ঐতিহ্যমণ্ডিত দেৱৰাজ ৰয় মহাবিদ্যালয় — ৰাজলক্ষ্মী বৰঠাকুৰ,গোলাঘাট

ঐতিহ্যমণ্ডিত দেৱৰাজ ৰয় মহাবিদ্যালয়

গোলাঘাট চহৰৰ জোনাকী নগৰত সগৌৰৱে জিলিকি থকা মহাবিদ্যালয় খনেই হৈছে দেৱৰাজ ৰয় মহাবিদ্যালয় বা ডি আৰ কলেজ। ১৯৪৯ চনৰ ১ ছেপ্টেম্বৰত কেইজনমান মহান ব্যক্তিৰ আশা শুধিয়া প্রচেষ্টাত এই মহাবিদ্যালয় খনে প্রাণ পাই উঠিছিল। তেতিয়াৰ পৰা এতিয়া লৈকে মহাবিদ্যালয় খনিয়ে মানৱ সম্পদ গঢ়াত অৰিহণা যোগাই আহিছে। এই মহাবিদ্যালয়ত কলা আৰু বিজ্ঞান উভয়তে শিক্ষা গ্রহণৰ সুবিধা আছে। ইয়াৰ উপৰিও ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত ডিপ্লমা আৰু চাটিফিকেট পাঠ্যক্ৰম কৃষ্ণকান্ত সুন্দিকৈ ৰাজ্যিক
মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত ডিপ্লমা আৰু চাটিফিকেট পাঠ্যক্ৰম ডিবুগড় বিশ্ববিদ্যালয়ৰ দূৰবৰ্তী শিক্ষাৰ অধীনত অসমীয়া, ৰাজনীতি বিজ্ঞান, অথনীতি আৰু গণিতৰ
স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সুবিধা আছে। ২০১১ চনত ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্রত্যাপন পৰিষদ চমুকৈ নাকে (NAAC) মহাবিদ্যালয় খনক A গ্রেডেৰে মূল্যাংকন কৰে। ২০১০ আৰু ২০১৪ চনত বিশ্ববিদ্যালয় অনুদান আয়োগে মহাবিদ্যালয়খনক শ্রেষ্ঠত্ব লাভ কৰাৰ যোগ্যতা থকা মহাবিদ্যালয় (college with potential for Excellence) হিচাপে চিহ্নিত কৰিছে। শেষত আমাৰ সকলোৰে স্বাভিমান তথা গৌৰৱ দেৱৰাজ ৰয় মহাবিদ্যালয়খনি সদায় জাকত জিলিকা হৈ থাকক।
আৰু জ্ঞানৰ পোহৰ বিলাই মানৱ সম্পদ গঢ়ি তুলাৰ অগ্নণী ক্ষেত্র হৈ ৰওঁক।

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট