কঁকালৰ বিষ আৰু ইয়াৰ আয়ুৰ্বেদিক চিকিৎসা
বৰ্ত্তমান সময়ত প্ৰায়ভাগ লোকে ভোগা এটা সাধাৰণ সমস্যা হৈছে কঁকালৰ বিষ বা লাম্বাগ’ (Lunbago)। গোটেই বিশ্বৰ শতকৰা ৯০ ভাগতকৈ অধিক লোক এই সমস্যাত আক্ৰান্ত। আধুনিক জীৱনশৈলীয়ে এই ৰোগৰ প্ৰাদুৰ্ভাৱ ভয়াবহভাৱে বৃদ্ধি কৰিছে। চিকিৎসা বিজ্ঞানৰ ভাষাৰ লাম্বাৰ নং ১ ৰ পৰা ৫ নং কশেৰুকাৰ বিস্তাৰিত স্থান আৰু তাৰ আশে-পাশে বিভিন্ন কাৰণত হোৱা বিষকে কঁকালৰ বিষ বুলি জনা যায়। এই বিষত ৰোগীজনে দৈনন্দিন জীৱনত চলা-ফুৰা কৰা, খোজকঢ়া বা বহাত অসুবিধাৰ সৃষ্টি হয় ফলত জীৱন্তে মৃত্যু যন্ত্ৰণা ভূগিব লগা হয়।
কঁকালৰ বিষৰ লক্ষণঃ কঁকালৰ বিষৰ লক্ষণসমূহ এনেধৰণৰ –
১) অনবৰতে বিষ অনুভৱ কৰা
২) কঁকালৰ পৰা দুয়ো ভৰিৰ তললৈ বিষ নামি যোৱা
৩) উঠা আৰু বহাত অসুবিধা হোৱা
৪) ৰাতি শুই থাকোতে বিষ বাঢ়ি যোৱা
৫) বহু সময় একেৰাহে থিয় হৈ বা বহি থাকিলে কঁকালত বিষ অনুভৱ কৰা
৬) শৰীৰত ওজন কমি যোৱা
৭) জ্বৰ উঠা
৮) কেতিয়াবা ভৰি জঠৰ হৈ পৰা ইত্যাদি।
যদিহে ৰোগীৰ অনবৰতে বিষ থকাৰ লগতে ওপৰত উল্লেখিত লক্ষণসমূহৰ এবিধ বা ততোধিক লক্ষণ দেখা দিয়ে তেন্তে স্বাস্থ্য পৰীক্ষা কৰি ইয়াৰ কাৰণ নিৰ্ধাৰণ কৰাটো অতি জৰুৰী।
কঁকালৰ বিষৰ মুখ্য কাৰণসমূহঃ যিকোনো কাৰণত কঁকালৰ বিষ হ’ব পাৰে, যেনে –
১) ৰাজহাঁড়ৰ আথ্ৰাইটিছ, ৰিউমেটইড আৰু এনকাইল’জিৎ স্পণ্ডিলাইটিছ
২) মেৰুদণ্ডত টিউমাৰ
৩) মেৰুদণ্ডত আঘাত পালে বা অত্যাধিক গধুৰ বস্তু কঢ়িয়াওতে হেঁচা পৰাৰ ফলত
৪) চকীত বহুসময় একেৰাহে বহি কাম কৰি থাকিলে
৫) হাড়ৰ ক্ষয় আৰু গঠনৰ পৰিৱৰ্তন হ’লে
৬) ডিজেনে’ৰেটিভ স্পণ্ডেলাইটিছ, ছয়েটিকা (Sciatica)
৭) ৰাজহাড়ৰ দুৰ্বলতা
৮) ডিস্ক-প্ৰলাপছ
৯) কিডনিত পাথৰ
১০) ৰাজহাড়ৰ ইনফেকচন যেনে – ৰাজহাড় টিউবাৰকুল’ছিছ
১১) অত্যাধিক মানসিক চাপ
১২) একেৰাহে থিয় হৈ থাকিলে
সাধাৰণতে গাঁও অঞ্চলতকৈ চহৰ অঞ্চলত কঁকালৰ বিষত ভোগা ৰোগীৰ সংখ্যা অধিক। ইয়াৰ কাৰণ হৈছে জীৱনশৈলী তথা শাৰীৰিক পৰিশ্ৰমৰ অভাৱ।
তলত উল্লেখিত লোকসকল কঁকালৰ বিষত ভোগাৰ আশংকা অধিক, যেনে –
১) আৰামপ্ৰিয় জীৱনশৈলী
২) অত্যাধিক ওজন বা মেদবহুলতা
৩) ধূমপান সেৱন
৪) ৩৫ বছৰ বয়সৰ পিছত
আয়ুৰ্বেদৰ কঁকালৰ বিষঃ আয়ুৰ্বেদ শাস্ত্ৰত কঁকালৰ বিষক নিতম্ব শূল বা কটি শূল নামেৰে জনা যায়। এই বিষত হাড় আৰু মাংসপেশী দুৰ্বল হৈ পৰে। (অস্তি ধাতু ক্ষয়/ মাংস ধাতু ক্ষয়)। বিশেষকৈ বাত দোষৰ প্ৰকোপৰ ফলত কঁকালৰ বিষ হয় যদিও অন্য দোষ (পিত্ত, কফ আদি) সমূহো জড়িত হব পাৰে।
চিকিৎসাঃ আযুৰ্বেদ অনুসৰি আমাৰ শৰীৰত বাত দোষৰ ভাৰসাম্য বজাই ৰখাটো এই ৰোগৰ মূখ্য চিকিৎসা। আয়ুৰ্বেদ অনুসৰি এই ৰোগৰ এবিধ প্ৰধান চিকিৎসা হৈছে কটি বস্তি। এই পদ্ধতিত ৰোগীক তলমূৱাকৈ শুবলৈ দিয়া হয়। ইয়াৰ পিছত ৰোগীৰ কঁকালত ময়দাৰ ৫ বা ৬ ইঞ্চিৰ এটা ঘেৰ তৈয়াৰ কৰা হয়। এই ঘেৰটোৰ ভিতৰত Medicated Oil ঢালি দিয়া হয়। সাধাৰণতে বাত শামক তেল যেনে বলা তেল, দশমূল তেল, কেষ্টৰ তেল ইত্যাদি ব্যৱহাৰ কৰা হয়।
কঁকালৰ বিষত ব্যৱহৃত কেইবিধমান ঔষধি দ্ৰব্যঃ
১) নহৰুঃ নহৰুৰ বিষ নিৰামক গুণৰ বাবে ই এবিধ উত্তম ঔষধি। কেইফুটামান নহৰু Castar বা তিলতেলত গৰম কৰি লব। ঠাণ্ডা হোৱাৰ পিছত এই তেলেৰে আক্ৰান্ত ঠাইত মালিচ কৰিব।
২) আদাঃ সমপৰিমাণৰ শুকান আদা আৰু পিপালী (Long Paper) মিলাই এচামুচকৈ গৰম পানীৰ লগত নিতৌ খাব।
৩) হালধিঃ দুটামান ইলাচি ভাঙি গৰম গাখীৰৰ লগত মিলাই লব। ইয়াৰ লগত এচিকুতৎ হালধি মিহলাব। নিতৌ ৰাতি শুৱাৰ সময়ত এই মিশ্ৰণ খালে কঁকালৰ বিষ কমি যায়।
৪) কৰ্পুৰঃ কৰ্পুৰ হৈছে এবিধ উৎকৃষ্ট ঔষধি দ্ৰব্য। কেইটুকুৰামান কৰ্পুৰ নাৰিকল তেলত ৩ ৰ পৰা ৫ মিনিট উতলাই লৈ ঠাণ্ডা হোৱাৰ পিছত এটা বটলত ভৰাই ৰাখিব। এই তেলেৰে ৰাতি শুৱাৰ সময়ত মালিছ কৰিব।
৫) অশ্বগন্ধাঃ অশ্বগন্ধাই ৰক্তবাহী নলীবোৰ প্ৰসাৰণ কৰি তেজ চলাচল হোৱাৰ সহায় কৰে। বিভিন্ন ধৰণৰ Autoimmune Disease যেনে – ৰিউমেটইড আথ্ৰাইটিছৰ বাবে অশ্বগন্ধা অতি উপকাৰী। গৰম গাখীৰৰ লগত এচামুচ অশ্বগন্ধা মিলাই ৰাতি শুৱাৰ সময়ত খোৱা উচিত।
৬) ইউকেলিপটাছঃ নিলগিৰী বা ইউকেলিপটাছ আক্ৰান্ত ঠাইত মালিছ কৰিলে যথেষ্ট সুফল পাই। কেইটোপালমান ইউকেলিপটাছ গা-ধোৱা পানীৰ লগত মিলাই ধুলে বিষ উপশম হয়।
