কঁহুৱা ফুলৰ হাঁহি – ছেলিমা বেগম

PC - SANGBAD PRAHARI
কঁহুৱা ফুলৰ হাঁহি
ছেলিমা বেগম
ঢল পুৱা উঠি খিৰিকী খুলোঁতে
নৈসৰ্গিক দৃশ্য  দেখি,
কঁহুৱা ,শেৱালি জুমি চাই আছে
মন ফূৰ্তি মেলি পাখি ৷
ওৰেটো ৰাতি যে আলিঙ্গন কৰে
কঁহুৱা ফুলৰ হাঁহি ,
গভীৰ নিদ্ৰাত শুইছে মাটিত ৷
বগা শাৰী তাৰ পাহি ।
কঁহুৱা ফুলৰ নৃত্যৰ তালে যে
বকুল শেৱালি নাছে,
কহুঁৱা ঢৌ তুলি নাচিছে নৈৰ পাৰত
ৰিমঝিম হৈ  আছে ।
ঢৌ  তুলি নাছিছে নদীৰ বুকুত ,
বগলী উৰিছে তাতে ,
শুকুলা ডাৱৰ পৰকাল কৰে
শৰৎ ঋতুৰ মাজতে ।
নিয়ৰে পিন্ধিলে মণি,মুকুতাৰ
মালা গাঁঠি লৈ  ডিঙিত ,
ঋতু ৰাণীক স্বাগতম জনালে ৷
কঁহুৱা ফুলৰ হাঁহিত ।