ওলট পালট – কাজি শ্বাহাদত ইছলাম

ওলট পালট
কাজি শ্বাহাদত ইছলাম, দক্ষিণগাঁও
এক আছিল বুঢ়া বুঢ়ী
নাজানো আছে নে নাই ল’ৰা-লুৰী
কথাই কথাই মাজে মাজে
বুঢ়ীক মাৰে ফলাখৰি।।
বুঢ়াই ক’লে ফিতাহি মাৰি
কাৰ লগত থাকা মেচেজ কৰি
এইকেইদিনত তোৰ যিমান হে কল
মোক কৰিবি বদনাম,
মিছা কৈ কৈ গৰু বনালি
কৰিলি নিজৰ নাম।।
কাইলৈ বাৰু প্ৰমান চাম
তোৰ চিম খন লৈ ময়ে যাম
তোৰ হুৱাটছাপ, টুইটাৰ,ফেচবুকৰ
অ.টি.পি.পাচৱৰ্ড দিবি,,
কোনো ল’ৰাৰ মেচেজ আহিলে
ৰাতিলৈ মজা পাবি।।
সামাজিক কামৰ অজুহাতত
চেল্ফি উঠি ফুৰা
দাঁত সৰিছে চুলি পঁকিছে
তথাপিও পচন্দ ডেকা ল’ৰা।।
পিছদিনা হ’ল পুৱা
ঘৰত লাগিল হুৱা-দূৱা
বুঢ়া আহিল সাউৎকৰে
ওখোনডাল হাতত লৈ,
পিঠিত লগালে চাৰি পাঁচ কোব
বুঢ়ী লগালে হৈ চৈ।।
মানুহ আহিলে চাৰিওফালৰ পৰা
বুঢ়াক ক’লে কি হ’ল হেৰা
বুঢ়াৰ উত্তৰ শুনি গাঁৱৰ ৰাইজে
নাকত দিলে হাত,,
বুঢ়ী বয়সত প্ৰেমত পৰিছে
যৌৱন বিৰিঙিছে গাত।।
বুঢ়াই লগালে যুৱকক ফোন
য’তেই পাম তোক কৰিম খুন
নিজৰ তিৰি ছলি থাকোঁতে
মোৰ মাইকীৰ পিছে পিছে ফুৰা,
তোৰ কেৰিয়াৰ খতম কৰিম
বিপাঙত পৰিল সেই ল’ৰা।।
অভিভাৱকক দিলে অভিযোগ
বিনা অপৰাধত কাঢ়িছে সুখ
সহ্যৰো এটা সীমা থাকে
জল্দি কিবা এটা কৰা,,
সকলো সমস্যাক আওকাণ কৰি
অভিভাৱকে দিলে গা এৰা।।