এ পি জে আব্দুল কালামৰ আত্মকথা” অগ্নিৰ ডেউকা ( Wings of fire)
এটি অৱলোকন
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
ভাৰতীয় ৰকেট বিজ্ঞানৰ অন্যতম সফল বিজ্ঞানী , ভাৰতৰ সৰ্বোচ্চ ৰাষ্ট্ৰপতি পদৰ অধিকাৰী, যোগী-তপস্বীৰ দৰে জীৱন নিৰ্বাহ কৰা এ পি জে আব্দুল কালামৰ বৰ্ণাঢ্য জীৱনৰ অবিস্মৰণীয় আত্মকথাই হ’ল অগ্নিৰ ডেউকা ( Wings of fire)
এই আত্মজীৱনীমূলক গ্ৰন্থখনত ভাৰতৰ স্বপ্নদ্ৰষ্টা এ পি জে আব্দুল কালামে তেওঁৰ শৈশৱ কালৰে পৰা যৌৱনপ্ৰাপ্ত হোৱালৈকে জীৱনৰ নানা ঘাত-প্ৰতিঘাত আৰু দৈনন্দিন জীৱনত লাভ কৰা অন্তঃস্ৰোতা ফল্গুধাৰাৰ দৰে স্বতঃস্ফূৰ্ত ভাৱে পৰিস্ফুট হোৱা বিভিন্ন অভিজ্ঞতাৰ এখন সচিত্ৰ নক্সা আঁকিছে। তাৰ পাছত তেওঁৰ কৰ্মজীৱনৰ এক বিশাল পৰিধিৰ বৰ্ণালীৰ বৈচিত্ৰময় ৰূপৰেখা উপস্থাপন কৰিছে।
এ পি জে আব্দুল কালামৰ আত্মকথা অগ্নিৰ ডেউকা (Wings of fire) গ্ৰন্থখনৰ আধাৰত তেখেতেৰ শৈশৱ কালৰে পৰা যৌৱনপ্ৰাপ্ত হোৱালৈকে লাভ কৰা বিভিন্ন ঘটনা প্ৰবাহক অতি সংক্ষেপে অৱলোকন কৰিবলৈ প্ৰয়াস কৰিম।
এই আত্মকথাখন লিখোঁতে তেওঁ ভাবিছিল যে, নিচেই অকণমান ল’ৰা এজনৰ ব্যক্তিগত দুখ-দুৰ্দশা, উত্থান-পতনৰ কাহিনী, স্কুলীয়া জীৱনৰ বিপত্তি, স্কুলৰ মাছুল দিয়াৰ বাবে তেওঁ যিবোৰ কাম কৰিবলগীয়া হৈছিল, কলেজত পঢ়ি থাকোঁতে আৰ্থিক দুৰৱস্থাই তেওঁ কেনেকৈ নিৰামিষভাজী হ’বলগীয়া হৈছিল, এইবোৰ কাহিনী শুনি পাঠকে নিশ্চিত ভাৱে পতিয়ন যাব বুলি তেওঁৰ বিশ্বাস জন্মিছিল ; কাৰণ , এইবোৰ কথাই আধুনিক ভাৰতৰ যন্ত্ৰণাবোধৰ বৃত্তান্ত দাঙি ধৰিব।
এই গভীৰ চিন্তাবিদ গৰাকীয়ে তেওঁৰ শৈশৱ কালৰে পৰা যৌৱনপ্ৰাপ্ত হোৱালৈকে তেওঁৰ জীৱনৰ ওপৰত গভীৰ ভাৱে প্ৰভাৱ পেলোৱা কিছুমান মানুহৰ নাম তেওঁ শ্ৰদ্ধাৰ সৈতে উল্লেখ কৰিছে।
ৰামেশ্বৰম মন্দিৰৰ প্ৰধান পূজাৰী পক্ষী লক্ষণা শাস্ত্ৰিদেৱ এ পি জে আব্দুল কালামৰ পিতাদেউৰ ঘনিষ্ঠ বন্ধু আছিল। তেওঁৰ শৈশৱৰ স্মৃতিবোৰৰ ভিতৰত এই দুজন ব্যক্তিৰ প্ৰতিচ্ছবি তেওঁৰ মানসপটত জলজল পটপটকৈ জিলিকি আছে। দুয়োজনে সদায় নিজৰ নিজৰ পৰম্পৰাগত পোছাক পিন্ধি আধ্যাত্মিক আলোচনাত মগ্ন হৈ থাকে। এদিন তেওঁ একেবাৰে বাল্যকালতে দেউতাকক নামাজৰ প্ৰাসঙ্গিকতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰাত তেওঁৰ দেউতাকে কৈছিল যে, নামাজ বা প্ৰাৰ্থনাত ৰহস্যজনক তেনে একো নাই। ইয়াৰ জৰিয়তে মানুহৰ অন্তৰত আধ্যাত্মিক চেতনাৰ উদ্ভৱ হয়। যেতিয়া কোনোবাই নামাজ বা প্ৰাৰ্থনা কৰে, তেতিয়া তেওঁ নিজৰ ইতৰ কায়া ত্যাগ কৰি বিশাল ব্ৰহ্মাণ্ডৰ অংশ হৈ পৰে। তেওঁৰ দেউতাকে প্ৰায় তেওঁৰ সন্মুখত আধ্যাত্মিক কথাবোৰ তামিল ভাষাত পানীৰ দৰে সহজ কৰি বুজাই দিছিল। নিজৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত তেওঁ সমগ্ৰ জীৱনকাল তেওঁৰ দেউতাকক অনুসৰণ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁৰ দেউতাকে যেতিয়া ৰামেশ্বৰমৰ পৰা ধনুষ্কোডিলৈ( চেথুক্কাৰাই) হিন্দু তীৰ্থযাত্ৰী সকলক অনা নিয়া কৰিবলৈ কাঠৰ নাও বনোৱা কামত হাত দিছিল , তেতিয়া এ পি জে আব্দুল কালামৰ বয়স মাত্ৰ ছবছৰ আছিল। সেই সময়ত আহমেদ জালাল উদ্দিন নামৰ ঠিকাদাৰ এজনে ( পৰৱৰ্তী তেওঁৰ ভনীজোঁৱাই) তেওঁৰ দেউতাকক এই কামত সহায় কৰিছিল। এদিন প্ৰচণ্ড ধুমুহাই তেওঁলোকৰ নাওবোৰ ভাঙি খণ্ড-বিখণ্ড কৰিছিল। আমাৰ স্বপ্নদ্ৰষ্টা লেখক গৰাকী ইয়াৰ আগলৈকে সাগৰৰ উৰ্মিমালাৰ সৌন্দৰ্যহে প্ৰত্যক্ষ কৰিছিল, কিন্তু এইবাৰ সেই সাগৰৰ অদম্য শক্তি আৰু সংহাৰীৰূপো তেওঁৰ চকুৰ আগত উন্মেষিত হ’ল। যি কি নহওক, তেওঁতকৈ পোন্ধৰ বছৰে ডাঙৰ আহমেদ জালাল উদ্দিন তেওঁৰ পৰম বন্ধু হৈ পৰিল। তেওঁৰ চিনা-জনা লোকৰ ভিতৰত জালাল উদ্দিনৰ সমান লেখা-পঢ়া থকা কিংবা বহিৰ্জগতৰ লগত সম্পৰ্ক থকা দ্বিতীয় এজন ব্যক্তি নাছিল। জালাল উদ্দিনে তেওঁৰ আগত শিক্ষা-দীক্ষা থকা লোক, বিজ্ঞানৰ চমকপ্ৰদ আৱিষ্কাৰ, সমকালীন ভাষা-সাহিত্য আৰু ভেষজ বিজ্ঞানৰ সাফল্য আদিৰ বিষয়ে বিবৰি কৈছিল। তেখেতে প্ৰায় আমাৰ লেখকক বিভিন্ন ধৰণৰ কিতাপ-পত্ৰ পঢ়িবলৈ উৎসাহিত কৰিছিল। আৰু প্ৰায় বিভিন্ন ধৰণৰ কিতাপ দি তেওঁক সহায় কৰিছিল।
ল’ৰালি কালত তেওঁৰ জীৱনত আৰু এজন লোকে বিশেষকৈ প্ৰভাৱ পেলাইছিল। তেওঁ হ’ল , এ পি জে আব্দুল কালামৰ খুৰাদেউৰ ল’ৰা চামচুদ্দিন। গোটেই ৰামেশ্বৰমত তেওঁয়েই আছিল একমাত্ৰ নিউজ পেপাৰ এজেন্সিৰ মালিক। ৰাতিপুৱা ৰামেশ্বৰমত আহি পোৱা বাতৰি কাকতসমূহ প্ৰায় এহেজাৰ শিক্ষিত মানুহৰ ঘৰত তেওঁ নিজ হাতেৰে বিলাইছিল।
