ওমানক ৪২ ৰাণত পৰাস্ত UAEৰ

ওমানক ৪২ ৰাণত পৰাস্ত UAEৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  এছিয়া কাপ ২০২৫ৰ ৭ম মেচত সংযুক্ত আৰব আমিৰশ্বাহী (UAE) আৰু ওমান দলৰ মাজত অনুষ্ঠিত হয় । এই মেচত UAE ৰ দলটোৱে জয়লাভ কৰিবলৈ সক্ষম হয় । প্ৰথমখন মেচত টীম ইণ্ডিয়াৰ বিৰুদ্ধে খেলি পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল UAE । কিন্তু ওমানৰ বাবে দলটোৱে শক্তিশালী প্ৰত্যাৱৰ্তন ঘটাই ছুপাৰ-৪ দৌৰত নিজৰ আশা জীয়াই ৰাখিলে । একে সময়তে UAE ৰ এই বিজয়ে পাকিস্তানৰ চিন্তা বৃদ্ধি কৰিছে । এই মেচখনত ওমান দলে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । UAE ৰ হৈ আলিছান শ্বাৰাফু আৰু অধিনায়ক মহম্মদ ৱাছিমে ইনিংছ আৰম্ভ কৰি ডাঙৰ স্ক’ৰৰ ভেঁটি স্থাপন কৰে । দুয়োগৰাকী খেলুৱৈয়ে প্ৰথম উইকেটৰ বাবে ১১ অভাৰত ৮৮ ৰাণ সংযোজন কৰে ।এই সময়ছোৱাত আলিশান শৰাফুৱে মাত্ৰ ৩৮টা বলত ৫১ ৰাণৰ বিস্ফোৰক ইনিংছ খেলে । য’ত আছিল ৭টা চাৰি আৰু ১টা ছয় । একে সময়তে মহম্মদ ৱাছিমে ৫৪টা বলত ৬টা চাৰি আৰু ৩টা ছয়ৰে  ৬৯ ৰাণৰ অধিনায়কত্বৰ ইনিংছ খেলে । মহম্মদ জোহাইবেও ২১ ৰাণৰ বৰঙণি আগবঢ়ায় । তেওঁৰ বাহিৰেও হৰ্ষিত কৌশিকে ৮টা বলত অপৰাজিত ১৯ ৰাণ সংগ্ৰহ কৰে, যাৰ বাবে UAE দলে ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৭২ ৰাণ সংগ্ৰহ কৰে । আনহাতে, ওমানৰ হৈ জিতেন ৰামানন্দীয়ে সৰ্বাধিক ২ উইকেট দখল কৰে । হাছনাইন শ্বাহ আৰু সময় শ্ৰীবাস্তৱেও ১-১কৈ উইকেট দখল কৰিবলৈ সক্ষম হয় । ১৭৩ ৰাণৰ লক্ষ্য অনুসৰণ কৰিব আহি ওমানে ৭ ৰাণত প্ৰথমটো উইকেট হেৰুৱাইছিল । ৫০ ৰাণ লাভ কৰাৰ সময়লৈকে ওমানৰ দলৰ আধা অংশই পেভিলিয়নলৈ উভতি আহিছিল । আশ্চৰ্যজনক কথাটো হ’ল দলটোৰ কোনো বেটছমেনে ৩০ ৰাণৰ সীমা স্পৰ্শ কৰিব নোৱাৰিলে । সৰ্বাধিক ২৪ ৰাণ সংগ্ৰহ কৰে আৰ্য বিষ্টে । একে সময়তে অধিনায়ক যতীন্দৰ সিঙে ১০টা বলত ২০ ৰাণৰ ইনিংছ খেলিছিল । বিনায়ক শুক্লাইও ২০ ৰাণ সংগ্ৰহ কৰে । যাৰ বাবে ওমানৰ দলটোৱে ১৮.৪ অভাৰত ১৩০ ৰাণ সংগ্ৰহ কৰি অল আউট হৈছিল । আনহাতে, UAE ৰ হৈ জুনেইদ ছিদ্দিকিয়ে অতি মাৰাত্মক বলিং কৰে । ৪ অভাৰত মাত্ৰ ২৩ ৰাণ দি ৪ উইকেট লৈছিল।