কঁকালৰ বিষ বা ছিয়াটিকা – ডা০ ৰূপ শেখৰ ডেকা

            বর্তমান এইবিধ বেমাৰৰ দ্বাৰা বিশ্বত যথেষ্ট সংখ্যক লোক আক্রান্ত হোৱা দেখা গৈছে। ৪০ বছৰৰ উৰ্ধৰ মানুহৰ ক্ষেত্ৰত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছিকৈ দেখা যায় যদিও আজিকালি ২০ বছৰৰ উৰ্ধৰ একাংশ লোকো এই ৰোগত আক্রান্ত হোৱা দেখা গৈছে। প্ৰকৃততে এই ৰোগবিধ হৈছে আধুনিকতাৰ এক অভিশাপ স্বৰূপ। কিয়নো আধুনিকতাৰ প্ৰভাৱত মানুহৰ দৈনন্দিন খোজকঢ়াৰ পৰিমাণ যথেষ্ট কমি গৈছে। যাৰ ফলত আধুনিক বিশ্বত এনেধৰণৰ ৰোগীৰ সংখ্যা বাঢ়ি গৈছে। অৱশ্যে ইয়াৰ বাহিৰেও অন্যান্য বহুতো কাৰণত মানুহৰ কঁকালৰ বিষ হয়। সচৰাচৰ এই ৰোগবিধক ছিয়াটিকা বুলি কোৱা হয়। সাধাৰণতে এই ৰোগবিধে কঁকাল বা তাৰ তলৰ অংশ প্রভাৱিত কৰে। আমাৰ দেহত থকা “Sciatic nerve” নামৰ এডাল নাৰ্ভত দেখা দিয়া তাৰতম্যৰ ফলতে এই ৰোগ হোৱা বাবে ইয়াক ছিয়াটিকা বুলি কোৱা হয়। অৱশ্যে এই নাৰ্ভডালৰ বাহিৰেও অন্য নাৰ্ভত দেখা দিয়া তাৰতম্যৰ ফলতো এই ৰোগ হ’ব পাৰে। এই বেমাৰ বিধৰ ফলত কেতিয়াবা মানুহে খোজকাঢ়িব নোৱাৰাও হৈ যায়। কেতিয়াবা সঠিক সময়ত চিকিৎসা গ্রহণ নকৰিলে মানুহে পায়খানা বা প্রস্রাৱ পর্যন্ত কৰিব নোৱাৰা হৈ পৰে। যিকোনো ধৰণৰ কঁকালৰ বিষকে ছিয়াটিকা বুলি কোৱাটো ভুল যদিও মানুহে কঁকালৰ বিষক সমগ্র বিশ্বতে ছিয়াটিকা বুলিয়েই জানে।

  • ছিয়াটিকা ৰোগৰ লক্ষণসমূহ হ’লঃ

ক) কঁকালৰ তলৰ অংশৰ বিষ
খ) ভৰিৰ ওপৰ অংশ বা তলৰ অংশৰ বিষ
গ) কঁকালৰ গাঁঠিৰ বিষ
ঘ) ভৰি পিৰপিৰাই থকা বা জ্বলি থকা
ঙ) ভৰিৰ দুৰ্বলতা অথবা খোজকঢ়াত অসুবিধা
চ) এখন ভৰি অনবৰতে বিষাই থকা
ছ) অত্যধিক বিষৰ ফলত থিয় হওতে অসুবিধা পোৱা

  • ছিয়াটিকা ৰোগৰ কাৰণসমূহ হ’লঃ

ক) আঘাত পোৱাৰ ফলতঃ বেছিভাগ ক্ষেত্ৰতে মানুহে আঘাত পোৱাৰ ফলতে এই ৰোগবিধ হয়। উদাহৰণস্বৰূপে কিছুমান খেলত যদি মানুহৰ শৰীৰটো ভাজ নালাগিবলগীয়া ধৰণে ঘূৰে বা ভাজ খায়, তেতিয়া মানুহে কঁকালত আঘাত পাব পাৰে। বেছিভাগ ক্ষেত্ৰতে যেতিয়া এজন মানুহে খেলা-ধূলা কৰা বা পৰি যোৱাৰ ফলত কঁকালত আঘাত পায়, তেন্তে তাৰ ফলত মানুহৰ ৰাজহাড় সংলগ্ন মাংসপেশী বা লিগামেন্ট  আঘাতপ্রাপ্ত হয়। কিছু ক্ষেত্ৰত অত্যধিক ওজনৰ বস্তু দঙাৰ ফলতো মানুহে কঁকালৰ বিষত ভুগিব পাৰে।

