ঐনিতম
ধৰণী চেতিয়া
চিলাপথাৰ, ধেমাজি
বহুদিন হ’ল শুনা নাই আজিও
ঐনিতমৰ সুৰ!
পোৱা নাই আজিও সমীৰৰ বাতৰি
মনৰ দুখতে দোষী!
অ’ মোৰ মনৰে ফাগুনী,
লখিমী সাদৰী!
পোৱা নাই আজিও চুমাৰ পৰশ,
হিয়াত লাজুকী মনে!
অ’ মোৰ যৌৱনা সম্ভৱা বুকুৰে ৰতন,
মানিকী মাধুৰী ফুলতি তৰা!
বৈ যাবা এদিন মোৰে বুকুৱেদি
হৈ জংকী-পানৈ, সোৱণশিৰি,
দিচাং, দিখৌ, জাঁজী!
বৰলুইতৰ কোৱাল সোঁতে
জোঁকাৰি অমিয়া তাঁৰ!
যুগ-যুগান্তৰৰ, শত-শতাব্দীৰ
জীৱনৰ অমিয়া গাঁথা !
অ’ মোৰ বুকুৰে মাধুৰী, মনৰে ডালিমী
কল্পনা মাধুৰী প্ৰিয়া!
গায় যাবা এদিন পৰাণ জুৰাই
হিয়া নিচুকায় এটি গান!
অ’ মোৰ বুকুৰে কুটুম, সাদৰী লখিমী
মানিকী মাধুৰী প্ৰিয়া!
হিয়াত দহিছে কতনা জোৱাৰে
পাহৰাই হিতাহিত জ্ঞান!
মন কাৰেঙত কাৰেনো ঘৰ সাঁজিলা,
বুকুতে বিষটো থৈ!
মনৰে ডালিমী কল্পনা মাধুৰী
অ’ মোৰ বুকুৰে আপোন ধন!
মনৰে বেজাৰত কোনেনো ৰিঙিয়াই
সিপাৰৰ জয়াল কাননৰ পৰা!
কেঁচা সোণ বুলি লৰি, বুকুৰে মাধুৰী
জোঁকাৰি অমিয়া তাঁৰ !
অ’ মোৰ সৰগ সুৰীয়া, গোসাঁনী প্ৰিয়া!
সোণত সুৱগা চ’ৰা!
অ’ মোৰ বুকুৰে মাধুৰী, মনৰে ডালিমী
কল্পনা মাধুৰী প্ৰিয়া!
