কংগ্রেছ ত্যাগ তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাৰ কংগ্রেছ দল ত্যাগ। আগন্তুক নিৰ্বাচনৰ বাবে দলীয় টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছতেই এই সিদ্ধান্ত গ্রহণ কৰে বৰুৱাই। আজি তেওঁ অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতিলৈ এখন আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰি দলত্যাগ কৰাৰ কথা ঘোষণা কৰে।দীর্ঘদিন ধৰি কংগ্ৰেছৰ থকা ভাস্কৰ জ্যোতি বৰুৱাৰ এই সিদ্ধান্তই ৰাজনৈতিক পৰিৱেশত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে। দলৰ ভিতৰত টিকট বিতৰণক লৈ চলি থকা অসন্তুষ্টি আৰু মতভেদৰ ফলতেই তেওঁ এই পথ বাছি লোৱাৰ কথা ৰাজনৈতিক মহলে অনুমান কৰিছে। নিৰ্দলীয় প্রাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে ভাস্কৰ জ্যোতি বৰুৱাই।