কʼভিডৰ তৃতীয় ঢৌৰ সৈতে যুঁজিবলৈ সাজু চৰকাৰ

pc- News18

কʼভিডৰ তৃতীয় ঢৌৰ সৈতে যুঁজিবলৈ সাজু চৰকাৰ

অনলাইন বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শিলচৰত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে কʼভিডৰ সম্ভাব্য তৃতীয় ঢৌৰ বাবে ৰাজ্য চৰকাৰ সাজু। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে  সকলোৱে ভেকচিন ল’লে তৃতীয় ঢৌৰ মোকাবিলা কৰিব পৰা যাব। এইক্ষেত্ৰত জনসাধাৰণে কʼভিড ভেকচিনৰ দুয়োটা পালি এশ শতাংশ লোকে লʼব লাগিব। মুখ্যমন্ত্ৰীগৰাকীয়ে তৃতীয় ঢৌৰ মোকাবিলা কৰাৰ বাবে আন্তঃগাঁথনি সবল কৰাৰ বিষয়ে উল্লেখ কৰি কয় যে শিলচৰ মেডিকেল কলেজ হাস্পতালত অতিৰিক্ত ৪০খন আই চি ইউ বিছনা আৰু ৪০খন শিশুসকলৰ বিছনাযুক্ত ভৱন মুকলি কৰা হৈছে৷ জনসাধাৰণক ক’ভিডৰ ভেকচিন লোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ আহ্বান জনাই মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে ক’ভিড আহিলেই অর্থনীতি বন্ধ হৈ যায়। নিয়োগৰ ক্ষেত্ৰত বহু সমস্যা আহি পৰে। সেয়ে ভেকচিন লৈ সকলোৱে সুৰক্ষিত হৈ থকা উচিত।  চিনেমা গৃহ খোলাৰ ক্ষেত্ৰত চৰকাৰৰ কোনো আপত্তি নাই ৷ কিন্তু চিনেমা গৃহ খোলাৰ পাছত যদি পুনৰ ক’ভিডৰ প্ৰাদুৰ্ভাৱ ঘটে, তেতিয়া আকৌ চিনেমা গৃহ বন্ধ কৰিব লাগিব। সেয়ে চৰকাৰে চিনেমা গৃহ খোলাৰ ক্ষেত্ৰত কিছু অপেক্ষা কৰিব লাগিব।