এ প্লাছ্ আৰু শিক্ষকৰ নিয়মীয়াকৰণ
চৰকাৰে ঘোষণা কৰা অনুসৰি গুণোৎসৱত একেৰাহে দুবাৰকৈ এ প্লাছ্ লাভ কৰা বিদ্যালয় সমূহৰ ঠিকাভিত্তিত শিক্ষক সকলৰ চাকৰি নিয়মীয়া কৰণ কৰিব।ই নিশ্চয় সু-খবৰ।হয়তু ইয়াৰ পিচত সকলো বিদ্যালয়ে এ প্লাছ্ লাভৰ বাবে বছৰ যোৰা কষ্ট কৰিব।তেতিয়াহে হয়তু অসমৰ চৰকাৰী বিদ্যালয় সমূহৰ গুণগত মান নিৰ্ণয় হ’ব।ই চৰকাৰৰ নিতান্তই এক প্ৰশংসনীয় পদক্ষেপ।
কিন্তু প্ৰকৃত কথাটো হ’ল যে যি সকল শিক্ষাগুৰুৱে ২০১২ চনৰ পৰাই ঠিকাভিত্তিত শিক্ষকতা কৰি আছে।তেঁওলোকৰ নিয়মীয়া কৰণ একেখন বিদ্যালয়তে হ’ব নে?
বৰ্তমান লাভ কৰি থকা দৰমহা নিয়মীয়াকৰণৰ পিচতো লাভ কৰি থাকিব নে?যদি এনে নহয় তেন্তে যোৱা ১০/১১ বছৰে শিক্ষকতা কৰি থকা শিক্ষাগুৰু সকল নিয়মীয়া কৰণৰ পিচত নতুনকৈ নিযুক্তি প্ৰাপ্ত শিক্ষাগুৰু হৈ পৰিব!তেঁওলোকৰ যোৱা সময়ছোৱাৰ শিক্ষকতাৰ সন্মান আৰু কষ্টৰ কি হ’ব?
সেয়েহে চৰকাৰে ঠিকাভিত্তিত শিক্ষাগুৰু সকলৰ নিয়মীয়া কৰণৰ পিচতো যাতে যোৱা দহ বছৰ কৰি অহা কৰ্মকালৰ সকলো সুবিধা নিয়মীয়া কৰণৰ লগত সন্নিৱিষ্ট কৰিব বুলি আশা কৰিলোঁ।তেতিয়াহে চৰকাৰে শিক্ষাগুৰু সকলক প্ৰকৃতপক্ষত সন্মান জনোৱা হ’ব।
সত্যজিৎ গগৈ
ডিব্ৰুগড়
ডিব্ৰুগড়
