ঐতিহ্য, উৎস আৰু বিস্তাৰ – জ্যোতি খাটনিয়াৰ

ঐতিহ্য, উৎস আৰু বিস্তাৰ 

( ড° মহেশ্বৰ নেওগৰ মৃত্যু দিৱস উপলক্ষে)

জ্যোতি খাটনিয়াৰ

কৰ্তৃত্বৰ সৈতে মৰ্যাদা আৰু সন্মান জড়িত হৈ থাকে। জ্ঞানৰ জগতখনত অনুসন্ধান, তথ্যৰ বিশ্লেষণ, বিজ্ঞান সন্মত পদ্ধতি, সিদ্ধান্ত – অনুসিদ্ধান্তৰ মাজেৰে কৰ্তৃত্ব প্ৰতিষ্ঠা হয়। পাণ্ডিত্যৰ প্ৰথম চানেকিটোৱেই হ’ল তাৰ সৈতে জড়িত কৰ্তৃত্ব । Scholarship আৰু Authority দুয়োটা কাষে কাষে যায়। দুয়োটাৰ প্ৰতি প্ৰত্যাহ্বান আৰু দুয়োটাৰ সৈতে সংঘাতে জ্ঞানৰ অগ্ৰগতি আৰু পৰিবৰ্তনৰ বতৰা আমাক দিয়ে। পাণ্ডিত্য আৰু কৰ্তৃত্বৰে যি চাৰিটা নাম অসমৰ জনসাধাৰণৰ মনত আৰু সাৰস্বত সমাজত জিলিকি আছে, সেইকেইটাৰ ভিতৰত অন্যতম হ’ল ড° মহেশ্বৰ নেওগ। বাকী তিনিটা হ’ল ড° বাণীকান্ত কাকতি, পণ্ডিতপ্রবৰ কৃষ্ণকান্ত সন্দিকৈ আৰু ড° তীৰ্থনাথ শৰ্মা। প্ৰত্যেকৰে বিচৰণ ক্ষেত্ৰবোৰৰ মাজত সম্পৰ্ক আছে আৰু সেইবাবে তেওঁলোকৰ বৌদ্ধিক পৰিসৰ আৰু তাৰ ৰেশ সংবেদনশীল পঢ়ুৱৈয়ে থিতাতে ধৰিব পাৰে। ড° নেওগৰ মাজত মধ্যযুগৰ নৱবৈষ্ণৱ আন্দোলনৰ শক্তিশালী গতি প্ৰবাহ আৰু ঊনবিংশ শতিকাৰ ইংৰাজ শাসনৰ মাজেৰে সৃষ্টি হোৱা আধুনিকতাৰ চেতনাৰ এক বিৰল সমন্বয় লক্ষ্য কৰিব পাৰি। ড° নেওগ বিংশ শতিকাৰ অসমীয়া বৌদ্ধিক সাধনাৰ এক প্ৰতীক হৈ ৰৈছে। কি নাই তেওঁৰ মাজত? ভাবিলে আচৰিত লাগে যে সাহিত্য, সংগীত, নৃত্য, শিল্পকলা, মৌলিক ৰচনা, পাঠ সমীক্ষা , কবিতাৰ ৰাশি ৰাশি ক্লাছিকেল চেতনাৰে সমৃদ্ধ ভাবনাৰপুঞ্জ একেজন মানুহৰ মাজতে আছে। ড° বীৰেন্দ্ৰনাথ দত্তই লোক সংস্কৃতিৰ গৱেষণাৰ আঁৰত শিপাৰ সন্ধানৰ কথাটো(search for roots)ৰ ওপৰত বাৰে বাৰে জোৰ দিছিল। ড° নেওগৰ সমগ্ৰ ৰচনা আৰু কৰ্মশক্তিৰ আঁৰত শিপাৰ সন্ধানৰ কথাটো শক্তিশালীভাৱে জড়িত হৈ আছে। কিন্তু তেওঁৰ শিপাৰ সন্ধানৰ কথাটো অতি বহল পৰিসৰৰ ; ইয়াৰ জৰিয়তে অসমীয়া মানুহৰ মানসিক জগতৰ গঠন, বিকাশৰ প্ৰক্ৰিয়া, এই সমগ্ৰ ভূখণ্ডৰ ধৰ্মীয় আৰু সাংস্কৃতিক চেতনাৰ উৎস, সন্ধান আৰু তাৰ পৰিবৰ্ধন লুকাই আছে। ড° নেওগে মানুহৰ জীৱনত সংস্কৃতি আৰু ধৰ্মৰ ভূমিকাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। দৰাচলতে এই দুটাক বাদ দি তেওঁ নিজৰ বিচাৰ বিশ্লেষণক আগুৱাই নিব খোজা নাই। তেওঁ সীমিত পৰিসৰত থাকিও বিশ্বজনীনতাৰ কল্পনা কৰিব খোজাকলৈ কিছু আত্মব্যংগৰ সুৰত নিজৰ বিষয়ে লিখা কথাটোতে ইয়াৰ দহদহীয়া প্ৰমাণ পোৱা যায় : ” ইহ্ নেদেখিছা, বৰ বিশ্ব-বিখ্যাত পণ্ডিতটো! জন্মনো পাইছিল ক’ত? কমাৰফদীয়াৰ নিচিনা এখন অখ্যাত সৰু গাঁৱতহে!” এই প্ৰসংগত তেওঁ ভগৱান বুদ্ধই মহানিৰ্বাণ নিকট বুলি গম পাই তেওঁৰ অন্তিম সময়ত এখন সৰু ঠাইলৈ যোৱাৰ কথা কৈছিল। ঊনবিংশ শতিকাৰ আধুনিক চেতনাই কিদৰে ককায়েক কবি ডিম্বেশ্বৰ নেওগৰ ভাষাত ” ব্ৰহ্মাণ্ডৰ এই ক্ষুদ্ৰ তাঙৰণ”ক চুই গৈছিল , তাৰ বৰ্ণনা ড° নেওগে তেওঁৰ ‘জীৱনৰ দীঘ আৰু বাণি’ত দি গৈছে। ব্ৰাহ্ম সমাজৰ অন্যতম প্ৰবক্তা ৰামকুমাৰ বিদ্যাৰত্নৰ ধৰ্মযাত্ৰাৰ ৰথখন কিদৰে মহাপুৰুষজনাৰ কীৰ্তন – ঘোষাৰ পদ জাত লগাই শুনোৱাৰ লগে লগে এই কমাৰফদীয়াত স্তব্ধ হ’ল, সেয়া বেছ তাৎপৰ্যপূৰ্ণ। নিঃসন্দেহে সি অসমত নৱবৈষ্ণৱ ধৰ্মীয় চেতনাৰ শক্তিশালী ভেটিটোকো প্ৰতিনিধিত্ব কৰে। ড° নেওগৰ মহাপুৰুষজনাৰ প্ৰতি আগ্ৰহ আৰু শ্ৰদ্ধা তেওঁৰ শৈশৱৰ পৰাই দেখা যায়। শ্ৰী শ্ৰী শংকৰদেৱৰ (১৯৪৮) জীৱনী আৰু Sankardeva and His Times : Early History of the Vaishnava Faith and Movement in Assam নামৰ গ্ৰন্থৰ যোগেদি তেওঁ যি বিৰাট কৰ্মযজ্ঞ আৰম্ভ কৰিলে, ইয়াৰ প্ৰভাৱ তেওঁ নিজৰ জীৱনত আৰু আজিলৈকে অসমৰ শংকৰদেৱ চৰ্চা আৰু অসম তত্ত্ব , দুয়োটাতে বিয়পি ৰৈছে।

 

 

 

ড° নেওগৰ জন্ম ১৯১৫ চনৰ ৭ ছেপ্টেম্বৰত। কমাৰফদীয়াতেই তেওঁ অ- ফলা , ক- ফলা শিকাৰ সময়। পৰৱৰ্তী সময়ত তেওঁ শিৱসাগৰ, উত্তৰ লখিমপুৰ আৰু যোৰহাট জিলাৰ বিদ্যালয়ৰ মাজেৰে হাইস্কুলীয়া শিক্ষা সাং কৰে। হাইস্কুলীয়া জীৱনত তেওঁক দুখন কিতাপে গভীৰভাৱে প্ৰভাৱিত কৰে। এখন হ’ল লেম্বদ্বয়ৰ Tales From Shakeaspeare আৰু আনখন হ’ল লর্ড এভবেৰীৰ The Plesaures of Life। ১৮৮৭-৮৯ৰ সময়ছোৱাত প্রকাশিত এই গ্রন্থখনত ঊনবিংশ শতিকাৰ এক বিশেষধৰণৰ বীক্ষণ আৰু চেতনাবোধ আছিল। বর্তমান এই গ্রন্থখনক ‘ট্রেজাৰ্ছ লীগ অৱ কালচাৰ’ৰ মৰ্যাদা দিয়া হৈছে। ধাৰণা কৰিব পাৰি যে এই গ্ৰন্থখনৰ ড° নেওগৰ মানসিক জগতৰ নির্মিতিত গভীৰ প্ৰভাৱ আছে। এই গ্ৰন্থখনে আনন্দ আৰু সৌন্দৰ্য্যৰ এক বিশেষ ধাৰণা ডাঙি ধৰিছে। কন্যা নবমালতী নেওগৰ ভাষাত : ” দেউতাই কৈছিল যে সৌন্দৰ্য্য মানুহৰ মনত আৰু কামত থাকে। ” এই সৌন্দৰ্য্য আৰু পৰিপাটিৰ ধাৰণাটো ড° নেওগৰ মনত নিকপকপীয়া হৈ ৰৈছিল। জ্ঞানৰ অন্বেষণত ব্ৰতীসকলৰ বাবে ড° নেওগৰ দুৱাৰ আছিল সদায় খোলা। পুত্ৰ প্ৰণৱস্বৰূপ নেওগে উল্লেখ কৰিছে যে গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ থাকোতেও বহু কিতাপ, গৱেষণা গ্ৰন্থ ড° নেওগৰ হাতত গোট খাইছিল। এই কথাটোৱে সেই সময়ৰ মেডিকেল কলেজৰ অধ্যক্ষ ড° যোগেশ চন্দ্ৰ মহন্তদেৱক বিষ্মিত কৰিছিল। ড° নেওগৰ ভাষাত : ” ছাত্ৰ ছাত্ৰীৰ জীৱনটো আমাৰ নিচিনা শিক্ষকৰ হাতত। এই থিছিছবোৰ চাওঁতে পলম কৰিলে তেওঁলোকৰ গৱেষণাৰ কাম পিছ পৰি থাকিব। গতিকে তাকে কৰি আছোঁ। ” ‘পিছ পৰি থকা’ কথাটো ড° নেওগৰ কোনোদিনেই প্ৰিয় নাছিল। তেওঁ নিজেও পিছ পৰি থাকিবলৈ ভাল নাপাইছিল আৰু জাতিটোকো পিছ পৰি থাকিবলৈ দিয়াৰ বাবে তেওঁ ৰাজী নাছিল। ইয়াৰ উপায় হিচাপে তেওঁ বাচি লৈছিল জ্ঞানৰ অন্বেষণ আৰু নিৰন্তৰ কৰ্ম ব্যস্ততা। কি কৰা নাই তেওঁ! গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনৰ এজন গুৰি ধৰোঁতা তেওঁ। এই বিশ্ববিদ্যালয়ক বৌদ্ধিক শক্তি দিয়া মুষ্টিমেয় মানু্হকেইজনৰ ভিতৰত অন্যতম তেওঁ। জাতিৰ সংকটত মাত মতা মানুহ তেওঁ। Assam Opposes Grouping ( ডিচেম্বৰ ১৯৪৬), Stay Out আদি প্ৰবন্ধৰ যোগেদি এই অঞ্চলৰ মানুহ আৰু মাটিখিনিৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্য্যায়ত তাহানিয়ে মাত মতা মানুহ তেওঁ।

