ঐতিহ্যমণ্ডিত গান্ধী ময়দানত বাছকবনীয়া গ্ৰন্থ সম্ভাৰ লৈ সাজু বিপণী
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি পশ্চিম অসমৰ অন্যতম প্ৰাণকেন্দ্ৰ বঙাইগাঁৱত আৰম্ভ হ’ব ২০২৫-২৬ ৰ প্ৰথমখন অসম গ্ৰন্থমেলা ৷ এই বিষয়ে সদৰী কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এক সংবাদ বিজ্ঞপ্তিত কয় যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ইয়াৰ ঐতিহ্যমণ্ডিত গান্ধী ময়দানত আঠদিনীয়াকৈ আয়োজন কৰা গ্ৰন্থমেলাখনৰ কাইলৈ বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব উদ্বোধনী সভা ৷ গ্ৰন্থমেলাখন উদ্বোধন কৰিব শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷ ইয়াত সন্মানীয় অতিথিপৰূপে উপস্থিত থাকিব নগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য, বিশিষ্ট গ্ৰন্থকাৰ, সাংবাদিক ড° সমুদ্ৰগুপ্ত কাশ্যপ ৷ সভাখনত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব বঙাইগাঁও বিধান সভা সমষ্টিৰ বিধায়িকা দিপ্তীময়ী চৌধুৰী, মেঘালয়ৰ ৰাজধানী শ্বিলংস্থিত উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° জ্যোতিৰ্ময় প্ৰধানী আৰু বঙাইগাঁৱৰ জিলা আয়ুক্ত নৱদ্বীপ পাঠকে ৷ বিজ্ঞপ্তিটোত লগতে প্ৰকাশ যে ২২ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ অনুষ্ঠিতব্য অসম গ্ৰন্থমেলা, বঙাইগাঁৱৰ আটাইকেইটা দিনতে বিয়লি ২-৩০ বজাৰ পৰা ভাষা-সাহিত্য-সংস্কৃতি-ইতিহাস আদি ভিন্ন বিষয়ক সামৰি আলোচনা সত্ৰ আয়োজনৰ দিহা কৰা হৈছে ৷ ইয়াৰ ভিতৰত আছে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ২৩ অক্টোবৰত আয়োজন কৰা ‘ড° ভূপেন হাজৰিকাৰ গীতত লোকসমাজ আৰু লোকভাষা’ শীৰ্ষক আলোচনা সত্ৰ ৷ তদুপৰি ২৪ অক্টোবৰত লেখক-পাঠক সন্মিলন, ২৫ অক্টোবৰত ‘অসমীয়া ভাষা আৰু সংস্কৃতিৰ বিকাশত কথিত ভাষা আৰু লোকসংস্কৃতিৰ প্ৰভাৱ’ শীৰ্ষক আলোচনা সত্ৰ, ২৬ অক্টোবৰত শিশুসকলৰ অনুষ্ঠান ‘শিশুৰ দিন’ , ২৭ অক্টোবৰত কবি সন্মিলন, ২৮ অক্টোবৰত যুৱ লেখক সন্মিলন আদি অনুষ্ঠান সমূহে গ্ৰন্থমেলাখনক আকৰ্ষণীয় কৰি তুলিব ৷ ইয়াৰ লগতে প্ৰতি সন্ধিয়া ৫ বজাৰ পৰা গ্ৰন্থমেলাৰ বাকৰিত ৰূপায়ণ কৰা হ’ব বাৰেবৰণীয়া সাংস্কৃতিক কাৰ্যসূচী ৷ ২৯ অক্টোবৰৰ বিয়লি ৩ বজাত আয়োজিত হ’ব অসম গ্ৰন্থমেলা, বঙাইগাঁৱৰ সামৰণী অনুষ্ঠান ৷ উল্লেখ্য যে অসম গ্ৰন্থমেলা, বঙাইগাঁৱত ৰাজ্যখনৰ আগশাৰীৰ বিভিন্ন প্ৰকাশন প্ৰতিষ্ঠানৰ লগতে ৰাজ্যৰ বাহিৰ প্ৰকাশন প্ৰতিষ্ঠানেও যোগদান কৰিব ৷ ইতিমধ্যে বিপণীৰ কাম সম্পূৰ্ণ হৈ উঠিছে ৷ কাইলৈৰ পৰা বিপণীসমূহত বাছকবনীয়া গ্ৰন্থ সম্ভাৰ উপলব্ধ হ’ব বুলি বিজ্ঞপ্তিটোত প্ৰকাশ ৷ গ্ৰন্থমেলাখনলৈ লেখক-পাঠক, শিক্ষক-শিক্ষাৰ্থীৰ লগতে সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা কামনা কৰিছে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ৷