বিজেপি

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-   কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেই যোৱা বৃহস্পতিবাৰে উত্তৰ-পূৰ্বাঞ্চল সম্পৰ্কত প্ৰদান কৰা মন্তব্যক ভাৰতীয় জনতা পাৰ্টি, অসম প্রদেশে অত্যন্ত লজ্জাজনক বুলি অভিহিত কৰিছে। দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মুখপাত্রদ্বয় ৰূপম গোস্বামী আৰু কল্যাণ গগৈয়ে সংবাদ মেল সম্বোধন কৰি কয় যে কংগ্ৰেছ দলে পূৰ্বৰ পৰাই উত্তৰ-পূৰ্বাঞ্চলক মাহী আইৰ চকুৰে চাই আহিছে। মুখপাত্ৰ ৰূপম গোস্বামীৰ মতে, প্রাক্তন প্রধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে ১৯৬২ চনত অসমক চীনৰ হাতত গতাই দিবলৈ কুণ্ঠাবোধ কৰা নাছিল ৷ তেখেতৰে নাতি ৰাহুল গান্ধীয়ে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছিল যে ভাৰতবৰ্ষ মানে কাশ্মীৰৰ পৰা কণ্যাকুমাৰীলৈকে, গুজৰাটৰ পৰা পশ্চিম বংগলৈ বিস্তৃত এক অঞ্চল। ইয়াকে পুনৰাবৃত্তি কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিজনে উত্তৰ-পূৰ্বাঞ্চল সম্পৰ্কত শেহতীয়াকৈ কৰা মন্তব্য সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চলবাসীৰ বাবে দুঃখবৰ। ইয়াৰ বাবে মল্লিকার্জুন খাৰ্গেৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ ওচৰত ক্ষমা খোজা উচিত। দেশৰ অন্যতম পুৰণি দলটোৰ বাবেই উত্তৰ-পূৰ্বাঞ্চল তথা ইয়াৰ জনসাধাৰণে দীৰ্ঘসময় ধৰি উন্নয়নৰ পৰা বঞ্চিত হৈ আছিল। কংগ্ৰেছ দলৰ নেতা সকলৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি এনে গা এৰা মনোভাৱৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বই উত্তৰ-পূৰ্বাঞ্চলক অত্যন্ত গুৰুত্ব সহকাৰে লৈছে। দেশৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলক ‘অষ্টলক্ষ্মী’ বুলি অভিহিত কৰিছে। তেখেতৰ সৱল নেতৃত্বতেই দেশৰ অন্যান্য প্ৰান্তৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত সৰ্বাংগীন বিকাশৰ ধাৰা তুংগত আছে। আনহাতে দলৰ অন্যতম মুখপাত্র কল্যান গগৈয়ে কংগ্ৰেছৰ নেতা গৰাকীৰ ভাষ্যত হতাশাৰ চিন প্রতিফলিত হৈছে বুলি মন্তব্য কৰিছে। গগৈয়ে কয় সদ্যঘোষিত ত্ৰিপুৰা, নগালেণ্ড আৰু মেঘালয় নিৰ্বাচনত কংগ্ৰেছ দলে শোচনীয়ভাবে মুখথেকেচা খাইছে, যাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছী নেতা সকল এতিয়া হতাশাত ভুগি প্রলাপ বকিছে। তথাপিও কংগ্ৰেছৰ অন্যতম বর্ষীয়ান নেতাগৰাকীৰ পৰা এনে মন্তব্য আশা কৰা নাছিল বুলিও মুখপাত্র কল্যাণ গগৈয়ে সংবাদ মেলৰ জৰিয়তে সদৰী কৰিছে।