ওদালগুৰিত মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনিৰ অধীনত চেক বিতৰণ কাৰ্যসূচী

pc StepUpMoney

 ওদালগুৰিত মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনিৰ অধীনত চেক বিতৰণ কাৰ্যসূচী

অনলাইন বাৰ্ত্তাসেৱা – অসম চৰকাৰৰ ক’ভিড-১৯ত আক্ৰান্ত হৈ স্বামীহাৰা হোৱা ওদালগুৰি জিলাৰ ৯গৰাকী মহিলাক ১০ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে আঢ়ৈ লাখ টকাৰ চেক বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনিৰ অধীনত বিতৰণ কৰা হয় এই ধন। চেক প্ৰাপ্তসকল হৈছে ববিতা বড়ো, মিনুলী খেৰকটাৰী, সুমিত্ৰা ৰাভা, কৰবী দাস, মাইনাও বড়ো, ৰনজিলা বসুমতাৰী, চাজুকী ৰাভা, দীপালী ডেকা আৰু ৰেখা দেৱনাথ। ওদালগুৰি জিলা গ্ৰাম্য অভিকৰণ এজেঞ্চীৰ সভাগৃহত অনুষ্ঠিত চেক বিতৰণ অনুষ্ঠানটো অসম সংগীতেৰে শুভাৰম্ভ কৰে জলসিঞ্চন মন্ত্রী অশোক সিংহলে। এই পর্যালোচনা সভাত অংশগ্ৰহণ কৰিছিল মাজ বাটৰ বিধায়ক চৰণ বড়ো, বিটিচিৰ ই এম দিগন্ত বৰুৱা, সঞ্জিত তাঁতী, মনোনীত এম চি এল এ অর্পণা মেধি, এম চি এল এ সঞ্জয় স্বৰ্গীয়াৰী, এম চি এল এ ফ্ৰেছ মোছাহাৰীয়ে। সাংবাদিকৰে হোৱা মত বিনিময়ত মন্ত্রী অশোক সিংহলে কয়— জিলাখনৰ ২০টাকৈ বিভাগৰ সৈতে উন্নয়নৰ দিশত আলোচনা কৰা হৈছে আৰু পর্যায়ক্রমে সমাধানৰ ব্যৱস্থা কৰিবলৈ উপায়ুক্তক অনুৰোধ জনোৱা হৈছে। বিশেষকৈ কেন্দ্রীয় চৰকাৰৰ আঁচনিসমূহ কিদৰে সফল ৰূপায়ণ কৰিব পাৰি তাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে ।

(UD.)