ওদালগুৰিত বিজেপিৰ বিশাল কাৰ্যকৰ্তাৰ সন্মিলনত অংশগ্ৰহণ মুখ্যমন্ত্রীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বিটিচি নিৰ্বাচনৰ ৰণডংকা বজালে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিজেপিৰ কার্যকর্তা সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° শর্মাই দলীয় কার্যকর্তাসকলক বিটিচি নির্বাচনলৈ সাজু হ’বলৈ আহ্বান জনায়। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াসহ শীর্ষ নেতৃবৃন্দ উপস্থিত থকা সভাখনত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ বিটিআৰলৈ বিকাশৰ গংগা নমাই অনাটোৱেই তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য। এই প্রসংগতে মুখ্যমন্ত্ৰী ড° শর্মাই কয়- বিজেপিয়ে বিটিআৰত নিৰ্বাচন খেলিব। তাত কোনো সন্দেহ নাই। নির্বাচন খেলাৰ এটাই আমাৰ উদ্দেশ্য। যোৱা ৫ বছৰত যেনেকৈ বিটিআৰত শান্তি আহিল, তেনেকৈ অহা ৫ বছৰ আৰু অনন্তকাললৈ বিটিআৰত শান্তি-সম্প্রীতি থাকিব লাগিব। শান্তি-সম্প্ৰীতিৰ লগে লগে বিটিআৰৰ উন্নতি আৰু প্রগতি হ’ব লাগিব। বিটিআৰে ডাল ইঞ্জিন চৰকাৰৰ সুবিধা পাব লাগিব। বিটিআৰৰ সম্ভাৱনা আছে। আমি আগুৱাই যাব পাৰোঁ। অতীত পাহৰি আমি এটা নতুন ভৱিষ্যৎ নিৰ্মাণ কৰিব পাৰোঁ। বিটিচি নির্বাচন আমি ক্ষমতাৰ কাৰণে খেলিব খোজা নাই। ক্ষমতা আহে, ক্ষমতা যায়। কিন্তু এই বিটিচি নির্বাচন আমি এক নতুন ভৱিষ্যৎ ৰচনা কৰিবৰ বাবে খেলিব খুজিছোঁ। আমি বিটিআৰত চিৰস্থায়ী শান্তি আনিম। শান্তিৰ লগত প্রগতি আৰু সমৃদ্ধিৰ এখন নতুন বিটিআৰ নিৰ্মাণ কৰিম। বিগত ১০ বছৰৰ ভিতৰত অসমলৈ ব্যাপক পৰিৱৰ্তন আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে কংগ্ৰেছৰ দিনত কোনখন অসম আছিল? মাত্র ১০ বছৰৰ ভিতৰত সেই অসমখনৰ কিধৰণে পৰিৱৰ্তন হ’ল। অসমৰ আকাশত অন্ধকাৰৰ ক’লীয়া ডাৱৰ আছিল। আজি অন্ধকাৰবোৰ আঁতৰি গ’ল। সূৰুযৰ পোহৰ আহিল। কাৰ্বি আংলঙৰ পৰা বিটিআৰলৈ, কোকৰাঝাৰৰ পৰা ধুবুৰীলৈ, শদিয়াৰ পৰা ডিব্ৰুগড়-তিনিচুকীয়ালৈ আজি আমাৰ ৰাজ্যখনৰ চাৰিওফালে উন্নয়নৰ এক নতুন বুনিয়াদ নিৰ্মাণ হ’ল। শান্তিৰ এখন নতুন অসম নির্মাণ হ’ল। যিখন অসমত কংগ্ৰেছৰ দিনত এটা অংগনৱাড়ী চাকৰিৰ বাবে ৫ লাখ টকা ঘোচ দিবলগীয়া হৈছিল, সেইখন অসমত আজি ডেৰ লাখ-দুই লাখ লোকে চাকৰি পাইছে। কোনেও তামোল এখনো খুৱাবলগীয়া হোৱা নাই। আজি আমি নতুন অসম নির্মাণ কৰিছোঁ। যিখন অসমত কোনেও কল্পনাও কৰিব পৰা নাছিল যে এখন এখনকৈ ব্ৰহ্মহ্মপুত্ৰৰ ওপৰত দলং হ’ব। চাৰিওফালে উন্নয়নে এক নতুন দিগন্তৰ সূচনা কৰিব। কিন্তু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি অসমক ভাৰতৰ ভিতৰতে এখন শক্তিশালী, বিকশিত আৰু সুৰক্ষিত ৰাজ্যলৈ ৰূপান্তৰ কৰিছোঁ। মোৰ মনৰ আশা- অসম যেনেকৈ আগবাঢ়িছে, বিটিআৰো তেনেকৈ আগবাঢ়িব লাগিব। সেইবাবে বিটিআৰৰ বিকাশ, সুৰক্ষা আৰু ৰাইজৰ অধিকাৰৰ বাবে আমি নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিম। আমাৰ উদ্দেশ ক্ষমতা নহয়, আমাৰ উদ্দেশ্য হ’ল বিটিআৰৰ নিবনুৱায়ো চৰকাৰী চাকৰি পাব লাগে। অসমৰ প্ৰত্যেকখন জিলাৰ দৰে বিটিআৰত ৰাস্তা-ঘাট নিৰ্মাণ হ’ব লাগিব। বিটিআৰত স্কুল-কলেজ নির্মাণ হ’ব লাগিব। বিটিআৰৰ সকলো সমস্যা সমাধান হ’ব লাগিব। ইফালে ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ সুফল ওদালগুৰিৰ ৰাইজকো প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয়- ৫৮ হাজাৰ পৰিয়ালক আমি জিলাখনত অৰুণোদয় দিছিলোঁ। আজি আমি সিদ্ধান্ত লৈছোঁ এক লাখ ২০ হাজাৰ লোকক আগষ্টৰ ভিতৰত অৰুণোদয় আঁচনি দিম। বুথত হিতাধিকাৰী নিৰ্বাচন কৰিম। কোনোবা যদি বাদ পৰি যায় তেওঁলোকক বিশেষভাৱে অৰুণোদয় দিয়াৰ বাবে ব্যৱস্থা কৰিম। কোনো দুখীয়া মানুহ এই আঁচনিৰ পৰা বাদ পৰি যাব নোৱাৰিব। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ ধন আগষ্টৰ পৰা দিবলৈ আৰম্ভ কৰিম। ওদালগুৰি জিলাত ডেৰ লাখ মহিলাই এই আঁচনি লাভ কৰিব। ওদালগুৰি জিলাত ২৪খন চাহ বাগিচা আছে। এই চাহ বাগিচাৰ প্ৰত্যেকজন শ্রমিকে যাতে এটি কলি দুটি পাত আঁচনি লাভ কৰে সেয়া নিশ্চিত কৰা হ’ব। ওদালগুৰি জিলাত তিনি হাজাৰ ডেকা ল’ৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত উপকৃত হ’ব। অৰ্থাৎ ৰাজ্য চৰকাৰে সমগ্ৰ অসমতে যিসমূহ আঁচনি ৰূপায়ণ কৰিছে, তাৰ ফলাফল বিটিআৰৰ ৰাইজে পাব পাৰে তাৰ বাবে মই ব্যক্তিগতভাবে ওদালগুৰি, তামুলপুৰ, বাক্সা, চিৰাং আৰু কোকৰাঝাৰলৈ যাম। যাতে বিটিআৰৰ কোনো লোক আমাৰ আঁচনিৰ পৰা বঞ্চিত নহয়। কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত বিটিআৰলৈ শান্তি আহিছে বুলি উল্লেখ কৰি তেওঁ এইবুলিও কয়- যোৱা পাঁচ বছৰত আমি শান্তিৰ ভেটি নিৰ্মাণ কৰিলোঁ। অহা ৫ বছৰত আমি যাতে ন্যূনতম অধিকাৰ পাওঁ তাৰ বাবে কাম কৰিম। যেতিয়া বিটিআৰৰ প্ৰতিজন লোকে শান্তিত থাকিব আৰু ন্যূনতম অধিকাৰ লাভ কৰিব, তেতিয়াই বিটিআৰ অসমৰ ভিতৰতে আটাইতকৈ বিকশিত অঞ্চললৈ ৰূপান্তৰ হ’ব। বিজেপিৰ প্রতিশ্রুতি হ’ব বিটিআৰৰ উন্নয়ন আৰু অসমৰ উন্নয়নে প্রতিখন গাঁৱৰ প্ৰতিজন ব্যক্তিক স্পৰ্শ কৰিব লাগিব। বিটিআৰত উন্নয়নৰ এক নতুন ইতিহাস ৰচনা কৰিম। বিটিআৰত আৰু বহু ৰাজনৈতিক দলে নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিব। কাৰো লগত আমাৰ শত্রুতা নাই। কংগ্রেছক বাদ দি কোনো ৰাজনৈতিক দলৰ লগত আমাৰ শত্রুতা নাই। আমাৰ মাত্র এটাই স্বার্থ বিটিআৰৰ উন্নয়ন আৰু বিটিআৰৰ বিকাশে প্রতিটো জনগোষ্ঠী আৰু প্ৰতিজন ৰাইজক স্পৰ্শ কৰিব লাগে। আমি কাৰো বিৰুদ্ধে নির্বাচন খেলা নাই। আমি বিটিআৰৰ উন্নয়নৰ বাবে নিৰ্বাচন খেলিছোঁ। আমি মাত্র এটাই জানো- বিটিআৰৰ সৰ্বস্তৰত বিকাশ হ’ব লাগে। তাৰ বাবে ৰাইজে বিজেপিক ভোট দিব লাগে। এই সভাত সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, মন্ত্রী পীযূষ হাজৰিকা, সাধাৰণ সম্পাদক পল্লৱলোচন দাস, জিলা সভাপতি সুনীল বসুমতাৰীও উপস্থিত থাকে।
