ওলাবা চোন এবাৰ সখী মাজুলীলৈ- পিংকুমনী দওঁ ,নাহৰণি বুঢ়াগাওঁ

ওলাবা চোন এবাৰ সখী মাজুলীলৈ✍️
সখী ওলাবা চোন এবাৰ মাজুলীলৈ যাম
প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্য্যৰ মাজত বিলীন হম দুয়ো এবাৰ
সৌহাৰ্দ্যপূৰ্ণ অতিথিপৰায়ণ সহজ সৰল লোকৰ সান্নিধ্যত তলবলীয়া হৈ ৰ’ম জীৱনৰ বিয়লি বেলাত৷
গৈছা নি বাৰু কেতিয়াবা
জানানে ঠিকনা কেনি যায় মাজুলীলৈ
নাই নাজানা ন আৰু শুনাও নাই সছাকৈ!
শুনা সখী
যোৰহাটৰ পৰা নিমাতী অভিমূখে উজনি মুৱা কৈ যাত্ৰা স্হিৰ কৰিবা
যাওঁতে কিন্ত ককিলা নদী পাৰ হৈ যাবা পথৰ কাষতেই লাগি থকা দেখিবা
নানা পৰিভ্ৰমী চৰাই বোৰ মতলীয়া হৈ বিভিন্ন শব্দৰে মূখৰিত কৰি তোলা সৌন্দৰ্য্য উপভোগ কৰি যাবা ৷
জানানে সখী পৃথিৱীৰ বৃহত্তম নদী দ্বীপ মাজুলীৰ ঐতিহ্য
মাজুলী সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ আৰু বিশ্বৰ ঐতিহ্যৰ ক্ষেত্ৰ
অ শুনা মাজুলী আকৌ সখী মুখা শিল্পৰ বাবেও বিখ্যাত জানা৷
মাজুলীলৈ যাওঁতে ফেৰীত উঠি যোৱাৰ মজায়েই বেলেগ
যাওঁতে ব্ৰহ্মপুত্ৰ নদীৰ অবৰ্ণনীয় মনোমোহা পৰিবেশ দেখি অভিভূত নহবা আকৌ
মাথোঁ অনুভৱ কৰিবা নদী খনৰ বিশালতা আৰু গভীৰতা
দেখিছানে সখী নদী ভৰ যৌৱনা হোৱা দৃশ্য
সছাই নান্দনিক জানা
তুমি ছাগৈ অলপ হৃদয়ংগম কৰিছা নহয়নে?
অনুধাৱন কৰি চোৱা চোন মাত্ৰ এবাৰ ফেনেফুটুকাৰে ভৰ বাৰিষা ভৰি পৰা নদীখনৰ কথা
ৰৌদ্ৰস্নাতা সুৰুযৰ সেই আহ্লাদিত ক্ষণে তোমাৰ মন পুলকিত কৰি তুলিব মূহূৰ্ততে
মই যে আবেগিক হৈ চঞ্চলা হৈ পৰো
যেতিয়া মাজৰ চাপৰি পাৰ হৈ ৰিণিকি ৰিণিকি মাথাউৰিটো দেখো
মনটো আত্মহাৰা হৈ পৰে আনন্দত
বুকুৰ মাজত ঝনঝৰিত হয়মোৰ আপোন মাটিৰ সুস্বাদুৰ গোন্ধ৷
তুমি ছাগৈ সখী ভাবিছা
এইয়া মোৰ জীৱনৰ গান
নহয় জানা এয়া মোৰ জন্ম ভূমিৰ গৌৰৱেৰে গৌৰাৱাম্বিত হোৱা সুৰৰ সুবাস
সেয়ে জৰুৰ ওলাবা
এবাৰ মাজুলীলৈ সখী ৷
পিংকুমনী দওঁ
নাহৰণি বুঢ়াগাওঁ
দুৰভাষ ৮৮৭৬৪৭৭৩১৯