ঔষধৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ
ৰঙিলী বাৰ্ত্তাসেৱা- আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ঔষধৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিছে। আমেৰিকাই ঘৰুৱা সামগ্ৰীৰ ওপৰত ৫০ শতাংশ, আচবাবৰ ওপৰত ৩০ শতাংশ আৰু মালবাহী ট্ৰাকৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে। সংশ্লিষ্ট সামগ্ৰীসমূহ আমেৰিকাত প্রস্তুত কৰিবলৈও দাবী জনাইছে মার্কিন প্রশাসনে। ট্রাম্পে সামাজিক মাধ্যমযোগে ১ অক্টোবৰৰ পৰা নতুন কোম্পানীৰ ঔষধৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপৰ কথা ঘোষণা কৰে। যদিহে এই কোম্পানীসমূহে আমেৰিকাৰ মাটিত উৎপাদন আৰম্ভ নকৰে তেন্তে তেওঁলোকে সেই শুল্কৰ বোজা বহন কৰিব লাগিব। ট্রাম্পে অৱশ্যে কেৱল ভাৰতৰ ক্ষেত্ৰতে নহয়, ঔষধ ৰপ্তানি কৰা প্ৰতিখন দেশৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপৰ কথা সদৰী কৰিছে। ট্ৰাম্পৰ এই সিদ্ধান্তই ভাৰতত বৃহৎ প্ৰভাৱ পেলাব পাৰে, কিয়নো ভাৰতে আমেৰিকালৈ বৃহৎ পৰিমাণৰ ঔষধ ৰপ্তানি কৰে। এনে পৰিপ্ৰেক্ষিতত অত্যধিক শুল্কই স্বাভাৱিকতে ৰপ্তানিকাৰীক বিপদত পেলাব। ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে আমেৰিকাৰ বজাৰখন বিদেশী সামগ্ৰীৰে উপচি পৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এই ধাৰা বন্ধ হ’ব লাগে। আমদানিৰ পৰিৱৰ্তে সকলো সামগ্রী আমেৰিকাত নিৰ্মাণ কৰিলেহে ৰাষ্ট্ৰীয় নিৰাপত্তা নিশ্চিত হ’ব।