ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি নামনি মাজুলীৰ চিৰামপুৰীয়াত প:ৰাগ উৎসৱ আৰম্ভ :
উদুলি মুদুলি সমগ্ৰ কৰতিপাৰ অঞ্চল : সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰিলে ৰজাঘৰীয়া বিষয়ববীয়া সকলক:
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত সমন্বয় আৰু ধৰ্মীয় লোক উৎসৱ মাজুলী জিলাৰ নামনি মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চিৰাম পুৰীয়া গাঁৱত আজিৰ পৰা আৰম্ভ হৈছে। বিস্তৃত কাৰ্যসূচীৰে আজিৰে পৰা পাঁচ দিনীয়াকৈ মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত উক্ত লোক উৎসৱ প:ৰাগ আজি ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰাৰে আৰম্ভ হৈছে। সমন্বয় আৰু সম্প্ৰীতিৰ বাৰ্তা লৈ আৰম্ভ হোৱা উক্ত প:ৰাগ উৎসৱত সম্বন্ধীয় লোকসকলে ভিৰ কৰিছে। চিৰামপৰীয়া প:ৰাগ উৎসৱ থলী আজি গুমৰাগ নৃত্যৰে মুখৰিত হৈ পৰিছে। আজিৰ পৰা ১৫ মাৰ্চলৈ চিৰামপুৰীয়া মুৰংঘৰ লত্তাত উক্ত প:ৰাগ উৎসৱ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। উক্ত,প:ৰাগ উৎসৱত আজি পুৱা পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণৰ পাছত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বীনকান্ত দলেয়ে। তাৰপিছত অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হ’ব।

দুপৰীয়া প:ৰাগ উৎসৱৰ মূল বিষয় ববীয়া সকলক আনুষ্ঠানিকভাৱে মুৰংঘৰলৈ শোভাযাত্ৰা কৰি আদৰি অনা হয়। মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত উপাস্য দেৱতা চন্দ্ৰ সূৰ্যক পূজা কৰি ৰজাঘৰীয়া বিষয়ববীয়াসকলক আদৰণী জনায় । উক্ত, আদৰণী অনুষ্ঠানত কেইবাশতাধিক লোকে অংশগ্ৰহণ কৰি সাংস্কৃতিক শোভাযাত্ৰাৰে মিগম বৰাকে মুখ্য কৰি সকলো ৰজাঘৰীয়া বিষয়ববীয়াসকলক আনুষ্ঠানিকভাৱে আদৰণী জনায়। মুৰংঘৰত ৰজাঘৰীয়া বিষয়ববীয়াসকলক বহুৱাই সকলো ৰাইজে সমূহীয়াকৈ নৃত্য প্ৰদৰ্শন কৰে। বিয়লি আহাৰ গ্ৰহণৰ পিছত কুলি চাপৰি গাঁৱৰ সাংস্কৃতিক মিনম দলক আদৰণী জনোৱা হয় আৰু উক্ত , সাংস্কৃতিক দলে বহু সময় কৃষ্টি প্ৰদৰ্শন কৰে। আজি সন্ধিয়া বন্তি প্ৰজ্বলনৰ পাছতে স্থানীয় শিল্পীসকলে সাংস্কৃতিক অনুষ্ঠান ৰূপায়ন কৰে। প:ৰাগ উৎসৱৰ দ্বিতীয় দিনা কাইলৈ -১২ মাৰ্চত পৰিৱেশ নিকাকৰণৰ পাছত এগ মান্নাম আৰু গুমৰাগ নৃত্য প্ৰদৰ্শন কৰা হ’ব। তাৰপিছত গাঁৱৰ জী- জোঁৱাই -সকলৰ সেৱা গ্ৰহণৰ পিছত প:ৰাগ উৎসৱৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰিব ৰঙাচাহী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ দুৰ্লভ পেগুয়ে । তাৰপিছত আমন্ত্ৰণ জনোৱা কৃষ্টি দল ওখল চুক আৰু মহৰিচুক কৃষ্টি দলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। দুপৰীয়া বৃহৎ মুকলি সভা অনুষ্ঠিত হ’ব। সেইদিনা আমন্ত্ৰিত কৃষ্টি দলক বিদায় জনোৱাৰ পিছত সন্ধিয়া বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব।

উক্ত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব পূৱ ডিক্ৰং মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক কমল মিলিয়ে । উক্ত, সাংস্কৃতিক সন্ধিয়াত শিল্পী ৰিয়ান ৰাজ আৰু অৱনী মিলিয়ে গীত পৰিৱেশন কৰিব। ১৩ মাৰ্চত পুৱা এগ মান্নাম আৰু গাঁৱৰ জীয়ৰী আৰু জোঁৱাই -সকলৰ অনুষ্ঠান, কৃষ্টি দলৰ সাংস্কৃতিক অনুষ্ঠান, মিনম অ:পেক বিদায় অনুষ্ঠান আৰু সন্ধিয়ালৈ স্থানীয় শিল্পীসকলে সাংস্কৃতিক অনুষ্ঠান ৰূপায়ন কৰিব। ১৪ মাৰ্চত পুৱা এগ মান্নাম আৰু গাঁৱৰ বোৱাৰীসকলৰ অনুষ্ঠান, গাঁৱৰ বয়োজ্যেষ্ঠসকলৰ লগত প্ৰীতি ভোজ আৰু সন্ধিয়া স্থানীয় শিল্পীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। ১৫’ মাৰ্চত এগ মান্নাম আৰু ৰজাঘৰীয়া বিষয়ববীয়াসকলৰ প্ৰীতি ভোজ আৰু ৰজাঘৰীয়া বিষয়ববীয়াসকলৰ বিদায় পৰ্ব অনুষ্ঠিত হ’ব। সেইদিনা সন্ধিয়া সামূহিক বন্তি প্ৰজ্বলনেৰে পাঁচ দিনীয়া প:ৰাগ উৎসৱৰ সামৰণী পৰিব। উক্ত,প:ৰাগ উৎসৱৰ সুদৃশ্য মূল আদৰণী তোৰণ, মুৰং ঘৰ আদিয়ে সকলোকে মুগ্ধ কৰিছে। সমগ্ৰ কৰিতিপাৰ অঞ্চলটো উক্ত প:ৰাগ উৎসৱৰ বাবে উৎসৱ মুখৰ হৈ পৰিছে।