১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ চলি থকাৰ সময়ত এ পি জে আব্দুল কালামৰ বয়স আছিল মাত্ৰ আঠ বছৰ। সেই সময়ত বজাৰত তেতেলী টেঙা গুটিৰ বজাৰ-ভাও হঠাতে বাঢ়ি যোৱাত তেওঁ তেতেলী টেঙাৰ গুটি সংগ্ৰহ কৰি মছজিদ গলিৰ গেলামালৰ দোকান এখনত বিক্ৰী কৰি দিনে যি এক অনাকৈ পাইছিল,তাৰে আহমেদ জালাল উদ্দিনে নিতৌ তেওঁৰ আগত বৰ্ণনা কৰা যুদ্ধৰ কাহিনীবোৰৰ বিষয়ে চামচুদ্দিনে বিতৰণ কৰা ” দিনমণি” কাকতখনৰ শীৰ্ষ বাতৰিবোৰৰ মাজত বিচাৰি পাইছিল। মুঠতে, তেওঁক চামচুদ্দিনে কাগজৰ নোৰা সংগ্ৰহ কৰি দুই পইচা অৰ্জন কৰিবলৈ শিকাইছিল।
প্ৰতিটো সন্তানে বিশেষ বিশেষ আৰ্থিক, সামাজিক আৰু ভাৱনাত্মক পৰিৱেশত কিছুমান বংশগত গুণ লৈ জন্ম গ্ৰহণ কৰে। এ পি জে আব্দুল কালামেও বংশগত ভাৱে তেওঁৰ দেউতাকৰ পৰা সাধুতা আৰু আত্মানুশাসনৰ গুণ, মাৰ পৰা দয়া আৰু ভগৱানৰ প্ৰতি অবিচল ভক্তিৰ ভাৱ লাভ কৰিছিল। কিন্তু তৎসত্ত্বেও তেওঁ আহমেদ জালাল উদ্দিন আৰু চামচুদ্দিনৰ সংস্পৰ্শত কটোৱা সময় বিলাকে তেওঁৰ শৈশৱকালটো অনিৰ্বচনীয় ৰূপত সমৃদ্ধিশালী কৰাত সহায় কৰিছিল।
সৰুতে তেওঁৰ তিনিজন ঘনিষ্ঠ বন্ধু আছিল — ৰামানন্দ শাস্ত্ৰী, অৰবিন্দন আৰু শিৱপ্ৰকাশন। তেওঁলোক তিনিজনেই আছিল ৰক্ষণশীল আৰু নৈষ্ঠিক ব্ৰাহ্মণ। বেলেগ বেলেগ ধৰ্মৰ আৰু ভিন ভিন পৰিৱেশতে ডাঙৰ-দীঘল হোৱা সত্ত্বেও শিশু হিচাপে তেওঁলোকে কোনো ভেদাভেদ ভাৱ বিচাৰি পোৱা নাছিল।
এ পি জে আব্দুল কালামে ৰামেশ্বৰমৰ প্ৰাথমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতে এদিনাখন তেওঁৰ শ্ৰেণীলৈ এজন নতুন ওজা আহিল। তেওঁ মূৰত মুছলমান মানুহে পিন্ধা টুপী পিন্ধি আগৰ বেঞ্চত বহি আছিল আৰু তেওঁৰ কাষতে বহিছিল গাত লগুণ পিন্ধা ৰামনন্দ শাস্ত্ৰী। সমাজত বৰ্ত্তি থকা হিন্দু-মুছলিম বা উচ্চ-নীচৰ ভেদাভেদ ভাৱ সম্পৰ্কে মনত পুহি ৰখা বদ্ধমূল ধাৰণাৰ বাবেই ওজাজনে এ পি জে আব্দুল কালামক পাছৰ বেঞ্চত বহিবলৈ নিৰ্দেশ দিছিল। লক্ষ্মনা শাস্ত্ৰীয়ে পুতেক ৰামানন্দ শাস্ত্ৰীৰ পৰা এই অভাৱনীয় ঘটনাৰ কথা জানিব পাৰি ওজা জনক ঘৰত মাতি আনি নিষ্পাপ শিশুৰ মাজত সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰা উচিত হোৱা নাই বুলি ভৰ্ৎসনা কৰিলে আৰু ৰুক্ষ ভাৱে তেওঁক ক্ষমা খুজিবলৈ বা সেইখন বিদ্যালয়ৰ পৰা লগতে সেই দ্বীপৰ পৰা আঁতৰি যাবলৈ হুকুম জাৰি কৰিলে।
