ওকণিৰ জীৱন প্ৰণালী
কাজি শ্বাহাদত ইছলাম,
দক্ষিণগাঁও, কাহিলীপাৰা
আপুনি হয়তো জীৱনত বহুতো পৰজীৱী প্ৰাণীৰ নাম শুনা পাইছে।যিবোৰ প্ৰাণীয়ে অন্য প্ৰাণীৰ ভিতৰত অথবা বাহিৰত বসবাস কৰি সেই প্ৰাণীৰ পৰাই খাদ্য আহৰণ কৰি নিজৰ জীৱন নিৰ্বাহ কৰে, তেনে প্ৰাণীবোৰকেই পৰজীৱী প্ৰাণী বোলে।যেনে পেলু,ওকণি,উৰহ,চাহী,বেক্টেৰিয়া ,ভেঁকুৰ ইত্যাদি। আজি মই ইয়াৰে মাজৰ এবিধ প্ৰাণীৰ জীৱন প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম।সেই প্ৰাণীটোৰ নাম হ’ল ওকণি যাৰ ইংৰাজী নাম হৈছে “louse”।ওকণি এনে এবিধ পতংগ যি আমাৰ মূৰ আৰু কাষলতিৰ তলত বসবাস কৰে।ওকণি মূৰত থাকিলে মূৰটো বৰকৈ খুজুৱাই থাকে।যাৰ কাৰণে সহ্যৰ সীমা চেৰাই আমি কেতিয়াবা কেতিয়াবা পাগলৰ দৰে হৈ যাওঁ। আমি বহুতেই এই যন্ত্ৰণাদায়ক ওকণিবোৰ মৰাৰ কাৰণে বিভিন্নজনে বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰোঁ। কোনোবাই যদি ঘন ও মিহি দাঁতবিশিষ্ট ফনিৰে ফনিয়াই ফনিয়াই ওকণিবোৰ মৰাৰ চেষ্টা কৰোঁ আন কোনোবাই আকৌ কৰ্পূৰৰ ব্যৱহাৰেৰে ইয়াক নিষ্পাত কৰোঁ। বহু সময়ত এই পদ্ধতিবোৰো বিফল হোৱা পৰিলক্ষিত হয়। গাঁৱৰ ফালে মহিলাবিলাকে শাৰী পাতি বহি এজনে আনজনৰ মূৰৰ পৰা ওকণি খুজি থকা দেখা যায়। এনেইতো ওকণি বহুত প্ৰকাৰৰ থাকে। কিছুমান ওকণি পশু পক্ষীৰ শৰীৰতো থাকে।বিজ্ঞানী সকলৰ মতে পশু পক্ষীৰ শৰীৰত থকা ওকণিবোৰ চোবাই খোৱা বিধৰ আৰু মানুহৰ শৰীৰত থকা ওকণিবোৰ সি মানুহৰ শৰীৰৰ পৰা তেজ চুহি খোৱা বিধৰ হয়। আপোনালোকৰ সকলোৱে কম বেছি পৰিমাণে ওকণিৰ বিষয়ে জ্ঞাত। কিন্তু আপোনালোকে বাৰু জানে নে ওকণিৰ জন্ম শৃংখলা কিদৰে হয় আৰু ই মানুহৰ শৰীৰত (বিশেষকৈ মূৰত) কিদৰে বসবাস কৰে?ওকণি তেতিয়াই মানুহৰ মূৰত আহে যেতিয়া মানুহ এজনে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ফালে গুৰুত্ব নিদিয়ে। নিয়মিত চুলিক ধৌত নকৰা, নিয়মিত গা নুধুৱা অথবা আগৰেপৰাই ওকণি দ্বাৰা চিকাৰৰ বলি হৈ থকা মানুহৰ লগতে থকা মেলা কৰা আৰু সেই বস্তুসমূহকো ব্যৱহাৰ কৰা যিবোৰক সিহঁতে চুলিত ব্যৱহাৰ কৰে যেনে ফনি,গামোচা,টুপি ইত্যাদি।এইবোৰ ভুলৰ বাবেই ওকণি মানুহৰ মূৰত থিতাপি লয়।মানুহৰ মূৰত ওকণিৰ জীৱনচক্ৰ কি প্ৰক্ৰিয়াত আগবাঢ়ে এতিয়া তাৰ বিষয়ে কিছু আলোচনা কৰিব ওলাইছোঁ।
