ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল মৰাণ তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণ

ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল মৰাণ তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণ

উত্তৰ-পূবৰ প্ৰথমটো জৰুৰী বিমান অৱতৰণ সেৱা উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল মৰাণ তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণ। দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সোণালী আখৰে লিপিবদ্ধ কৰি মৰাণৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত উদ্বোধন হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো জৰুৰী অৱতৰণ সেৱা চমুকৈ ইএলএফ । দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এক গাম্ভীর্যপূর্ণ পৰিৱেশত উদ্বোধন কৰে এই ইএলএফ।  উল্লেখ্য যে মৰাণ বাইপাছত ১০০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰা এই ৪.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাই ৰাষ্ট্ৰীয় ঘাইপথ আৰু জৰুৰীকালীন সময়ত ভাৰতীয় বায়ুসেনাৰ কাৰ্যকলাপৰ বাবে এক গুৰুত্বপূৰ্ণ বিমানঘাটি হিচাপে কাম কৰিব। এদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে অসম ভ্ৰমণলৈ অহা দেশৰ প্ৰধানমন্ত্ৰী‌ নৰেন্দ্ৰ মোদী দিল্লীৰ পৰা পোনে পোনে ডিব্ৰুগড়ৰ চাবুৱাৰ বায়ুসেনাৰ চাউনীত উপস্থিত হয় । চাবুৱাত উপস্থিত হৈ প্ৰধানমন্ত্ৰী‌ মোদীয়ে বিমানঘাটিৰ পৰা বায়ুসেনাৰ এখন চি-১৩০ জে ছুপাৰ হাৰকুলিছ বিমানেৰে উৰা মাৰি বিশেষভাৱে শক্তিশালী ৰূপত নিৰ্মাণ কৰা এই ৰানবে’ত সুকলমে অৱতৰণ কৰে। অসামৰিক আৰু সামৰিক-উভয় ব্যৱহাৰৰ বাবে উচ্চ প্রযুক্তিৰে নিৰ্মাণ কৰা এই ইএলএফে প্রাকৃতিক দুৰ্যোগ বা সংঘাতৰ দৰে সংকটকালত ডিব্ৰুগড় বিমানবন্দৰৰ এক শক্তিশালী বিকল্প হিচাপে সেৱা আগবঢ়াব। ইয়াত ৪০ টন পর্যন্ত ওজনৰ যুঁজাৰু বিমান আৰু সৰ্বাধিক ৭৪ টন ওজনৰ গধুৰ পৰিবহণ বিমান অৱতৰণ কৰিব পাৰিব। যাৰ ফলত এই কৌশলগতভাবে স্পর্শকাতৰ চীন সীমান্ত অঞ্চলত প্ৰতিৰক্ষা যোগান ব্যৱস্থা, দ্রুত মোতায়েন আৰু মানৱীয় সাহায্য অধিক শক্তিশালী হ’ব।

প্রধানমন্ত্রী মোদীৰ ভ্ৰমণৰ আৰম্ভণিতে ভাৰতীয় বায়ুসেনাই ৪০ মিনিটজোৰা এক দৃষ্টিনন্দন এয়াৰ শ্ব’ আগবঢ়ায়, যিয়ে এই কেন্দ্ৰটোৰ কাৰ্যক্ষমতা প্রদর্শন কৰে। ছুখয় আৰু ৰাফেলৰ দৰে ১৬খন যুঁজাৰু বিমানে ঘাইপথৰ পৰাই উৰা মৰা আৰু অৱতৰণৰ সফল প্ৰদৰ্শন কৰে। সামগ্ৰী আৰু সৈন্য পৰিবহণৰ বাবে বায়ুসেনাৰ নিৰ্ভৰযোগ্য বিমান এএন-৩২য়েও এই প্রদর্শনত অংশ লৈ দুর্গম অঞ্চলত ইয়াৰ বহুমুখিতা প্রদর্শন কৰে। ইয়াৰ উপৰি এডভাঞ্চড লাইট হেলিকপ্টাৰৰ দ্বাৰা মানৱীয় সাহায্য আৰু দুর্যোগ প্রশমন অভিযানৰ কৌশল প্ৰদৰ্শন কৰা হয়। এই ব্যৱস্থাই উত্তৰ-পূবৰ বানপ্রৱণ দুর্গম অঞ্চলসমূহত অনুসন্ধান আৰু উদ্ধাৰ অভিযান, চিকিৎসা সেৱা, নিৰীক্ষণ আৰু খাদ্য সামগ্রী যোগান ধৰাৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাব। বায়ুসেনাৰ বিশেষ বাহিনী ‘গৰুড় কমাণ্ডো’ৱে এই প্ৰদৰ্শনৰ সময়ত অত্যন্ত নিখুঁতভাৱে ৰছীৰে নামি আহে, যিয়ে সন্ত্রাসবাদবিৰোধী অভিযান আৰু উচ্চ-বিপদসংকুল পৰিস্থিতিত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাক প্রতিফলিত কৰে। এই অনুষ্ঠানত ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া জিলাৰ লগতে আন বহিঃজিলাৰ লগতে অৰুণাচল আৰু নাগালেণ্ডৰ নাগৰিকো এই ঐতিহাসিক মুহূর্তটো প্রাণ ঢালি উপভোগ কৰে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিয়ে এক ইতিবাচক বার্তা কঢ়িয়াই আনিছে।

এই অনুষ্ঠানৰ পূৰ্বে চাবুৱা বিমানঘাটিত প্রধানমন্ত্রী মোদীক ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু ৰাজ্যৰ শীর্ষ বিষয়াসকলে উষ্ম আদৰণি জনায়। খোৱাং বিধানসভাৰ চাবুৱা বিমানঘাটিৰ পৰা পোনে পোনে প্রধানমন্ত্রী মোদী বিশেষ বিমানেৰে মৰাণৰ ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীক মুখ্যমন্ত্রী ড° শর্মাই গামোচা, এটি ফুলাম জাপি আৰু চুতীয়া ৰাজ্যৰ অন্তিমগৰাকী ৰাণী সতী সাধনীৰ এখন প্রতিচ্ছবিৰে আদৰণি জনায়। উক্ত অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সোণোৱাল, ভাৰতীয় বায়ুসেনাৰ মুৰব্বী, এয়াৰ চীফ মার্চেল অমৰ প্ৰীত সিং, ৰাজ্য চৰকাৰৰ মন্ত্ৰী যোগেন মহন, প্রশান্ত ফুকনৰ সৈতে কেইবাগৰাকীও বিধায়ক, বায়ুসেনা, আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়া আদি উপস্থিত থাকে।