তেওঁলোকৰ বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষক শিৱ সুব্ৰহ্মণ্য ৰামেশ্বৰমৰ কঠোৰ ৰক্ষণশীল সমাজৰ এজন কুলীন ব্ৰাহ্মণ হোৱা সত্ত্বেও একো ভেদাভেদ ভাৱ নৰখা, গুৰু-গোঁসাই নমনা বিপ্লৱী ভাৱাপন্ন আছিল। তেওঁ সকলোৰে লগত মিলামিছা কৰি ভাল পাইছিল আৰু সমাজৰ বৈষম্য দূৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই গৈছিল। এবাৰ তেওঁ এ পি জে আব্দুল কালামক ঘৰত মাতি পাগঘৰত বহুৱাই নিজ হাতেৰে খুওৱাই দিয়াত তেওঁৰ গোড়া পত্নীয়ে বিব্ৰত বোধ কৰি দূৰৰ পৰা চাই আছিল। তাৰ পিছৰ সপ্তাহত তেওঁৰ শিক্ষাগুৰুজনে তেওঁক ভাত খাবলৈ নিমন্ত্ৰণ কৰাত তেওঁ ইতস্ততঃ কৰাত শিক্ষাগুৰুয়ে ক’লে, ” আব্দুল, তুমি যদি সমাজৰ পৰিৱৰ্তন বিচৰা, বাৰে বাৰে এনেধৰণৰ সমস্যাৰ সন্মুখীন হ’বাই। “
ইয়াৰ পিছত, তেওঁক ৰামনাথপুৰমৰ শ্বাৰ্টজ হাইস্কুলত নামভৰ্তি কৰাই দিবলৈ আহমেদ জালাল উদ্দিন আৰু চামচুদ্দিনে তেওঁৰ লগত গৈছিল। জালাল উদ্দিনে প্ৰায় তেওঁক যোগাত্মক চিন্তাৰ কথা কৈছিল। ঘৰৰ কথা মনত পৰিলেই বা নিঃসঙ্গ অনুভৱ কৰিলে তেওঁৰেই উপদেশ মৰ্মে তেওঁ নিজৰ মনৰ ভাৱনা আৰু মস্তিষ্কক সুস্থিৰ ভাৱে ৰাখি নিজৰ ভাগ্যক প্ৰভাৱান্বিত কৰিবলৈ চেষ্টা কৰিছিল।
ৰামনাথপুৰমৰ শ্বাৰ্টজ হাইস্কুলত পঢ়ি থাকোঁতেই জীৱনৰ সম্ভাৱনীয়তা অথবা তাৰ বিকল্প সম্পৰ্কে লৈ ফুৰা এ পি জে আব্দুল কালামৰ দৰে ডেকা ছাত্ৰৰ বাবে তেওঁলোকৰ শিক্ষাগুৰু আয়াদুৰাই ছোলেইমান আছিল মাৰ্গদৰ্শন কৰা এজন আদৰ্শ ব্যক্তি। আয়াদুৰাই ছোলেইমানে প্ৰায় কৈছিল যে, জীৱনত কৃতকাৰ্যতা আৰু আৰু ইপ্সিত ফল লাভ কৰাৰ বাবে তিনিটা ঘাই শক্তি বা গুণ আয়ত্ত কৰিব লাগে। সেইবোৰ হ’ল- ইচ্ছা ,বিশ্বাস আৰু আশা। আৰু এই ইচ্ছা,বিশ্বাস আৰু আশাক পৰিপূৰ্ণ কৰিবলৈ বিভিন্ন উদাহৰণেৰে এই আদৰ্শ শিক্ষকজনে ছাত্ৰ-ছাত্ৰীৰ অন্তৰত পুহি থকা নিজ নিজ প্ৰতিভা বা সম্ভাৱনীয়তাৰ বোধ জন্মাইছিল। তেওঁ আৰ্হি হিচাপে আগবঢ়োৱা ইচ্ছা,বিশ্বাস আৰু আশাৰ ভিত্তিত এদিন এ পি জে আব্দুল কালামে আকাশত উৰি থকা সাৰেং আৰু শঙ্খচিল চৰাইবোৰে শূন্যমাৰ্গলৈ উৰি গৈ আকাশতে উৰি থকা প্ৰয়াসক নিৰীক্ষণ কৰি তেওঁৰ মনতো এদিন প্ৰত্যয় জন্মিছিল যে, গাঁৱৰ হোজা ল’ৰা হ’লেও তেৱোঁ এদিন আকাশৰ সমান উচ্চতালৈ উধাব পাৰিব।
