ওড়িশাত সফলতাৰে পৰীক্ষা সম্পন্ন ভাৰতৰ ‘অগ্নি-৫’ৰ

ওড়িশাত সফলতাৰে পৰীক্ষা সম্পন্ন ভাৰতৰ ‘অগ্নি-৫’ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতে  ওড়িশাৰ চণ্ডীপুৰৰ সমন্বিত পৰীক্ষা কেন্দ্ৰৰ পৰা মধ্যম দূৰত্বৰ বেলিষ্টিক মিছাইল ‘অগ্নি-৫’ সফলতাৰে পৰীক্ষা কৰে। প্ৰতিৰক্ষা মন্ত্ৰণালয়ে জনোৱা মতে,‘২০ আগষ্টত ওড়িশাৰ চণ্ডীপুৰৰ ইন্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ পৰা মধ্যম দূৰত্বৰ বেলিষ্টিক মিছাইল ‘অগ্নি-৫’ সফলতাৰে উৎক্ষেপণ কৰা হৈছিল। এই পৰীক্ষাই মিছাইলৰ সকলো কাৰিকৰী আৰু কাৰ্যকৰী দিশৰ সফলতা প্ৰমাণ কৰিছে। ষ্ট্ৰেটেজিক ফৰ্চেছ কমাণ্ডৰ তত্ত্বাৱধানত এই পৰীক্ষা সম্পন্ন হয়। ‘অগ্নি-৫’ এটা তিনি পর্যায়ৰ কঠিন ইন্ধনচালিত মিছাইল, যাৰ পৰিসৰ ৫,০০০ কিলোমিটাৰতকৈ অধিক। ইয়াৰ সহায়ত এছিয়াৰ প্ৰায় সমগ্ৰ অঞ্চল, বিশেষকৈ চীনৰ উত্তৰাঞ্চলৰ লক্ষ্যবস্তুত আঘাত হানিব পাৰি। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’)ৰ দ্বাৰা উন্নত এই মিছাইল ভাৰতৰ পাৰমাণৱিক প্ৰতিৰোধ ক্ষমতাৰ মেৰুদণ্ড হিচাপে গণ্য কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সফলতাৰ বাবে ডিআৰডিঅ’ৰ বিজ্ঞানীসকলক অভিনন্দন জনাইছে। এই পৰীক্ষাই ভাৰতৰ কৌশলগত প্ৰতিৰোধ ক্ষমতাক আৰু শক্তিশালী কৰিছে।