 

 

উল্লেখ্য যে হাইস্কুলত পঢ়া সময়তে (১৯৩২ চনত) তেওঁ প্রুফ ৰিডিঙৰ কৌশলখিনিও আয়ত্ত কৰিবলৈ ধৰে : “তাত থাকোতে ককাইদেউৰ (অর্থাৎ ডিম্বেশ্বৰ নেওগ, স্থান: উত্তৰ লখিমপুৰ) কিতাপৰ প্রুফ আহি থাকে দেখি সেই তেতিয়াৰ পৰাই ‘ কেঁচা ছপা’ চোৱাত মোৰ ৰুচি বহিছিল। ১৯৩২ চনৰ পৰা আৰম্ভ কৰি প্রুফ শুধৰোৱা পৰ্বৰ মোৰ স্বৰ্ণ জয়ন্তীৰ তাৰিখ পিছে পাৰ হৈ গ’ল কোনেও নভবা-নিচিন্তাকৈ।” (জীৱনৰ দীঘ আৰু বাণি, পৃঃ ৬২) তেওঁৰ কলেজীয়া শিক্ষা কটন কলেজত; আৰু প্রাইভেট পৰীক্ষাৰ্থী হিচাপে তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম এম ডিগ্রী গ্রহণ কৰে। কটন কলেজৰ ইংৰাজীৰ প্রথিতযশা শিক্ষক পি চি ৰয়ৰ পৰা তেওঁ পাঠ সমীক্ষাৰ প্রাথমিক কথা-বতৰাখিনি মহাবিদ্যালয় পর্যায়তে শিকি পেলায়। ই তেওঁক পৰৱৰ্তী সময়ত ভক্তিপ্রদীপ, কথা গুৰু-চৰিত, কীৰ্তন- ঘোষা আৰু নামঘোষা আদিৰ সম্পাদনাত সহায়ক হয়। এইক্ষেত্রত ড° নেওগৰ মন্তব্য উদ্ধৃতিযোগ্য: “প্রায় সকলোৱেই পুথিত পোৱা পাঠ ‘শুধৰোৱা ‘টোহে পাণ্ডিত্য বুলি ভাবে। কিন্তু সেই পথ দুষ্ট পথ। ফলি আদিৰ পাঠ গ্রহণ কৰা বিষয়তো দুই-একে তেনে শুধৰোৱা প্রবৃত্তি দেখুৱাইছে। সেইদৰে ‘শুধৰালে’ও মূলৰ ‘ভুল পাঠ’ কি আছিল , তাক নিৰ্দেশ কৰাটো নিতান্ত আৱশ্যকীয়।” পূৰ্বতে কোৱাৰ দৰে পাঠ সমীক্ষাৰ ক্ষেত্ৰত ড° নেওগ কটন কলেজৰ প্ৰথিতযশা অধ্যাপক পি চি ৰায়ৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছিল। বিশেষকৈ পাঠ সমীক্ষাৰ বিষয়ে প্ৰাৰম্ভিক পৰ্যায়ৰ কথা বতৰাখিনি তেওঁ অধ্যাপক ৰায়ৰ ক্লাছৰ পৰাই আয়ত্ত কৰিছিল : “অনাৰ্ছ ক্লাছতে ৰায় ছাহাবে Variorum Shakespeare পঢ়িবলৈ শিকাই মোৰ মনত পাঠ-সমীক্ষাৰ প্ৰথম অঙ্কুৰটি স্থাপন কৰিছিল, যাৰ ফলত শেক্সপিয়েৰৰ পাঠত কোৱাৰ্টো, ফলিও আদি সংস্কৰণে কেনেকৈ ভেদ সৃষ্টি কৰিছিল, সেইটো চোৱাত ব্যগ্র হৈছিলোঁ।” অধ্যাপক ৰায়ে আকৌ কলিকতা বিশ্ববিদ্যালয়ৰ ইংৰাজীৰ বিখ্যাত অধ্যাপক এইচ এম পাৰ্চিভেলক শ্ৰদ্ধা আৰু আন্তৰিকতাৰে স্মৰণ কৰিছিল। পাৰ্চিভেলে ৩১ বছৰ ইংৰাজী সাহিত্য পঢ়ুৱাইছিল। ড° নেওগক আগ্ৰহী কৰি তুলিবলৈ পাৰ্চিভেল সম্পাদিত মেকবেথৰ পাতনি প্ৰথম বাক্যটোৱেই পৰ্যাপ্ত আছিল : ” The play was first published in 1623, in the first folio of the collected plays. No quarto of the separate play is known to exist. ” স্বাভাৱিকতে ড° নেওগৰ দৰে অনুসন্ধিৎসু ছাত্ৰ এজনক এই বাক্য দুটাই এক বিশেষ জগতৰ মাজলৈ লৈ গৈছিল। ড° নগেন শইকীয়াই উল্লেখ কৰিছে যে এই বিদ্বানজনাই সম্পাদনাৰ সময়ত গুৰুত্ব দিয়া বিষয় কেইটা আছিল- (১) পুথিৰ বয়স, (২) লিখকৰ নাম, স্থান, সময়, শিক্ষা, অন্যান্য অর্হতা, (৩) পুথিৰ আখৰ, (৪) পুথিৰ বিষয়ৰ বিচাৰ, (৫) পুথিৰ ভাষা আৰু ব্যাকৰণগত বিশিষ্টতাসহ, (৬) পুথিত উল্লিখিত প্রসংগ আৰু (৭) পুথিখনিৰ গুৰুত্ব।