১৯৫০ চনত ইণ্টাৰমিডিয়েট পঢ়িবলৈ তেওঁ চেন্ট্ জোছেফ কলেজত ভাগ্যৰ বলত ৰেভাৰেণ্ড ফাদাৰ টি.এন.চেক্কুৰিয়াৰ দৰে মহান অধ্যাপক জনক পাইছিল। তেৱেঁই তেওঁলোকৰ তিনি মহলীয়া ছাত্ৰাবাসত থকা এশজন মান ছাত্ৰৰ ৱাৰ্ডেন ( তত্বাবধায়ক) আছিল। ৰেভাৰেণ্ড ফাদাৰে নিতৌ ৰাতি হাতত বাইবেল এখন লৈ প্ৰতিজন ছাত্ৰৰ ওচৰলৈ গৈ তেওঁলোকৰ অভাৱ-অভিযোগৰ খবৰ লৈছিল। দীপান্বিতাৰ দিনাখন তেওঁৰ কথা মতে ছাত্ৰাবাসৰ ছাত্ৰ নায়ক ( Brother in charge) আৰু মেছৰ সকলো স্বেচ্ছাসেৱকে প্ৰতিটো কোঠালৈ গৈ পবিত্ৰ স্নান কৰাৰ বাবে প্ৰত্যেককে তিলৰ তেল দি আহিছিলগৈ।
কলেজৰ অন্তিম বৰ্ষ পাওঁতে আত্মকথা “অগ্নিৰ ডেউকা” লেখকৰ ইংৰাজী চৰ্চাৰ প্ৰতি ধাউতি হ’ল। তেওঁ সেই সময়তে টলষ্টয়, স্কট,হাৰ্দী আদি বিশ্ববিখ্যাত লেখাবোৰৰ ধ্ৰুপদী গ্ৰন্থবোৰ পঢ়ি তাৰ ৰসাস্বাদন কৰিছিল। ঠিক সেই সময়তে চেন্ট জোছেফ কলেজৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক চিন্না দুৰাই আৰু অধ্যাপক কৃষ্ণমূৰ্তিয়ে পদাৰ্থ বিজ্ঞানৰ পাঠ্যক্ৰমত থকা পদাৰ্থ বিশেষৰ অৰ্ধ জীৱন কালৰ ধাৰণা আৰু তাৰ তেজষ্ক্ৰিয়তাৰ ক্ষয় সম্পৰ্কে জ্ঞান দি তেওঁক পদাৰ্থ বিজ্ঞানৰ প্ৰতি আকৃষ্ট কৰিছিল। তেওঁ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিতত্ত্বৰ গ্ৰন্থবোৰ খুব মনোযোগেৰে পঢ়াৰ উপৰিও সৌৰজগতৰ গ্ৰহ,জ্যোতিষ্ক, নক্ষত্ৰপুঞ্জ, উপগ্ৰহবোৰৰ বিষয়ে অধ্যয়ন কৰি বৰ আনন্দ লভিছিল। এই কলেজত পৰা বি, এছ চি ( বিজ্ঞানৰ স্নাতক) ডিগ্ৰী লোৱাৰ পিছতহে তেওঁৰ আকাশত উৰা স্বপ্ন বাস্তবায়িত কৰিবলৈ তেওঁ ” মাদ্ৰাজ ইনষ্টিটিউট অৱ টেক্ ন’ লজিত ( Madras Institute of Technology) এম, আই টি ‘ ত নাম লগোৱাৰ বাচনি পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও কেৱল নাম ভৰ্ত্তি কৰোতে লগা এহেজাৰ টকা তেওঁৰ দেউতাকে দিবলৈ অপাৰগ হোৱাত তেওঁ হতাশ হৈ পৰিছিল। এনেতে তেওঁৰ বিবাহিতা ভনী জোহৰাই তাইৰ সোণৰ আ-অলঙ্কাৰ বন্ধকত থৈ এ পি জে আব্দুল কালামক অধ্যয়ন কৰাৰ সকলো সা-সুবিধা দিবলৈ আগবাঢ়ি আহিল। ‘এম, আই ,টি’ ত অধ্যয়ন কৰি থাকোঁতে তিনিজন শিক্ষাগুৰুৱে তেওঁৰ চিন্তা চেতনাক সংহত ৰূপ দিলে।