ওকণিৰ জন্ম বৃত্তান্তঃ ওকণিৰ জীৱনচক্ৰত ই সকলোতকৈ আগতে কণী দিয়ে।এবাৰ কণী দিওঁতে ৫ ৰ পৰা ১০ মিনিটমান সময়ৰ প্ৰয়োজন হয়।ওকণিৰ কণীবোৰক ইংৰাজীত “Nit” বা “Lous egg” বুলি কোৱা হয়। বন্ধুসকল আমি হয়তো সচৰাচৰ হাঁহ,কুকুৰা অথবা অন্যান্য প্ৰাণীক কণী দিয়া দেখা পাওঁ কিন্তু ওকণিয়ে কণী দিয়াৰ সময়ত সহজতে কোনেও দেখা নাপাওঁ। কাৰণ এই দৃশ্যটো বৰ বিৰল। তাৰ অন্য এটা কাৰণ হ’ল,ই আকাৰত বৰ সৰু যাক চকুৰে দৃশ্যায়ন কৰাটো প্ৰায় অসম্ভৱ।এটা ওকণি যি আকাৰৰ হয় ইয়াৰ কণী তাতকৈয়ো ক্ষুদ্ৰ আকাৰৰ।ইয়াৰ দৈৰ্ঘতা ০.৮ mm । এসপ্তাহমান পিছত কণী ফুটি পোৱালিৰ জন্ম হয় যাক ইংৰাজীত “Nymph” বুলি কোৱা হয়। যেতিয়া পোৱালিটো কণীৰ পৰা বাহিৰলৈ ওলাই আহে তাৰ দেহৰ ৰং প্ৰায় শ্বেত বৰ্ণৰ হয়। তাৰ পিছত এই পোৱালিটোয়ে তিনিটা ধাৰা পাৰ কৰিব লাগে।এই ধাৰাবাহিকতাই পোৱালিটোক স্বতঃষ্ফুৰ্তে চলিব পৰাকৈ উপযুক্ত কৰি তোলে। এসপ্তাহৰ ভিতৰত এই ধাৰাবাহিকতা সম্পন্ন হয়। তেতিয়ালৈকে ইয়াৰ দেহৰ বৰণ সামান্য ডাঠ হয়।এসপ্তাহ পিছত ইয়াৰ দীৰ্ঘতা ২ mm পৰ্যন্ত হয়গৈ।
ওকণিয়ে মানুহৰ মূৰত কিদৰে জীৱন নিৰ্বাহ কৰেঃযেতিয়াই ই জন্ম লয় তাৰ কিছু মুহূৰ্তৰ পিছৰ পৰাই মানুহৰ মূৰৰ পৰা আহাৰ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। কিয়নো আমাৰ মূৰটো ইহঁতৰ আহাৰৰ উৎস।গতিকে ই মানুহৰ মূৰৰ পৰা তেজ চুহি খোৱা আৰম্ভ কৰে। ওকণিৰ ওচৰত বহুতেই মজবুত হাঁতোৰা আছে। যাৰ ব্যৱহাৰ ই চুলিক টানকৈ ধৰি ৰখা অথবা ইফালে সিফালে চলা ফুৰা কৰাৰ বাবে ব্যৱহাৰ কৰে। ওকণিবোৰ সেই ঠাইখনত থকা,ঘূৰি ফুৰা অথবা কণী দিয়া পচন্দ কৰে যিখিনি ঠাই সৰ্বদা গৰম হৈ থাকে। কিন্তু সৰু থাকোঁতে আই খুৰীহঁতৰ পৰা ওলোটাটোহে শুনিছিলোঁ।আমি শুনিছিলোঁ যাৰ মূৰটো সদায় গৰম থাকে তাৰ মূৰত ওকণি থাকিব নোৱাৰে।সেই যুক্তিৰ ইমান দিনে মানি আহিছিলোঁ যে পুৰুষ মানুহৰ মূৰত ওকণি নথকাৰ কাৰণটো হ’ল সিহঁতৰ মূৰ সদায় কিবা নহয় কিবা চিন্তাত গৰম হৈ থাকে।অন্য এটা ভুল ধাৰণা আছিল যে গৰুৰ বাবে যেনেদৰে গোহালিত থাকে ওকণিৰো গোহালিত থাকে।ওকণিৰ গোহালিৰ স্থান মানুহৰ মূৰৰ পিছফালৰ তলৰ অংশটো। তাৰবাবে আমাৰ বৌহঁতে ফণীডালেৰে গোহালি বোলা ঠাইখনতহে বেছি ফনিয়াইছিল।জানিবলগীয়া কথা যে এটা ওকণিয়ে তাৰ সম্পূৰ্ণ জীৱনকালত এবাৰহে যৌন সম্ভোগ কৰে।তাৰ পিছতেই মহিলা ওকণিয়ে দিনত পাঁচৰ পৰা সাতোটা কণী দি থাকে।এই ওকণিবোৰৰ এটাই দুৰ্বলতা, সেয়া এয়েই যে যিকোনো উপায়েৰে যদি আমি ইয়াক চুলিৰ পৰা বাহিৰত উলিয়াই দিওঁ তেন্তে কিছু ঘন্টাৰ অন্তত ইয়াৰ মৃত্যু হয়।যদি ই কোনো পুৰুষ মানুহৰ মূৰত থাকে তেন্তে ইয়াৰ আয়ুস ২০ দিন হয় আৰু যদি ই মহিলা মানুহৰ মূৰত স্থান লয় তেন্তে ইয়াৰ আয়ুস ৩০ দিন হয়।কিদৰে আমি ওকণিৰ অত্যাচাৰৰ পৰা আঁতৰি থাকিব পাৰোঁ ইতিমধ্যে আপোনালোকে গম পালেই চাগে। গতিকে সমাধান আমাৰ হাততেই আছে।