খ) হাড় ভগাৰ ফলতঃ  কেতিয়াবা মানুহ এজনে পৰি যোৱাৰ ফলত অথবা খেলা-ধূলা কৰোতে যদি কঁকালটো ভাঁজ নালাগিবলগীয়া ধৰণে ভাঁজ খায়, তেতিয়া কঁকালৰ হাড় পর্যন্ত ভাগি যাব পাৰে। ইয়াৰ উপৰিও বহুদিন ধৰি কঁকালৰ বিষত ভুগি থকাৰ পিছতো কিছুমান ৰোগৰ ফলত সেই অঞ্চলৰ হাড় ভাগি যাব পাৰে। ই অতিশয় গুৰুতৰ সমস্যা। অস্তিঅ’পৰ’ছিছ  নামৰ এবিধ বেমাৰত কঁকালৰ হাড় এনেদৰে ভাগি পর্যন্ত যোৱা দেখা যায়।

গ) অস্তিঅ ‘আৰ্থাৰাইটিছঃ মানুহৰ ৰাজহাড়ৰ টুকুৰাবোৰৰ মাজত একোখন থালিসদৃশ বস্তু থাকে যাক চিকিৎসা বিজ্ঞানত ইনভাৰ্টিব্রেল ডিস্ক  বুলি কোৱা হয়। এই ডিস্কবোৰে ইলাষ্টিক বা কুছনৰ দৰে কাম কৰে, যাৰ ফলত ৰাজহাড়ৰ দুটা টুকুৰা ইটো আনটোৰ গাত খুন্দা খাই আঘাত নোহোৱাকৈ থাকে। অস্তিঅ’ আৰ্থাৰাইটিছ নামৰ বেমাৰ বিধত ভুগিলে ডিস্কবোৰৰ এই ইলাষ্টিক বা কুছনৰ দৰে চৰিত্ৰটো নাইকিয়া হৈ যায়। যাৰ ফলত মানুহ এজন গুৰুতৰ কঁকালৰ বিষত ভুগিব পাৰে। ইয়াৰ উপৰিও এই ইনভার্টিব্রেল ডিস্কবোৰৰ আন কিছুমান উপসর্গতো মানুহে কঁকালৰ বিষত ভুগিব পাৰে। এক নির্দিষ্ট বয়সৰ পাছত এই ডিস্কবোৰ নিজে নিজে ভাগি যাব পাৰে।

ঘ) স্থানান্তৰিত ইণ্টাৰভার্টিব্রেল ডিস্কঃ  কেতিয়াবা কিছুমান অৱস্থাত এই ডিস্কবোৰ কঁকালৰ দুটা হাড়ৰ টুকুৰাৰ মাজত থকাৰ সলনি কিছুদূৰ যিকোনো দিশলৈ আগবাঢ়ি আহিব পাৰে। এনে অৱস্থাটোক সচৰাচৰ ইণ্টাৰভার্টিব্ৰেল ডিস্ক প্রলেপছ  অথবা শ্লিপড্ ডিস্ক  বুলি কোৱা হয়। তেনে অৱস্থাত এই স্থানান্তৰিত ডিস্কখনে স্পাইনেল কর্ডত থকা কোনো এডাল নার্ভক ঠেলিব পাৰে। তেনে অৱস্থাত ৰোগী এজনে লগে লগে প্রচণ্ড কঁকালৰ বিষ অনুভৱ কৰিব পাৰে। সাধাৰণ এক্সৰে-ৰ দ্বাৰাই এই বেমাৰবিধক ধৰিব পাৰি। আজিকালি চহৰ বা গ্রামাঞ্চলত যথেষ্টসংখ্যক জিম গঢ়ি উঠা দেখা গৈছে। এই জিমবোৰত গৈ মানুহ এজনে সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হ’ব পাৰে যদিও জিম কৰাৰ সময়ত যদি অসাৱধানৱশতঃ কঁকালত অত্যধিক চাপ পৰা কচৰৎ কৰে, তেন্তে ব্যক্তি এজনে হঠাৎ শ্লিপ ডিস্কত আক্রান্ত হ’ব পাৰে। যেনে স্কটছ নামৰ কছৰত কৰাৰ সময়ত যথেষ্ট ওজন দাঙিলে এই শ্লিপ ডিস্ক হ’ব পাৰে।

