ঐতিহাসিক স্মৃতি- সমুজ্জ্বল ডেকা

ঐতিহাসিক স্মৃতি
 সমুজ্জ্বল ডেকা, ৰঙিয়া
ফাগুন, তুমি যাবাগৈ চাগে…
আজি কুলিৰ মাত শুনিছোঁ।
আকৌ আহিবা কবিতা
লিখিব ক’বলৈ…
বিদায় বুলি নকওঁ,
অহাবছৰ আকৌ লগ পাম।
এইবাৰ জানা…
বসন্তই বিহুৰ বতৰা লৈ
বিহুৰ কবিতা লিখিব ক’লে।