ঐতিহাসিক শিলপোতা সত্রত উপস্থিত মুখ্যমন্ত্রী

 ঐতিহাসিক শিলপোতা সত্রত উপস্থিত মুখ্যমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা- বিমানকোঠ মণ্ডলৰ গড়লত অনুষ্ঠিত এখন বিশাল সভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৫খন গাঁও পঞ্চায়ত ক্রমে ধাৰাপুৰ, আজাৰা, গড়ল, কাঁহিকুছি আৰু মাজিৰগাঁও গাঁও পঞ্চায়তৰ বিভিন্ন ৰাজনৈতিক দল-সংগঠনৰ ৬৫০ গৰাকী নেতা-কৰ্মীয়ে বিজেপিৰ আদৰ্শ আৰু নীতিৰ প্ৰতি আনুগত্য প্রকাশ কৰি দলটোত আনুষ্ঠানিকভাৱে যোগদান  কৰে। যোগদান কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্রী ড° শর্মাই কয়- ‘আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কাম-কাজৰ ক্ষেত্ৰত জালুকবাৰী সমষ্টিত কোনো চিন্তা কৰিব নালাগে। আপোনালোকক মই এটাই প্রতিশ্রুতি দিব পাৰোঁ যে যেতিয়া ২০৩১ চনত বিধানসভা নির্বাচন হ’ব তাৰ আগতে জালুকবাৰী সমষ্টিত কোনো সমস্যা নাথাকিব। আপোনালোকে যি ভাবিব, তাকেই হ’ব। ল’ৰা-ছোৱালীৰ কৰ্মসংস্থাপন, ব্যৱসায়-বাণিজ্য, শিক্ষা, স্বাস্থ্য আদিকে ধৰি সকলোখিনি কাম মই কৰি দিম। আপোনালোকে দেখিব চকুৰ আগতে জালুকবাৰী সমষ্টিটো বহু দূৰ আগবাঢ়ি গৈছে।’ যোগদান কাৰ্যসূচীত বিজেপিৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন চন্দ্র দাস, বিমানকোঠ মণ্ডল বিজেপিৰ সভাপতি তীর্থ মেধি, গুৱাহাটী মহানগৰ জিলা পৰিষদৰ উপাধ্যক্ষ গিৰিজা মেধি, ৰাণী চাপৰি জিলা পৰিষদৰ সদস্য কুশল দাস, ৰামছাৰণি আঞ্চলিক পঞ্চায়তৰ সভাপতি ভূপেন ইংতি উপস্থিত থাকে। আনহাতে, মুখ্যমন্ত্রী ড° শৰ্মাই কামৰূপ জিলাৰ মাজিৰ গাঁৱত অৱস্থিত ঐতিহাসিক শিলপোতা সত্রত উপস্থিত হৈ ভক্তিভৰা প্ৰণিপাত জনোৱাৰ লগতে সত্ৰখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে সত্ৰ পৰিচালনা সমিতিৰ সৈতে আলোচনাত মিলিত হয়। উল্লেখ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্রপন্ন শিষ্য মহাপুৰুষ শ্রীশ্রী মাধৱদেৱে পঞ্চদশ শতিকাত এচপৰা শিল পুতি কামৰূপ জিলাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ নৈসর্গিক পৰিৱেশে বিৰাজ কৰা মাজিৰ গাঁৱত এই সত্ৰখন স্থাপন কৰিছিল। সত্ৰৰ জীৱন ধাৰাই অঞ্চলটোত আজিও সুশৃংখলিত ৰীতি-নীতি আৰু ভক্তি আচৰণৰ প্ৰতিফলন ঘটাই আহিছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বক্তব্য দাঙি ধৰি মুখ্যমন্ত্রী ড° শৰ্মাই প্ৰথমবাৰৰ বাবে আজি পৱিত্ৰ সত্ৰখনত উপস্থিত হোৱাৰ সৌভাগ্য লাভ কৰা বুলি মন্তব্য কৰি কয় যে সত্ৰ পৰিচালনা সমিতিৰ সৈতে আলোচনা মর্মে সত্রখন সুন্দৰ ৰূপত সজাই-পৰাই তোলাৰ বাবে পৰিকল্পনা গ্রহণ কৰা হ’ব। ভাষণ প্রসংগত তেওঁ উল্লেখ কৰে যে সত্ৰখনৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ৫০ লাখ টকাৰ এক আর্থিক অনুদানত অনুমোদন জনাইছে। সত্ৰ পৰিদৰ্শন কালত মুখ্যমন্ত্রী ড° শৰ্মাৰ সৈতে নাৰায়ণপুৰৰ শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ দেৱ গোস্বামী, মাজিৰ গাঁৱৰ শ্ৰীশ্ৰী শিলপোতা সত্ৰৰ সত্ৰাধিকাৰ সঞ্জয় ডেকা মহন্ত, শ্রীশ্রী শিলপোতা সত্ৰ পৰিচালনা সমিতিৰ মুখ্য উপদেষ্টা কণিকা পাঠক, সভাপতি বিশ্বজ্যোতি পাঠক, সম্পাদক ড° নৱজ্যোতি দাস, উপ-সভাপতি পদ্মকান্ত দাস আৰু অভিজিৎ কলিতা প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।