কংগ্ৰেছত যোগদান আমিনুল ইছলামৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত মানকাচৰৰ প্ৰাক্তন বিধায়ক আমিনুল ইছলামে কংগ্রেছত যোগদান কৰিলে। এমাহৰ ভিতৰতে দুবাৰকৈ দল সলনি কৰি এআইইউডিএফৰ প্রাক্তন বিধায়কগৰাকীয়ে প্রদেশ কংগ্ৰেছৰ তত্ত্বাবধায়ক জিতেন্দ্র সিঙৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰে। উল্লেখ্য যে নিৰ্বাচনৰ মনোনয়ন দাখিলৰ কিছুদিন পূর্বে আমিনুল ইছলামে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমা নেতৃত্বাধীন এনপিপি দলত যোগদান কৰিছিল। এনপিপিত যোগদান কৰিয়ে আমিনুল ইছলামে মানকাচৰ সমষ্টিৰ পৰা মনোনয়ন-পত্র দাখিল কৰিছিল। কিন্তু মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনৰ পূৰ্বে ৰহস্যজনক কাৰণত আমিনুল ইছলামে মনোনয়ন-পত্র প্রত্যাহাৰ কৰিছিল। উল্লেখ্য যে আমিনুল ইছলামক এআইইউডিএফ দলে দলবিৰোধী কার্যকলাপত জড়িতৰ অভিযোগত ৬ বছৰৰ কাৰণে দলৰ পৰা বহিষ্কাৰ কৰিছিল। এগৰাকী অধিবক্তা ৰূপে কর্মজীৱন আৰম্ভ কৰা আমিনুল ইছলামে ৰাজনীতিত ভৰি থৈয়েই মানকাচৰ সমষ্টিৰ পৰা নিৰ্বাচনত জয়ী হৈ বিধায়ক হৈছিল। ২০০৫ চনৰ পৰা এআইইউডিএফ দলৰ মুখ্য মুখপাত্র তথা সাধাৰণ সম্পাদ (সাংগঠনিক) হিচাপে দায়িত্ব চম্ভালি অহা আমিনুল ইছলামে বিগত ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে দলত্যাগ কৰিছিল।
