ওলট পালট – দুলুমণি দেৱী

Pc Peakpx

ওলট পালট

দুলুমণি দেৱী,মাকুম

ফাগুনৰ বতাহজাক বলিবলৈ আৰম্ভ কৰিলেই জিঞ্জানৰ  মনটো কোমল হৈ পৰে  আৱৰি ধৰেহি মিঠা আৱেগে ৷ যিজাক বতাহ তাৰ বাবে আছিল সকলোতকৈ আপোন ৷যিজাক বতাহত সি বিচাৰি পাইছিল মিঠা মিঠা আমেজ ৷ কলেজীয়া জীৱনৰ পৰা প্রতিটো খোজ একেলগে পাৰ কৰা জিমি, আৰু জিঞ্জানৰ কথা সকলোৰে মুখে মুখে যেন দুয়ো বহুত যুগৰ চিনাকিহে কিন্তু সেই চিনাকিও কেতিয়াবা অচিনাকি হৈ যায়  ৷

 জিঞ্জানে কর্মৰ তাগিদাত পৰি দিল্লীলৈ যাবলগা হৈছিল যদিও প্রতিশ্রুতি আছিল ফাগুনৰ মিঠা

. আবেলিতে আদৰি আনিবগৈ  জিমিক নিজৰ পদুলিলৈ ৷

ফাগুন মাহৰ মিঠা আবেলিতে সুখ্যাতিয়ে তাই APSC পাছ কৰা খবৰটোও জনাইছিল জিমিৰ ভনীয়েক ৰিমিয়ে৷

ইমানবোৰ মিঠা অনুভৱত ডুব গৈ থকা জিঞ্জানৰ সপোনবোৰ ওলট পালট কৰি দিলে জিমিয়ে ৷

জিমিৰ চাদৰৰ আঁচলখনৰ সুবাস বিচাৰি অহা জিঞ্জানক ভনীয়েক ৰিমিয়ে বুজাই দিলে ফাগুন মাহৰ প্রথম বতাহজাকে লৈ আনিচিল জিমিলৈ অন্য এক মিঠা সুগন্ধি ৷

কোর্ট মেৰেজ কৰি একেলগে থাকিবলৈ লোৱা জিমি এতিয়া একেলগে APSC পাছ কৰা তন্ময়ৰ লগত এখন সুখৰ সংসাৰত বন্দী ৷

জিঞ্জান ৰৈ গল একেঠাইতে ৷ পাছফালৰ পৰা কোনোবাই তাৰ গাত হাত দিয়াত সি দেখে জিমিৰ ভনীয়েক ৰিমি৷

তাই লাহেকৈ ক’লে তোমালোকৰ কথা সকলোৰে জানে অথচ বাইদেৱে কিয় এনে সিদ্ধান্ত ললে নাজানো এতিয়া তুমিও এইবোৰ ভাবি নিজক কষ্ট দিব নালাগে ,তুমি এটা সিদ্ধান্ত লব নোৱাৰিবানে ?

কি সিদ্ধান্ত ৰিমি ? জিঞ্জানে সুধে

ৰিমিয়ে ক’লে …..” বাইদেৱৰ  ঠাইখিনি যদি মোক দিয়া মইয়ে তোমাক সুখী কৰাৰ আপ্রাণ চেষ্টা কৰিম..”..৷

জিঞ্জানে প্রশ্ন কৰে…..”  প্রেম কি তেনেকুৱাই নেকি ৰিমি? যেতিয়াই যাকে মন যায় ভাল পাব পাৰি “….

ৰিমিয়ে লাহেকৈ কয়……  যি প্রেমে তোমাক সাহস শক্তি দিয়াৰ বিপৰীতে ঠেলা মাৰি দিব পাৰি তেনে প্রেমত তুমি হাবডুবু খাবা নেকি ?  ৷

জিজ্ঞানে এইবাৰ মৰমেৰে তাইলৈ  চালে   আৰু ক’লে ……সেইটো অৱশ্যে হয় ….

আজি তোমাক কথা দিলো ৰিমি  ,আমিও গঢ়িম সুন্দৰ এখনি সংসাৰ য’ত থাকিব বিশ্বাস ।

এতিয়া ব’লা …জিঞ্জানে

ৰিমিলৈ চাই ক’লে

পিছে ক’ত ? জিঞ্জানলৈ চাই সুধিলে

জিঞ্জান ক’লে ৰ’বা লুকাই চুৰকৈ নহয় মা দেউতাকো লগত লৈ আনোগৈ  আজিয়ে আমি মন্দিৰলৈ যাম আৰু তাতে আমি  প্রতিশ্রুতি  ল’ম আজীৱন যাতে  তুমি মোৰ হৈয়ে  থাকা।  তোমাৰ মোৰ মাজত জিলিকি থাকক সেই প্রেম যি প্রেমত  থাকিব বিশ্বাস , মৰম, আৰু সন্মান।

জিঞ্জানে ৰিমিৰ হাতখন তাৰ হাতৰ মাজত ৰাখিলে।  আৰু ক’লে  ফাগুনৰ বতাহজাক কোনদিশে বলে ধৰিবকে নোৱাৰি ,ওলট পালট কৰি দিয়ে ।