 

ড° নেওগৰ মহা প্ৰয়াণৰ দিনটোত আমি তেখেতৰ কেইটামান অধ্যয়ন আৰু বক্তৃতালৈ মনত পেলাব পাৰো। যেনে, ‘ভাৰতীয় সাংস্কৃতিক ঐতিহ্য আৰু অসম ‘ (৩১ ডিচেম্বৰ, ১৯৬৬);

‘অসমৰ ধৰ্মৰ বুৰঞ্জী : আন্ধাৰ আৰু পোহৰ’ (২৬/২৭ ছেপ্টেম্বৰ ,১৯৮৭) আৰু Socio – Political Events in Assam Leading to the Militancy of the Mayamariya Vaisnavas (১৯৭৯) । প্ৰতিটো বক্তৃতাৰেই পৰিসৰ বেলেগ বেলেগ। ইয়াৰ প্ৰথমটো বক্তৃতাত তেওঁ ভাৰতীয় সংস্কৃতিৰ সমৃদ্ধকৰণত অসমীয়া সংস্কৃতিৰ ভূমিকা তথ্য আৰু যুক্তি সহকাৰে আলোচনা কৰিছে। কুমাৰ ভাস্কৰ বৰ্মা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, একশৰণ বৈষ্ণৱ ধৰ্ম , দেওপানীৰ হাবিৰ মাজত পোৱা কীৰ্তিমুখ আৰু ইণ্ডোনেছিয়াৰ কীৰ্তিমুখৰ সাদৃশ্য , নীলাচলত পোৱা বেণুগোপাল মূৰ্তি ( “A rare specimen of anatomical perfection.” – T Ramachandran) ইত্যাদি বহু বিষয় ড° নেওগে অতি সযতনে এই বক্তৃতাত অসমীয়া সংস্কৃতিৰ ভাৰতলৈ অৱদান বুলি সামৰি লৈছে। একেদৰে অসমৰ ধৰ্মৰ বুৰঞ্জী বক্তৃতাত তেওঁ অসমীয়া মানুহৰ ধৰ্মীয় চেতনাৰ বিভিন্ন উৎসৰ সন্দৰ্ভত চালি জাৰি চাইছে। অসমৰ জনজাতীয় সমাজত আদিম ধৰ্ম বিশ্বাসকো ইয়াত তেওঁ বাদ দিয়া নাই। কাৰ্বি , বড়ো , তিৱা , মিচিং, খাছী, দেউৰী, চুতীয়া , নগাভূমি আৰু অৰুণাচলৰ ধৰ্মীয় চেতনাবোৰকো তেওঁ চাব খুজিছে। তেওঁৰ এই চেতনা নিৰপেক্ষ গৱেষণা আৰু উদাৰ মানৱতাবাদৰ চেতনা। আজান ফকীৰেও তাত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে : “দিখৌ নৈৰ কাষৰি/ শৰাগুৰি চাপৰি/ ৰজাই বান্ধি দিয়া মঠ।/