ঙ) মেদবহুলতাঃ  যদি এজন মানুহৰ হঠাৎ অত্যধিক ওজন বৃদ্ধি হয়, তেন্তে তেওঁৰ ৰাজহাড়ত অত্যধিক চাপৰ সৃষ্টি হ’ব পাৰে। এই মেদবহুল ব্যক্তিসকলে কঁকালত অত্যধিক চাপ পোৱাৰ ফলত ওপৰত উল্লিখিত অস্তিঅ’ আৰ্থাৰাইটিছত আক্রান্ত হ’ব পাৰে।

চ) ফাইব্র’মায়েলজিয়াঃ  এই অৱস্থাত মানুহৰ সৰ্বশৰীৰৰ মাংসপেশী তথা লিগামেণ্ট  আৰু টেণ্ডনত বিষ হ’ব পাৰে। এনে সমস্যাত ভোগা মানুহৰ কঁকালৰ বিষবিধো সমগ্ৰ শৰীৰৰ বিষৰ লগত হোৱা বিষহে। এই অৱস্থাটোৰ আন এক লক্ষণ হৈছে অত্যধিক ভাগৰ লগা।

ছ) গৰ্ভধাৰণঃ  গৰ্ভধাৰণৰ এক অন্যতম পার্শ্বক্রিয়া হৈছে কঁকালৰ বিষ। ইয়াৰ কাৰণ হৈছে মহিলাগৰাকীয়ে নিজে গম নোপোৱাকৈ হোৱা ওজন বৃদ্ধি তথা গৰ্ভধাৰণৰ ফলত কঁকালখন পোনকৈ ৰখাত হোৱা অসুবিধা। গৰ্ভাৱস্থাত হোৱা কঁকালৰ বিষত যিসকলে ভোগে তেওঁলোকে শেষৰ তিনিমাহত এই বিষ বেছিকৈ অনুভৱ কৰে।

জ) শোৱাৰ ধৰণঃ  কেতিয়াবা এজন মানুহৰ শোৱাৰ ধৰণ যদি সাধাৰণ মানুহতকৈ অইন ধৰণৰ হয়, তেতিয়া হ’লেও তেওঁৰ কঁকালৰ বিষ হ’ব পাৰে। যেনে পেটৰ ওপৰত শুলে কঁকালটোৱে অজানিতে কষ্ট পায়। সেয়েহে এনে কৰা অনুচিত।

ঝ) বেঁকাকৈ থিয় হৈ খোজ কাঢ়িলেঃ  মানুহে যদি বেঁকাকৈ খোজ কঢ়াৰ অভ্যাস কৰে তেন্তে তেওঁ নিশ্চিতভাৱে এক নির্দিষ্ট বয়সৰ পাছত কঁকালৰ বিষত ভুগিব। সন্মুখৰ ফাললৈ বেছিকৈ হাউলি থাকিবলগীয়া কামৰ ফলতো কঁকালৰ বিষ হ’ব পাৰে। যেনে ঘৰ মোচা, মাটিত বহি শাক পাচলি কটা, মাটিত বহি কাপোৰ ধোৱা ইত্যাদি।