আয়ুৰ্বেদত কঁকালৰ বিষৰ বিভিন্ন ধৰণৰ শাস্ত্ৰীয় ঔষধ ব্যৱহৃত হয়। যেনে – মহা যোগৰাজ গুগ্গুলু, বাতগজাংকুশ ৰস, মহানাৰায়ণ তেল, লাক্ষাদি গুগ্গুলু, দশমূলাৰিষ্ট, ত্ৰিফলা গুগ্গুলু, পুননৰ্বা মত্তুৰ, আৰু কৈশোৰ গুগ্গুলু, বৃহৎ বাত চিন্তামণি, মহাবাতবিধ্বংস ৰস, সিংহনাদ গুগ্গুলু ইত্যাদি। কিন্তু এই ঔষধ সমূহ চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে গ্ৰহণ কৰা উচিত।
কঁকালৰ বিষৰ আহাৰঃ কঁকালৰ বিষত ভোগা ৰোগীসকলে বিলাহী, গাজৰ, বন্ধাকবি, তিয়ঁহ, মূলা, ছালাডপাত, ফুলকবি, পালেং আৰু যথেষ্ট পৰিমাণে ফল-মূল খোৱা উচিত। মৌ-জাল, ভেদাইলতা, শেৱালিফুল, নিমপাত, অমিতা আদি সুপথ্য। কোষ্ঠবন্ধতা আঁতৰাবলৈ সেউজীয়া শাক-পাছলি আৰু আঁহযুক্ত খাদ্য খোৱা উচিত যিয়ে কঁকালৰ বিষ হোৱাত বাধা প্ৰদান কৰে।
চৰ্বিজাতীয় খাদ্য, দৈ, চেনি, চাহ, কফি, প্ৰক্ৰিয়াজাত খাদ্য ইত্যাদি বৰ্জন কৰিব লাগে। দৈৰ বাহিৰে দুগ্ধজাতীয় খাদ্য যথেষ্ট পৰিমাণে খোৱা উচিত। কাৰণ এইবোৰত কেলচিয়াম আৰু ভিটামিন-ডি থাকে যিয়ে হাড় মজবুত ৰখাত সহায় কৰে।
জীৱন-শৈলীঃ শৰীৰত যাতে অত্যাধিক মেদ সৃষ্টি নহয় তাৰ বাবে সজাগ থকা উচিত। বহোঁতে, কম্পিউটাৰত কাম কৰোঁতে বা গাড়ী চলাওতে ৰাজহাড় পোনকৈ ৰাখিব। বেছি আৰামদায়ক বিছনা আৰু ওখ গাৰু ত্যাগ কৰা উচিত। ধূমপান বৰ্জন কৰক। বিষ বেছি হ’লে গৰম তিলতেল, মধ্যম নাৰায়ণ তেল, মহামাছ তেল, বছ তেলেৰে কঁকাল মালিছ কৰিব পাৰে।
ইৰাৰ উপৰিও নিয়মিত যোগ অভ্যাস কৰি এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি। অভিজ্ঞ যোগ- চিকিৎসকৰ পৰা পৰামৰ্স লৈ নিয়মিতভাৱে পুৱা-গধূলি যোগ অভ্যাস কৰি এই ৰোগ নিয়মন্ত্ৰণ কৰক।
১) ভূজংগাসন
২) শলভাসন
৩) হলাসন
৪) শৱাসন
৫) বজ্ৰাসন
৬) টাডাসন
৭) ধনুৰাসন
৮) অনুলোম বিলোম ইত্যাদি।
এনেদৰেই আমি সঠিক খাদ্যভাস আৰু জীৱন শৈলীৰে কঁকালৰ বিষ নিৰাময় কৰি স্বাস্থ্যৱান হৈ থাকিবলৈ সক্ষম হ’ব পাৰো।
ডাঃ বিজিতা চুতীয়া
লেখিকা নেচনেল আয়ুষ মিছনৰ ষ্টেট কনচালটেন্ট
ফোন নং – ৯৭০৭২৮৪১০০