ছকুৰি ভকতে/ লয় আল্লাৰ নাম/ মাদুৰি বনৰে কঠ ॥” লক্ষণীয় যে এই বক্তৃতাত ড° নেওগে সমন্বয়ৰ ধাৰণাটোকে আগত ৰাখিছে।

 

ড° নেওগৰ এটা তাৎপৰ্যপূৰ্ণ নিবন্ধ হ’ল নীলাচল তাম্ৰপত্ৰ সম্পৰ্কে। ১৯৬৬ চনৰ জুনত উদ্ধাৰ হোৱা এই প্ৰশস্তিখনত তিনিখন তামৰ ফলি পোৱা যায়। ড° নেওগৰ মতে এই প্ৰশস্তিখন কৌতুহল জনক, কিন্তু ইয়াৰ ব্যাখ্যা সহজ নহয়। অধ্যাপক অশোক কুমাৰ গোস্বামীয়ে উল্লেখ কৰিছে যে ড° নেওগে এই ফলিখনৰ পাঠ বিশ্লেষণাত্মক সমালোচনাৰে আগবঢ়াইছে। ইয়াত সেই সময়ৰ ধৰ্মীয় বিশ্বাস, ৰাজহ ব্যৱস্থাৰ কথা আছে। ইয়াৰ বাহিৰেও অসমীয়া লিপিৰ বিকাশৰ সৈতেও এই ফলিখনৰ সম্পৰ্ক আছে। লগতে ভূমি ব্যৱস্থা সম্পৰ্কেও কিছু কথা জানিব পৰা যায়। ড° নেওগৰ এই আলোচনা অসমৰ সাংস্কৃতিক ইতিহাসৰ ছাত্ৰৰ বাবে আগ্ৰহৰ বিষয় বুলি অধ্যাপক গোস্বামীয়ে মত প্ৰকাশ কৰিছে।ড° বীৰেন্দ্ৰনাথ দত্ত

