ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বুঢ়াগোসাঁই থানত পৰম্পৰাগত মহাশিৱৰাত্ৰিৰ আয়োজন
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰী সমষ্টিৰ দখলা পাহাৰ স্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বুঢ়াগোসাঁই থানৰ ঐতিহ্য বহু পুৰণি,স্বৰ্গীয় আহোম ৰজা শিৱসিংহৰ ৰাজত্ব কালতে এই মন্দিৰ প্ৰতিষ্ঠা হৈছিল ৷ অন্যবৰ্ষৰ দৰে এই বৰ্ষটো পৰম্পৰাগত মহাশিৱৰাত্ৰি পূজা শ্ৰীশ্ৰী বুঢ়াগোসাঁই থান পৰিচালনা সমিতিৰ উদ্যোগত অহা ২৪ ফেব্ৰুৱাৰীৰ সোমবাৰৰ পৰা ২৬ ফেব্ৰুৱাৰী বুধবাৰলৈ তিনদিনীয়া বিভিন্ন কাৰ্য্যসূচীৰে দখলা পাহাৰস্থিত শ্ৰীশ্ৰী বুঢ়াগোসাঁই থান প্ৰাঙ্গণত আয়োজন কৰা হৈছে ৷ পৰিচালনা সমিতিৰ সভাপতিৰ পদত ক্ৰমে দ্বীজেন শৰ্মা দলৈ, সাধাৰণ সম্পাদক শশী ভুষণ তালুকদাৰ,কাৰ্যকৰী সভাপতি কৈলাশ তালুকদাৰ, উপ- সভাপতিদ্বয় যতীন তালুকদাৰ, হিৰেন দাস,সহঃ সম্পাদকবৃন্দ ৰোহিত তালুকদাৰ,মুনীন্দ্ৰ দাস,মৃদুল কুমাৰ দাস,পবিত্ৰ ঠাকুৰীয়া ৷ দলৈ ধ্ৰুৱজ্যোতি শৰ্মা দলৈ,কৰ্ত্তা দীপক শৰ্মা দলৈ ৷ কাৰ্যক্ৰমণিকা অনুসৰি ২৪ ফেব্ৰুৱাৰী সোমবাৰৰ কাৰ্যসূচী বন্তি প্ৰজ্বালন, ধৰ্মধ্বজা উত্তোলন,বৃক্ষৰোপণ,বিলৰ বৃক্ষত বস্ত্ৰ দান, শিৱ পুৰাণ পাঠৰ কক্ষৰ দ্বাৰ মুকলি, শিৱ পুৰাণ পাঠৰ কক্ষৰ বন্তি প্ৰজ্বালন৷ ২৫ ফেব্ৰুৱাৰী মংগলবাৰৰ কাৰ্য্যসুচী অহোৰাত্ৰি অখণ্ড শিৱ পুৰাণ পাঠ ৷ ২৬ ফেব্ৰুৱাৰী বুধবাৰৰ কাৰ্য্যসুচী ধৰ্মীয় শোভাযাত্ৰা,মহাবাহু ব্ৰহ্মপুত্ৰৰ ঘাটত ঘট বুৰণ,শিৱ অভিষেক,মন্দিৰত বিগ্ৰহ স্নান,নাম- প্ৰসংগ,শিৱ পূজা আৰম্ভ,হোমযজ্ঞ,পুষ্পাঞ্জলী প্ৰদান,প্ৰসাদ বিতৰণ,ভক্তসকলৰ ভোজন গ্ৰহণ৷ উল্লিখিত শিৱৰ মহিমামণ্ডিত মহাশিৱৰাত্ৰিৰ উক্ত দিনকেইটাৰ পূজাৰ কাৰ্যসূচীত সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায়সহযোগিতাৰ লগতে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোগক্তা সকলে ৷