ঐতিহাসিক চন্দ্র যান-৩ – এছ ইছলাম

PC - NDTV
ঐতিহাসিক চন্দ্র যান-৩
এছ ইছলাম, শিক্ষক, বৰপেটা
আজি আমি গৌৰৱান্বিত
চন্দ্ৰযান-৩ ৰ চন্দ্ৰপৃষ্ঠত
সফল অৱতৰণ
লেণ্ডাৰ বিক্ৰমৰ পতাকা উত্তোলন।
চৌপাশে ধূলিৰ আস্বাদন
ৰ’ভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠলৈ নামিব
বিক্ৰম প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত ছেলফি ল’ব
ইছৰোৰ নিয়ন্ত্ৰণ কক্ষলৈ
কৰিব প্ৰেৰণ।
দুই হাজাৰ তেইশ চনৰ
চৈধ্য জুলাই
চন্দ্রযান-৩ৰ উৎক্ষেপণ
তেইশ আগষ্টৰ সন্ধিয়া
ছয় বাজি চাৰি মিনিটত
চন্দ্রপৃষ্ঠত চন্দ্রযান-৩ৰ অৱতৰণ।
চন্দ্রপৃষ্ঠত অৱতৰণ কৰা
চতুৰ্থখন দেশ মহান ভাৰত
চন্দ্রৰ দক্ষিণ মেৰুত
অৱতৰণ কৰা প্ৰথমখন দেশ
আমাৰ ভাৰত
ইছৰোৰ সকলো বৈজ্ঞানিকলৈ
আন্তৰিক অভিনন্দন কৰিছোঁ জ্ঞাপন।