আৰু অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱগোস্বামীৰ মহেশ্বৰ নেওগৰ সৈতে কথোপকথন শীৰ্ষক এক মূল্যবান সাক্ষাৎকাৰত “গৱেষণা সমিতি এখনেই মোৰ লগে লগে ঘূৰি ফুৰিছিল ” বুলি ড° নেওগে এক মন্তব্য কৰিছে। এইটো এটা অতি শক্তিশালী উপলব্ধি আৰু প্ৰসঙ্গ। এজন মানুহ পাণ্ডিত্যৰ কি পৰ্যায়ত উপনীত হলে এনেকুৱা ধৰণৰ কথা ক’ব পাৰে, সেয়া সহজেই অনুমান কৰিব পাৰি। পুত্ৰ প্ৰণৱস্বৰূপ নেওগে উল্লেখ কৰা অধ্যাপক অতুলচন্দ্ৰ হাজৰিকাৰ এক মন্তব্যও বেছ প্ৰাসংগিক: ” আমি যেনেকৈ ফাঁচিবজাৰলৈ যাওঁ, নেওগ তেনেকৈ দিল্লীলৈ যায়। উদ্দেশ্য হ’ল অধ্যয়ন, গৱেষণা আৰু অসমৰ সাংস্কৃতিক সম্পদ আৰু বৌদ্ধিক শক্তিক জাতীয় স্তৰত প্ৰতিষ্ঠা কৰা। ভাবি ভাল লাগে যে এই জ্ঞান আৰু কৰ্মযোগী মানুহজন আছিল এজন মুকলি মনৰ মানুহ। তেওঁৰ বন্ধুৰ তালিকাত আছিল কপিলা ৱাৎসায়ন, অধ্যাপক বাসুদেৱ শৰণ আগৰৱাল , অধ্যাপক মতিচন্দ্ৰৰ দৰে বিদ্বান লোক( মতিচন্দ্ৰৰ 5000 Years of Indian Art, ১৯৪৮ আৰু অধ্যাপক আগৰৱালৰ Narayana as the Ocean নামৰ প্ৰবন্ধ দুটাৰ প্ৰভাৱ ড° নেওগৰ আলোচনাত আগ্ৰহী গৱেষকসকলে বিচাৰি চাব পাৰে) । বিখ্যাত কবিতা সংকলন ‘ সঞ্চয়ন’ৰ পাতনিখনে ড° নেওগৰ শক্তিশালী সমীক্ষাত্মক দৃষ্টিকোণক তুলি ধৰিছে। জীৱনৰ একেবাৰে শেষৰফালে তেওঁৰ জন্মদিনত (৭ ছেপ্টেম্বৰ, ১৯৯৪) কন্যা স্নিগ্ধামালতীক শ্রুতলিপি দি তেওঁ এটা কবিতা লিখিছিল: “পথৰ দাঁতিৰ জৰী গছজোপা/ তাৰ তলতে খন্তেক জিৰাওঁ/ তাৰ কুঁহি কুঁহি পাতৰ তলত/ তোমাৰ বাতৰি কোঁৱা-/ নতুন জীৱনৰ বাতৰি কোঁৱা- মোৰ ভাগৰ লাগিছে/তোমাৰ বাতৰি কোঁৱা” ।

 

ড° মহেশ্বৰ নেওগ ভাগৰে চুব নোৱাৰা ঠাইলৈ কাহানিবাই আঁতৰি গৈছে। তেওঁৰ জীৱন আৰু কৰ্মই অহৰহ প্ৰেৰণা আৰু অনেক অৰ্থবহ বাতৰি আমাক দিছে। এই বাতৰিৰ মৰ্মবাণী আমি শুনা উচিত ; আৰু শুনাৰ বাবে প্ৰয়োজনীয় সামৰ্থ্য অৰ্জন কৰাৰ প্ৰচেষ্টাও চলোৱা উচিত। কাৰণ ড° বাণীকান্ত কাকতিয়ে ক’বৰ দৰে ভীমৰ গদা ডাঙিবলৈ হ’লে আগেয়ে ভীমৰ বল অৰ্জন কৰিব লাগিব। ড° নেওগে এই বল অৰ্জন কৰিছিল আৰু আটাইতকৈ ডাঙৰ কথা, আনে কেনেকৈ এই বল অৰ্জন কৰিব, তাৰ খবৰ তেওঁ নিজৰ আত্মজীৱনী ‘ জীৱনৰ দীঘ আৰু বাণি ‘ ত দি গৈছিল। মানুহৰ অনন্ত জ্ঞান প্ৰবাহৰ ড° মহেশ্বৰ নেওগ এক নিভাঁজ আৰু প্ৰেৰণাময় ৰূপ।