ওড়িশাত জৰুৰী অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত বিমান

ওড়িশাত জৰুৰী অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত বিমান

ৰঙিলী বাৰ্ত্তাসেৱা-ওড়িশাৰ ৰুড়কেলা বিমানবন্দৰৰ সমীপত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনা।  জগাদা ব্লকৰ সমীপত দুৰ্ঘটনাত পতিত হয় এখন চাৰ্টাৰ্ড বিমান। জৰুৰীকালীন অৱতৰণৰ সময়তে এখন ব্যক্তিগত বিমান দুর্ঘটনাত পতিত হৈ দুজন বিমানকর্মীসহ ৬জন লোক আহত হয়। শনিবাৰে দুপৰীয়া ওড়িশাৰ ৰুৰকেল্লাৰ পৰা প্রায় ১০ কিলোমিটাৰ দূৰত চি-২০৮ নম্বৰৰ বিমানখন দুর্ঘটনাত পতিত হয়। দুর্ঘটনাত আটাইকেইজন যাত্রীয়েই আহত হয় যদিও বর্তমান সকলো সুস্থিৰ বুলি ওড়িশাৰ বাণিজ্য তথা পৰিবহণ মন্ত্রী বি বি জেনাই সদৰী কৰিছে। ইণ্ডিয়া বান এয়াৰলাইন্‌ৰ বিমানখন ভুবনেশ্বৰৰ পৰা কৰকেল্লা অভিমুখে বাওনা হৈছিল। অৱতৰণৰ কিছুসময় পূর্বেই যান্ত্রিক বিজুতিৰ বাবে পাইলটে জৰুৰী অৱতৰণৰ চেষ্টা চলোৱাৰ সময়তে দুর্ঘটনাত পতিত হয়। উদ্ধাৰকাৰী দলে আহত যাত্রীসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্রেৰণ কৰিছে। উল্লেখযোগ্য যে  এই দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।। এই ঘটনাৰ পাছতে ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন মাঝিয়ে সামাজিক মাধ্যমত পোষ্ট লিখা পৰিলক্ষিত হয়। তেওঁ লিখিছে-  ৰুড়কেলাত সংঘটিত বিমান দুৰ্ঘটনাৰ বিষয়ে জানিবলৈ পাই মই অত্যন্ত দুখিত হৈছোঁ । ভগৱান জগন্নাথৰ কৃপাত সকলো যাত্ৰী সুৰক্ষিত হোৱাৰ খবৰে আশ্বস্ত কৰিছে । মই নিৰ্দেশ দিছোঁ যে এই কাণ্ডত আহতসকলক তাৎক্ষণিকভাৱে সঠিক চিকিৎসা সেৱা প্ৰদান কৰা হওঁক । মই ব্যক্তিগতভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আছোঁ ।