ঔতলা গাঁও পঞ্চায়ত আৰু মঙ্গলদৈ সদৰ আৰক্ষী থানাৰ যৌথ উদ্যোগত সামাজিক দায়বদ্ধতা আৰু পৰিবেশ সজাগতা সভা

ঔতলা গাঁও পঞ্চায়ত আৰু মঙ্গলদৈ সদৰ আৰক্ষী থানাৰ যৌথ উদ্যোগত সামাজিক দায়বদ্ধতা আৰু পৰিবেশ সজাগতা সভা

মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা,ৰঙিলী বাৰ্ত্তাসেৱা- কলাইগাওঁ উন্নয়ন খণ্ডৰ অন্তৰ্গত ঔতলা গাঁও পঞ্চায়ত আৰু মঙ্গলদৈ সদৰ থানাৰ যৌথ উদ্যোগত সামাজিক দায়বদ্ধতা আৰু পৰিবেশ সজাগতাৰ এক সভা ২ জুলাইত অনুষ্ঠিত হয়।‌ পঞ্চায়ত কাৰ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে ঔতলা গাঁও পঞ্চায়তৰ সভাপতি কৌশিক ডেকাই। বিশেষকৈ কলাইগাওঁ আৰু মঙ্গলদৈ এই দুই বিধানসভা সমষ্টিৰ অন্তৰ্গত গাওঁ সংলগ্ন ঔতলা গাঁও পঞ্চায়ত এলেকাত নাগৰিক সকলৰ পালনীয় সামাজিক দায়বদ্ধতা লগতে বহনক্ষম সেউজ পৰিবেশ বৰ্তাই ৰখাৰ ক্ষেত্ৰত উক্ত সজাগতা সভাখন অনুষ্ঠিত হয়। সভাত দৰং জিলা পৰিষদৰ উপসভানেত্ৰী কুসুম ডেকা ,অৱসৰী প্ৰধান শিক্ষক তনুৰাম চহৰীয়া, জ্ঞানম একাডেমীৰ অধ্যক্ষ ধনী ডেকা, সমাজকৰ্মী সঞ্জয় বড়া, মঠঙ্গা গাঁওৰ গাওঁ প্ৰধান জগত ডেকা আদি কেবাজনো ব্যক্তিয়ে ঔতলা অঞ্চলৰ সামাজিক প্ৰেক্ষাপট সন্দৰ্ভত বক্তব্য ৰাখে।সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি মঙ্গলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতিয়ে কয় যে সমাজ খন ভাল আৰু বেয়া দুয়োটা দিশৰ সংমিশ্ৰণ।সমাজৰ সহযোগ নহলে আৰক্ষী প্ৰশাসনে ভালদৰে দায়িত্ব পালন কৰিব নোৱাৰে।সদিচ্ছা থাকিলে সকলোৱে কম বেছি পৰিমাণে সমাজৰ হকে ভাল কাম কৰিব পাৰে। তেওঁ মঙ্গলদৈ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলসমূহত যিকোনো অসামাজিক কাম ৰোধ কৰাৰ ক্ষেত্ৰত নাগৰিক সকলৰ সহযোগিতা কামনাৰে সকলো পক্ষকে সজাগ হৈ থাকিবলৈ আহ্বান জনায়।‌তেওঁ এপ্ৰিলৰ পৰা জুন মাহলৈ অনুষ্ঠিত সকলো ৰাজহুৱা সভাৰ‌ অন্তত ১০ টাকৈ গছপুলি ৰোপণৰ‌ সপক্ষে মতপোষন কৰে। সভাত ঔতলা পঞ্চায়ত ৰ উপসভাপতি মুকুট হাজৰিকা প্ৰমুখ্যে পঞ্চায়তৰ সদস্য -সদস্যা সকল, গাওঁ প্ৰধান সকল, গাঁও পঞ্চায়তৰ সচিব আব্দুল ৱাছিত, অসমীয়া প্ৰতিদিন কাকতৰ কলাইগাওঁৰ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ প্ৰসাদ চহৰীয়া, মঙ্গলদৈ সদৰ থানাৰ গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক মহেশ শৰ্মা, মঙ্গলদৈ সদৰ থানাৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি নয়ন জ্যোতি দাস , সাপ্তাহিক ৰঙিলী বাৰ্তাৰ মঙ্গলদৈৰ সংবাদকৰ্মী কিশোৰ কুমাৰ শৰ্মা,অঙ্গনাৱাড়ী কৰ্মী, জীবিকা সখি সমন্বিতে পঞ্চায়ত এলেকাধীন গাওঁসমূহৰ প্ৰতিনিধি সকল উপস্হিত থাকে। উল্লেখযোগ্য যে আৰক্ষী বিষয়া মুকুট কাকতিয়ে বিভিন্ন ক্ষেত্ৰত আৰক্ষী ক সহযোগিতা আগবঢ়োৱা উদীয়মান যুৱ সমাজকৰ্মী ৰুমু বড়ো,যতীন ডেকা আৰু হৰিশ ডেকাক ফুলাম গামোছাৰে অভিনন্দন জ্ঞাপন কৰে। সভাৰ অন্তত পঞ্চায়ত চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়।