কংগ্ৰেছী বিধায়কৰ গুণ্ডাগিৰিৰ বিৰুদ্ধে ৰাজ‍্যজুৰি তীব্ৰ প্ৰতিবাদ আৰু গৰিহণা বিজেপি অসম প্ৰদেশৰ

কংগ্ৰেছী বিধায়কৰ গুণ্ডাগিৰিৰ বিৰুদ্ধে ৰাজ‍্যজুৰি তীব্ৰ প্ৰতিবাদ আৰু গৰিহণা বিজেপি অসম প্ৰদেশৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধানসভাৰ উপাধক্ষ্য ডাঃ নোমল মমিনৰ ওপৰত পূৰ্ববংগীয় মূলৰ গুণ্ডা প্ৰকৃতিৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাই চলোৱা শাৰীৰিক আক্ৰমণক বিজেপি অসম প্ৰদেশে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষী কংগ্ৰেছী বিধায়ক জনৰ ওপৰত উচিত শাস্তি মুলক আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। লগতে পৱিত্ৰ বিধান সভাৰ গৰিমা আৰু গণতান্ত্ৰিক পৰম্পৰা ৰক্ষা কৰাৰ দাবীত ৰাজ্যজুৰি প্ৰতিখন জিলা সদৰত গণতান্ত্ৰিক পদ্ধতিৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি জিলা উপায়ুক্ত সকলক একোখন স্মাৰক পত্ৰ প্ৰদান কৰে।ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ৰ পৰা প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰে যে অসম বিধানসভাৰ এই ঘটনা দিনটো ইতিহাসত এক ক’লা অধ্যায় হিচাপে চিহ্নিত হৈ ৰৱ ৷পৱিত্ৰ বিধান সভাত কোনো কালে নেদেখা এক অ-প্ৰীতিকৰ পৰিস্থিতি দেখা পোৱা গ’ল ৷ বিধানসভাৰ উপাধ্যক্ষ তথা খিলঞ্জীয়া জনজাতীয় লোকৰ প্ৰতিনিধি ডাঃ নোমল মমিনক কংগ্ৰেছৰ লোকৰ প্ৰতিনিধি বিধায়ক নুৰুল হুদাই কৰা আক্ৰমণৰ ঘটনা নিন্দনীয় আৰু গৰিহণাযোগ্য । বিবৃতিটোত লগতে কোৱা হয় যে পূৰ্ববংগীয় লোকক প্ৰতিনিধিত্ব কৰা দল এআইইউডিএফৰ বিধায়ক সকলে সদনলৈ বাহৰ জেওৰা লৈ কৰা সমদল আসমীয়া সমাজ জীৱনৰ পৰিপন্থী পৰম্পৰা। এই দুয়োটা ঘটনা যথেষ্ট উদ্বেগৰ বিষয় বুলি উল্লেখ কৰি ভাৰতীয় জনতা পাৰ্টিয়ে এনে ঘটনাক সদায় নিন্দা আৰু ভৰ্ৎসনা কৰে ৷ লগতে কয় যে অসম বিধানসভাত কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ বিধায়ক সকলে প্ৰদৰ্শন কৰা এনে আচৰণে ভৱিষ্যতৰ অসমখনলৈ এক অশনি সংকেত কঢ়িয়াই আনিছে ৷ কোনোকালে এই আগ্ৰাসী মনোভাৱক মানি লোৱা নহব বুলিও ৰাজ্যিক বিজেপিয়ে দল দুটাক সতৰ্ক কৰি দিয়ে। ৰাজ্যিক বিজেপিৰ বিবৃতিত পুনৰ কয় যে অসমৰ জনতা আজি কংগ্ৰেছ-এআইইউডিএফৰ এইসকল বিধায়কৰ আগ্ৰাসী আচৰণত শংকিত। পৱিত্ৰ অসম বিধানসভাৰ ইতিহাসত সদনক কলংকিত কৰিব পৰা কাম এয়াই প্ৰথম । এটা বিশেষ সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা তথা অসমৰ সামাজিক বাতাবৰণৰ সৈতে মিলিব নোৱাৰা বা মিলিব নোখোজা কংগ্ৰেছৰ বিধায়কে আজি এজন খিলঞ্জীয়া জনজাতীয় ভূমিপুত্ৰৰ প্ৰতিনিধিক আক্ৰমণ কৰিবলৈ সাহস কৰাটোৱে অসমীয়া জাতিৰ কাৰণে এক অশনি সংকেত কঢ়িয়াই আনিছে । কংগ্ৰেছ দলৰ বিধায়কৰ এনে ধৰণৰ কু-কাৰ্য্যক ধিক্কাৰ দিবলৈও আমাৰ ভাষা নাই। এই আক্ৰমণৰ ঘটনাৰ আমি উচিত তদন্ত বিচৰাৰ লগতে কংগ্ৰেছৰ আক্ৰমণকাৰী বিধায়ক নুৰুল হুদাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈও দাবী জনালোঁ। আনহাতে এআইইউডিএফৰ বিধায়ক সকলে পৱিত্ৰ সদনত যি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ বিচাৰিছে তাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ অসম বিধানসভাৰ অধ্যক্ষক ৰাজ্যিক বিজেপিয়ে আহ্বান জনাইছে।