ওপৰা-ওপৰিকৈ সপোনবোৰৰ এটি এটি পৃষ্ঠা
বিপ্ৰসেনজিৎ খলাৰ বৰদলৈ, কাকী, হোজাই
ইমূৰৰ পৰা সিমূৰলৈ দিছো মুকলি কৰি বাট
খুলি দিছোহি হৃদয়ৰ আলপনা।
ইচাত-বিচাত নাজানো কিয় এনে লাগিছে
ইকাতি-সিকাতি কৰোতেই দিনবোৰ পাৰ হৈছে।
সন্ধিয়াৰ পৰত ঊৰুমি লাগে চৰাই জাকৰ
এঙনি-জেঙনিকৈ কি যে গাই গান।
ওধৰপৰা মুধলৈ বৈ যায় বুকুত নদী হৈ
শিলৰ মানুহবোৰে কেনেকৈ জানো কথা কয়।
ওপৰা-ওপৰিকৈ সপোনবোৰৰ এটি এটি পৃষ্ঠা
লুটিয়াই চালে কিমান যে আশা।
ওলোম-দুলোমকৈ জীৱনৰ পৃষ্ঠা দুলি থাকে
কেঁকো-জেকোকৈ যাব লগা হয় সময় সোঁতত।