এ পি এছ চি কেলেংকাৰীৰ ৰাজসাক্ষী ডাঃ মৃগেন শইকীয়াৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- এ পি এছ চি কেলেংকাৰীৰ অন্যতম অভিযুক্ত তথা ৰাজসাক্ষী পশু চিকিৎসক ডাঃ মৃগেন শইকীয়াৰ মৃত্যু।মঙলবাৰে পুৱাৰ ভাগত গুৱাহাটী মহানগৰীৰ বতাহঘূলিৰ বাসগৃহত হৃদক্ৰিয়া বন্ধ হৈ আকস্মিক বিয়োগ ঘটে ডাঃ শইকীয়াৰ । মৃগেন শইকীয়াৰ মৃত্যুৰ লগে লগে যেন এ পি এছ চি কেলেংকাৰীৰ বহু অকথিত সত্য থাকি গ’ল অন্ধকাৰত। অসম লোক সেৱা আয়োগৰ গোচৰৰ ৰাজ সাক্ষী হ’ব বিচাৰিয়েই মৃগেন শইকীয়াই আত্মসমৰ্পণ কৰি বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ ওচৰত তেওঁৰ সাক্ষ্য প্ৰদান কৰিছিল। মৃগেন শইকীয়াৰ সেই সাক্ষৰ আধাৰতে বিপ্লৱ কুমাৰ শৰ্মাৰ আয়োগে গোটেই গোচৰটোৰ প্ৰতিবেদন প্ৰস্তুত কৰিছে।অসম লোক সেৱা আয়োগৰ কেলেংকাৰীৰ নায়ক ৰাকেশ পালৰ অতি ঘনিষ্ঠ ডাঃ মৃগেন শইকীয়াই বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ আগত দিয়া ভাষ্যক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ আছে। অথচ মৃগেন শইকীয়াৰ ভাষ্যক লৈয়ো মানুহৰ মনত বিভিন্ন সন্দেহ থাকি গ’ল। বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত উল্লেখিত ৰাকেশ পালৰ দুৰ্নীতিৰ সহযোগী ডা০ মৃগেন শইকীয়াৰ ভাষ্যক লৈ মানুহৰ মনত সন্দেহৰ সৃষ্টি হোৱাৰ কেইটাবাও কাৰণ আছিল। ২০১৫ ত উন্মোচিত এই কেলেংকাৰীকলৈ সৰৱ হোৱা নেতাক ২০১৪ তে ধন দিয়া বুলি স্বীকাৰোক্তি দিছে ডা০ মৃগেন শইকীয়াই। বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ৫০০ পৃষ্ঠাৰ পৰা ৫০৮ পৃষ্ঠাত এই বিষয়ে লিপিবদ্ধ হৈ আছে। য’ত মৃগেন শইকীয়াই গাড়ীচোৰ গোচৰত দুলাল বৰাক ২ লাখ আৰু কমল কুমাৰ মেধিক ৰাকেশ পালৰ হৈ ৩ লাখ টকা ২০১৪তে দিয়াৰ কথা উল্লেখ কৰিছিল। আনহাতে ৰাকেশ পালৰ নৈতিক চৰিত্ৰ সন্দৰ্ভত সাক্ষ্য দি গৈছে আয়োগৰ সন্মুখত। তেওঁ উল্লেখ কৰিছিল কিদৰে দুগৰাকী মহিলা প্ৰাৰ্থীয়ে ৰাকেশ পালৰ সৈতে ঘনিষ্ঠ, শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰিছিল। মন কৰিবলগীয়া যে এ পি এছ চি কেলেংকাৰীৰ মহানায়ক ৰাকেশ পাল গ্ৰেপ্তাৰ হোৱাৰ পিছতে প্ৰায় ৫ বছৰ ধৰি পলাতক অৱস্থাত আছিল মৃগেন শইকীয়া । পৰৱৰ্তী সময়ত ৰাজসাক্ষী হোৱাৰ মনেৰে আদালতত তেওঁ আবেদন কৰিছিল । কিন্তু ৰাজসাক্ষী হিচাপে অভিযুক্ত শইকীয়াই যি ভাষ্য প্ৰদান কৰিছিল, তাত পতিয়ন যোৱা নাছিল আদালত । সেয়ে আদালতে ডাঃ শইকীয়াৰ ৰাজসাক্ষীৰ আবেদন নাকচ কৰে । আদালতে সেই আবেদন নাকচ কৰাত জেললৈ যাব লগা হৈছিল এ পি এছ চি গোচৰৰ অন্যতম অভিযুক্ত পশু চিকিৎসক মৃগেন শইকীয়া । পৰৱৰ্তী পৰ্যায়ত বিপ্লৱ কুমাৰ শৰ্মা তদন্ত আয়োগৰ আগত ডাঃ শইকীয়াই যি সাক্ষ্য দিছিল, সেয়াই অসমৰ ৰাজনীতি শেহতীয়াকৈ তল ওপৰ কৰিলে । ডাঃ শইকীয়াৰ ভাষ্যকলৈ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে তদন্তৰ প্ৰতিবেদন প্ৰস্তুত কৰি দাখিল কৰিলে।সেই প্ৰতিবেদনৰ পৃষ্ঠাসমূহ পোহৰলৈ অহাৰ লগে লগেই গোটেই বিষয়টোৱেই আন দিশে গতি কৰিলে। সেয়ে মৃগেন শইকীয়াৰ লগতেই যে, অসম লোক সেৱা আয়োগৰ বিভিন্ন অকথিত আৰু সত্য হেৰাই গ’ল সেয়া স্পষ্ট। দুৰ্ভাগ্যজনক ভাৱে শইকীয়াৰ মৃত্যুত এ পি এছ চিৰ দুৰ্নীতিত জড়িত হৈ এতিয়াও মুকলিকৈ বৰ বৰ কথা কৈ থকা বহুতেই হয়তো স্বস্তিৰ নিশ্বাস এৰিছে।
