ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পশু বধ কৰি খাই অহা এতিয়া নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে
অমৰজিৎ ৰাভা,ওদালগুৰি,বাৰ্ত্তাসেৱা- ৰাজ্যৰ অন্যতম ৰাষ্ট্ৰীয় উদ্যানটোৱেই হল ওৰাং ৰাষ্ট্ৰীয় উদ্যান । ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বাঘৰ সংখ্যা অইন ৰাষ্ট্ৰীয় উদ্যানৰ তুলনাত অধিক । সদ্যসতে ওৰাং ৰাষ্ট্ৰীয় উদ্যান নামৰ সন্মুখত ৰাজীৱ গান্ধীৰ নাম বিগত দুই দশক জুৰি কংগ্ৰেছৰ চৰকাৰৰ কাৰ্যকালত যোগ দিয়া হৈছিল যদিও যোৱা আগষ্ট মাহত বিজেপি নেতৃত্বাধীন চৰকাৰে আকৌ ওৰাং বাসীৰ দাবী মৰ্মে ৰাষ্ট্ৰীয় উদ্যান খনৰ নাম ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়ে । ৰাজ্যৰ তেনে এক উল্লেখযোগ্য ৰাষ্ট্ৰীয় উদ্যানত এতিয়া চলিছে বনৰীয়া জীবজন্তুৰ মাংসৰ ৰমৰমীয়া বেহা । ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চলি আছে অৰাজকতা নিৰাপত্তা নোহোৱা হৈছে জীৱ-জন্তুৰ বনৰীয়া মহ কাটি মাংস খালে দুস্কৃৰ্তিকাৰীয়ে খবৰ নাই বন বিভাগৰ।যোৱা ৬ আগষ্টত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশত থকা নাঙলি চাপৰিৰ হবিবুৰ ৰহমান আইনুল হক ইছব আলী ইশ্ৰাফি আৰু লগতে প্ৰায় ৮/১০ জনীয়া দল এটাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া মহ এটা ফান্দ পাতি ধৰি কাটি মাংস ভগাই খায়। উক্ত খবৰ বন বিভাগে পোৱাৰ পাছতো কোনো লোকক কৰায়ত্ত নকৰাত প্ৰকৃতিপ্ৰেমী সংগঠন সমুহে আচাৰ্য্য প্ৰকাশ কৰিছে।