ঞ) মানসিক চাপ আৰু উৎকণ্ঠাঃ  যেতিয়া এজন মানুহে অত্যধিক মানসিক চাপ তথা উৎকণ্ঠাত ভোগে তেতিয়াও গুৰুতৰভাৱে কঁকালৰ বিষ হ’ব পাৰে। বিষণ্ণ বা বিমৰ্ষ অৱস্থাৰ ফলতো মানুহ এজনে কঁকালৰ বিষত ভুগিব পাৰে।

  • কঁকালৰ বিষৰ চিকিৎসাঃ

ক) বিশ্রামঃ  যিকোনো ধৰণৰ কঁকালৰ বিষৰেই প্ৰাথমিক চিকিৎসা হৈছে সম্পূর্ণ বিশ্রাম ৷ কঁকালৰ বিষ হোৱাৰ পাছত মানুহ এজনে যদি অতি কমেও তিনি দিন বিশ্রাম ল’ব পাৰে, তেন্তে সৰহসংখ্যক কঁকালৰ বিষত ভোগা ৰোগীয়েই ইয়াৰ পৰা পৰিত্ৰাণ পায়। কিন্তু এই বিশ্রাম হ’ব লাগিব শাৰিৰীক তথা মানসিক। কিয়নো মানসিকভাৱে মানুহ এজনে যদি সম্পূৰ্ণৰূপে চাপমুক্ত  হ’ব নোৱাৰে, তেন্তে কেতিয়াবা অকল শাৰিৰীক বিশ্রামেই যথেষ্ট নহ’ব পাৰে। এই দুই তিনিদিনৰ বিশ্ৰামৰ সময়ত কোনোধৰণৰ কচৰতো কৰা অনুচিত।

খ) কচৰতঃ  কঁকালৰ বিষত ভোগা মানুহে দুই তিনিদিনৰ সম্পূৰ্ণ বিশ্ৰামৰ পাছতহে কঁকালৰ বিষ উপশম হোৱা কচৰত কৰা উচিত। এই কচৰতসমূহক Exercise for Spinal Extention বুলি জনা যায়। এই কচৰতসমূহ অতি সহজ। কিন্তু ইয়াক শুদ্ধভাৱে কৰাটো দৰকাৰ। বেছিভাগ যোগাসন প্রশিক্ষণ কেন্দ্র, জিম, মার্চিয়েল আৰ্টছ একাডেমি তথা অন্যান্য খেলাধূলাৰ কেন্দ্ৰসমূহত এনে কচৰত জনা বা শিকোৱা ব্যক্তি সুলভ। কিন্তু কঁকালৰ বিষত ভোগা মানুহে কেতিয়াও সন্মুখলৈ হাউলি কৰিবলগীয়া কচৰত কৰা অনুচিত।

গ) ডাক্তৰী চিকিৎসাঃ  যদিহে মানুহ এজনে বিশ্রাম বা কচৰতৰ ফলত কঁকালৰ বিষৰ পৰা পৰিত্ৰাণ নাপায়, তেওঁ নিশ্চিতভাৱে চিকিৎসকৰ পৰামর্শ লোৱা উচিত। কঁকালৰ বিষত ভোগা ৰোগীয়ে কঁকালৰ এক্স-ৰে তথা চিটি স্কেন কৰাৰ আৱশ্যক হয়। ৰাজহাড়ত হোৱা যক্ষ্মা  ইত্যাদি ৰোগত কেতিয়াবা কঁকালৰ বিষৰ উপশমৰ বাবে দীঘলীয়া চিকিৎসা বা অস্ত্রোপচাৰৰো প্ৰয়োজন হয়। তেনেক্ষেত্ৰত অস্থিৰোগ বিশেষজ্ঞ বা স্নায়ুশল্য চিকিৎসকৰ সহায়ৰ প্ৰয়োজন হয়। কঁকালৰ বিষৰ ঔষধ চিকিৎসকৰ পৰামৰ্শ অবিহনে গ্ৰহণ কৰা অনুচিত। কিয়নো যধে মধে বিষ উপশমৰ বাবে খোৱা টেবলেটসমূহে মানুহৰ বৃক্কৰ  ক্ষতিসাধন বা ইয়াক সম্পূৰ্ণৰূপে বিকল কৰি পেলাব পাৰে।