অধ্যাপক স্পন্দাৰে তেওঁক কাৰিকৰী বায়ু গতি বিজ্ঞান শিকাইছিল। ঘটনাক্ৰমে এৰো’ন’টিকেল বিভাগৰ মুৰব্বী জন আছিল অধ্যাপক ৱাল্টাৰ ৰেপেমথিন। আন এজন নামজ্বলা অধ্যাপক কুৰ্টটেঙ্কে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্যাপক ভাৱে ব্যৱহৃত জাৰ্মান ফ’ক্ উলফ্ এফ্, ডব্লিউ –১৯০ বোলা এখন আসনযুক্ত যুঁজাৰু বিমান নিৰ্মাণ কৰিছিল। অধ্যাপক কে, এ, ভি পান্দালা নামৰ স্ফূৰ্তিবাজ, বন্ধু-বৎসল আৰু উদ্যমী শিক্ষকজনে তেওঁক ‘ এৰ’- ষ্ট্ৰাকচাৰ ডিজাইন এণ্ড এনালাইছিছ বিষয় পঢ়াইছিল। বিশিষ্ট গণিতজ্ঞ অধ্যাপক নৰসিংহ ৰাওয়ে তেওঁক শিকাইছিল যে, এৰো’ন’টিকেল ডিজাইন পৰ্যালোচনাৰ সময়ত তেওঁ যাতে হাতত এখন ছুৰী আনে। এৰ’ ডাইনামিক ফ্ল’ৰ সমীকৰণৰ প্ৰমাণ সংগ্ৰহৰ বাবে অধ্যাপক নৰসিংহ ৰাওৰ পৰা সদুপদেশ নোপোৱা হ’লে তেওঁ হয়তো এই ৰূপকাত্মক যতন বা সাধনী লাভ কৰিব নোৱাৰিলেহেঁতেন।
‘এম ,আই, টি’ ত অধ্যয়নৰত অৱস্থাতে বিমান নিৰ্মাণৰ বিভিন্ন প্ৰকল্প বনাই থকাৰ সময়তে সমান্তৰাল ভাৱে এম আই টি – তামিল সংগম বোলা সাহিত্য চ’ৰা এটিয়ে অনুষ্ঠিত কৰা প্ৰতিযোগিতাত ” নিজৰ বায়ু জান নিজে নিৰ্মাণ কৰোঁ আহা” প্ৰবন্ধ লিখি তেওঁ প্ৰথম স্থান লাভ কৰিছিল।
‘এম, আই, টি’ ৰ পৰা নবিচ হিচাপে তেওঁ বাঙ্গালোৰৰ হিন্দুস্থান এৰ’ নো’টিকচ লিমিটেডলৈ( এইচ, এ , এল) গৈ ইঞ্জিন মেৰামতিৰ কাম, যেনে– পিষ্টন আৰু টাৰবাইন ইঞ্জিনৰ মেৰামতিৰ কাম আৰু গেছ ডাইনামিকচ্ , আফটাৰ বাৰ্ণিঙৰ কাৰ্যপ্ৰণালীত হোৱা প্ৰসাৰণ প্ৰক্ৰিয়া সম্পৰ্কীয় ধাৰণা লাভ আৰু লগতে ৰেডিয়েল ইঞ্জিন – কাম- ড্ৰাম্ অপাৰেশ্যনৰ প্ৰশিক্ষণো হৈছিল।
এইদৰে এ পি জে আব্দুল কালামৰ আত্মকথা অগ্নিৰ ডেউকা (Wings of fire) গ্ৰন্থত তেওঁৰ জীৱনৰ আৰম্ভনিৰ পৰা ছাত্ৰ-জীৱনৰ সফল সমাপ্তিৰ বিভিন্ন ঘটনা প্ৰবাহৰ প্ৰতিটো মুহূৰ্ত্ত অতি সাৱলীল আৰু চিত্তাকৰ্ষক ভাৱে প্ৰকাশ কৰিছে। পৰৱৰ্তী এই মহান মিছাইল বিজ্ঞানীজনৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম।