ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক বিকাশৰ ৰূপান্তৰৰ জৰিয়তে আটক ধুনীয়াকৈ সুসজ্জিত কৰাৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় পৌৰ নিগমৰ ব’ৰ্ডৰ বৈঠকত আজি কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে উপস্থিত থাকে আৰু চহৰখনৰ উন্নয়নমূলক কাম-কাজসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। কৃত্ৰিম বানপানীৰ সমাধান, নলা-নৰ্দমাৰ সু-ব্যৱস্থাপনা, বাট-পথৰ উন্নীতকৰণ, চহৰৰ সৌন্দৰ্যবৰ্ধনকে ধৰি বিভিন্ন বিষয় বৈঠকত আলোচনা কৰি সকলো যাৱতীয় কাম তৎপৰতাৰে ত্বৰান্বিত কৰিবলৈ সংশ্লিষ্ট বিষয়ববীয়াসকলক তেওঁ আহ্বান জনায়।এই সভাত লগতে উপস্থিত আছিল অসম চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্ৰ, উপ-মেয়ৰ উজ্জ্বল ফুকন প্ৰমুখ্যে অন্যান্য প্ৰতিনিধিসকল আৰু বিষয়ববীয়াসকল।